ৰহা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী গুনেশ্বৰ দাসৰ মিত্ৰজোঁটলৈ সমৰ্থন≈≈মহাজোঁটত মহাসংকটৰ সৃষ্টিৰে বিষ্ণু দাসৰ মুখত উজলিছে হাঁহি

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩০ মাৰ্চঃ অহা ১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ৮২ নং অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ৰহা সমষ্টিৰ ২,১৭,৫৮২ জন ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব চাৰি গৰাকী প্ৰাৰ্থীৰ । কালিলৈকে সমষ্টিটোত পাঁচগৰাকী লোক নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে চিহ্নিত আছিল যদিও শেহতীয়াকৈ সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী গুনেশ্বৰ দাসে বৰণ সলাই মিত্ৰজোঁটক সমৰ্থন জনোৱাৰ লগে লগে ৰহাত ব্যাপক ৰূপত সলনি হৈছে নিৰ্বাচনী প্ৰেক্ষাপট ৷ এইবাৰ নিৰ্বাচনত ১,১১,০৯৫ জন পুৰুষ আৰু ১,০৬,৪৮৪ গৰাকী মহিলাৰ লগতে ৩ গৰাকী তৃতীয় লিংগৰ ভোটাৰে ভোটদান কৰিব । ডি ভোটাৰৰ সংখ্যা ১,৬১৮ জন । প্ৰথম বাৰৰ বাবে নিৰ্বাচন আয়োগে প্ৰৱৰ্তন কৰা নিয়ম মতে এইবাৰ ৮০ ৰ ডেউনা পাৰ হোৱা ২৭২ গৰাকী জ্যেষ্ঠ ভোটাৰক আগতীয়াকৈ ঘৰে ঘৰে ভোটদানৰ সুবিধা প্ৰদানৰ ব্যৱস্থা গ্ৰহন কৰা হৈছে । এইবাৰৰ নিৰ্বাচনত শাৰীৰিক ভাৱে সক্ষম ৫২ জন লোকেও ভোটদান কৰিব । উল্লেখ্য, ২০১৬ চনৰ নিৰ্বাচনত সমষ্টিটোৰ ভোটাৰ আছিল ১,৮৮,৬৫০ জন । এতিয়া পাচঁ বছৰত বৃদ্ধি হল ২৮,৯৩২ জন ভোটাৰ । যোৱা ২০১৬ চনৰ নিৰ্বাচনত সমষ্টি টোৰ ভোটাৰ ২০১১ চনৰ তুলনাত বৃদ্ধি হৈছিল ১৬,৯৪৩ জন । এইবাৰ ২৫০ টা স্থায়ী ভোটকেন্দ্ৰ আৰু ৫৬ টা অস্থায়ী ভোটকেন্দ্ৰ সহ মুঠ ৩০৬ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হব ।সমষ্টিটোৰ ১৩২ টা কেন্দ্ৰত ভোটগ্ৰহণৰ সময়ত ৱেভকেমৰ জৰিয়তে অনলাইন যোগে ৰেকৰ্ডিঙৰ ব্যৱস্থা গ্ৰহণৰ কামো চলিব বুলি জানিব পৰা গৈছে । কমন চাৰ্ভিচ চেন্টাৰৰ জৰিয়তে এই কাম কৰাৰ বাবে প্ৰস্তুতি চলিছে ।জিপিআৰএচৰ লগতে প্ৰতিটো ভোটকেন্দ্ৰৰ ভিতৰত ম’বাইল টাৱাৰৰ ডাউনল’ড আৰু আপল’ডৰ এম বি পি এচ ৰ গতিশক্তিৰ পৰীক্ষা কৰি প্ৰতিবেদন দিয়া হৈছে । প্ৰয়োজন হলে ভোটকেন্দ্ৰৰ কাষত থকা মবাইল টাৱাৰৰ শক্তি বৃদ্ধিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও কাম কৰা হৈছে ৷ সমষ্টিটোত পাঁচজন প্ৰাৰ্থীয়ে প্ৰতিদন্দ্বিতা আগবঢ়াইছে যদিও নিৰ্বাচনলৈ মাজত এটা দিন বাকী থকা মুহূৰ্তত একালৰ সমষ্টিটোৰ এ আই ইউ ডি এফৰ বিধায়ক গুনেশ্বৰ দাসে টিকট বঞ্চিত হৈ নিৰ্দলীয় ৰূপত প্ৰাৰ্থীত্ব আগবঢ়াই নিজৰ পক্ষত নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি সমষ্টিটোত একপ্ৰকাৰ সংখ্যালঘু ভোটাৰ ৰাইজৰ আশীৰ্বাদ বুটলাৰ সময়তে হঠাৎ দাসে আজি মিত্ৰজোঁটৰ পক্ষত অৱস্থান কৰাৰ খবৰে মিত্ৰজোঁটলৈ কঢ়িয়াই আনিছে অসীম উৎসাহ-উদ্দীপনা ৷ সমানেই দাসৰ মিত্ৰজোঁট গমনে মহাজোঁটক যথেষ্ট পৰিমাণে কৰি তুলিছে উদ্বিগ্ন ৷ ইয়াৰ পূৰ্বে সমষ্টিটোত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনাই প্ৰবল আছিল যদিও বৰ্তমান মূল যুঁজখন তিনিৰ পৰা হ্ৰাস হৈ কংগ্ৰেছৰ মহাজোঁট আৰু বিজেপিৰ মিত্ৰজোঁটৰ মাজতেই সীমাবদ্ধ থকাটো নিশ্চিত হৈ পৰিছে । উল্লেখযোগ্য যে অগপ-বিজেপি মিত্ৰজোঁটে ৰাইজৰ আস্থা আৰু মৰম বুটলি ইতিমধ্যে সমষ্টিটোত নিজৰ শক্তি বৃদ্ধিৰে নিৰ্বাচনী ৰণচালি চুকে-কোনে বিয়পাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ সময়তে এ আই ইউ ডি এফৰ পৰা টিকট নাপাই নিৰ্দলীয় হিচাপে থিয় হৈ সংখ্যালঘু ৰাইজৰ আস্থাভাজন হৈ পৰা গুণেশ্বৰ দাসৰ মিত্ৰজোঁট গমনত একপ্ৰকাৰ উৰুলিকৃত হৈ পৰিছে মিত্ৰজোঁটৰ সকলো নেতা-কৰ্মী ৷ সমষ্টিটোত আকস্মিকভাৱে পট-পৰিৱৰ্তন ঘটাত নিষ্প্ৰভ হোৱা পৰিলক্ষিত হৈছে মহাজোঁট ৷ কাৰণ কংগ্ৰেছ, এ আই ইউ ডি এফৰ মহাজোঁটৰ মাজত তীব্ৰ অথন্তৰ ঘটাইছে মিত্ৰজোঁটলৈ আগমন ঘটা নিৰ্দলীয় প্ৰাৰ্থী গুণেশ্বৰ দাসে ৷ সমষ্টিটোত এ আই ইউ ডি এফৰ পৰা পূৰ্বতে বিধায়ক হিচাপে জয় লাভ কৰি এক নজিৰ সৃষ্টি কৰি থোৱা বিশিষ্ট সমাজকৰ্মী গুণেশ্বৰ দাসক এইবাৰ এ আই ইউ ডি এফৰ মহাজোঁটে গুৰুত্বহীন কৰি টিকটৰ পৰা বঞ্চিত কৰাত দাসেও নিজৰ শক্তি প্ৰমাণ কৰি নিৰ্দলীয় ৰূপত থিয় হৈও অৱশেষত মিত্ৰজোঁটক সমৰ্থন আগবঢ়োৱাত অৱধাৰিতভাবেই মহাজোঁটত মহাসংকটে দেখা দিছে ৷ প্ৰণিধানযোগ্য যে, ২০০৬ চনত ৩২,৯৭২ টা ভোট পাই পাঁচ বছৰৰ বাবে এ আই ইউ ডি এফ দলৰ পৰা নিৰ্বাচিত হৈ বিধায়ক হোৱা গুনেশ্বৰ দাসে সংখ্যালঘুৰ লগতে হিন্দু ভোটাৰৰ ভোটো লাভ কৰি বিধায়ক হোৱাৰ পাছত ২০১১ চনত  এ আই ইউ ডি এফৰ পৰা প্ৰতিদন্দ্বিতা কৰি ৩৮,৪৪৭ টা ভোট লাভ কৰে যদিও কংগ্ৰেছৰ পীয়ুষ হাজৰিকাৰ হাতত পৰাস্ত হয় । ২০১৬ চনৰ বিধান সভা নিৰ্বাচনতো এ আই ইউ ডি এফৰ হৈ প্ৰতিদন্দ্বিতা কৰি ৩৮,৭৬৭ টা ভোট লাভ কৰা গুনেশ্বৰ দাসে বিজেপিৰ ডিম্বেশ্বৰ দাসৰ হাতত পৰাজিত হৈ ২০১৭ চনত কংগ্ৰেছত যোগদান কৰে ৷ মন কৰিবলগীয়া যে, সমষ্টিটোত দুটা দলৰ হৈ কাম কৰা গুনেশ্বৰ দাস সমষ্টিবাসীৰ প্ৰতিটো চুক-কোনৰ ভোটাৰৰ লগত পৰিচিত আৰু আটাইকেইজন প্ৰাৰ্থীৰ ভিতৰতে অভিজ্ঞ ব্যক্তি । সেয়ে হিন্দু-মুছলমান ভোটাৰৰ সকলোৰে প্ৰিয় গুনেশ্বৰ দাসে প্ৰায় ৮২ হাজাৰ মুছলমান ভোটাৰৰ যথেষ্ট সংখ্যক মুছলমান ভোট মিত্ৰজোঁটলৈ কঢ়িয়াই আনিবলৈ সক্ষম হ’লে কংগ্ৰেছ মহাজোঁটৰ প্ৰতি প্ৰত্যাহ্বান যে হ’ব ই ধুৰুপ ৷ আনহাতে, ১ লাখ ৩৫ হাজাৰ হিন্দু ভোটাৰৰ গৰিষ্ঠসংখ্যক ভোট মিত্ৰজোঁটে লাভ কৰিলে মহাজোঁটৰ প্ৰতি মহাকাল হৈ পৰিব ৷ অৱশ্যে নিজৰ অতীতৰ আধিপত্য বিস্তাৰ কৰিবলৈ মৰণপণ চেষ্টা অব্যাহত ৰখা নিৰ্দলীয় প্ৰাৰ্থী গুনেশ্বৰ দাসে এ আই ইউ ডি এফৰ পৰা লাভ কৰা অসন্মানৰ পোতক তুলিবলৈ সমষ্টিটোক বিশেষৰূপত প্ৰতিনিধিত্ব কৰি অহা সংখ্যালঘু বসতিপ্ৰধান গৰুবাট মৌজাৰ ৰাইজৰে আছে গুনেশ্বৰৰ এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৷ সেই সম্পৰ্কৰ আধাৰতেই ভোটাৰ ৰাইজে গুনেশ্বৰৰ লগত বৰ্তমান পৰ্যন্ত সঘন যোগাযোগ ৰক্ষা কৰি  মহাজোঁটৰ প্ৰাৰ্থী শশী দাসৰ সমৰ্থকৰ নিদ্ৰা হৰণ কৰাৰ সমান্তৰালভাৱে মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী বিষ্ণু দাসক জয়ী কৰি অনাৰ বাবে সম্ভাৱ্য সকলো পৰিকল্পনা যুগুতাই উলিওৱা বুলি জানিব পৰা গৈছে ৷ যি কি নহওক কিয় গুনেশ্বৰৰ মিত্ৰজোঁটলৈ সমৰ্থনে মহাজোঁটক একপ্ৰকাৰ ধৰাশায়ী কৰাৰ বিপৰীতে মিত্ৰজোঁটক এক নতুন গতিশীলতা প্ৰদান কৰাত শেহতীয়াকৈ ৰহা সমষ্টিত মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী বিষ্ণু দাস মহাজোঁটৰ কংগ্ৰেছ প্ৰাৰ্থী শশী দাসৰ বাবে হৈ পৰিছে এতিয়া মূৰৰ কামোৰণি ৷
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা