FNR ৰ প্ৰতিবেদনৰ আশংকা সত্যত পৰিণত : ম্যানমাৰৰ অস্থিৰতাই বিপদ মাতিছে উত্তৰ-পূৱৰ

ষ্টাফ ৰিপোৰ্টাৰ : ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰত শাসনভাৰ সেনাই হস্তগত কৰাৰ পিছতেই firstnewsreport ৰ প্ৰতিবেদনত উত্তৰ পূৱৰ প্ৰতি ভাবুকিৰ বিষয়টো সকীয়াই দিয়া হৈছিল। এই আশংকা যেন ক্ৰমান্বয়ে সত্যত পৰিণত হব ধৰিছে। ম্যানমাৰৰ ৰাজনৈতিক অস্থিৰতাৰ বাবে শতাধিক অনুপ্ৰৱেশকাৰী ভাৰতত প্ৰৱেশ কৰিছে অথবা কৰাৰ চেষ্টা চলাইছে বুলি চিন্তিত হৈছে মণিপুৰ-মিজোৰাম। দেশখনৰ নাগৰিকে ভাৰতলৈ পলায়ন কৰা দেখি মণিপুৰ চৰকাৰে ৰাজ্যখনৰ সীমান্তৱৰ্তী ৫ খনকৈ জিলাৰ আয়ুক্তলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। য’ত কেৱল মানৱীয় বা চিকিৎসাৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰিহে ম্যানমাৰৰ নাগৰিকক প্ৰৱেশ কৰিবলৈ কোৱা হৈছে। ৰাজ্যখনৰ গৃহ সচিব এইচ জ্ঞান প্ৰকাশৰ দ্বাৰা লিখা পত্ৰখনত কোৱা হৈছে যে ম্যানমাৰৰ পৰা অনুপ্ৰৱেশ কৰিব লোৱা লোকসকলক ভাৰতত প্ৰৱেশ কৰিবলৈ নিদিয়ে। লগতে শৰণাৰ্থীসকলৰ বাবে সাহায্য শিৱিৰ নিৰ্মাণ অথবা খাদ্য, পানীৰ ব্যৱস্থা নকৰিবলৈও নিৰ্দেশ দিয়া হৈছে। চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা হোৱামতে মণিপুৰৰ সীমান্তৱৰ্তী বিভিন্ন অঞ্চলত শতাধিক লোক অনুপ্ৰৱেশ ঘটাই বিভিন্ন স্থানত আছে। তিনিগৰাকীকৈ গুলীৱিদ্ধ লোক বৰ্তমান মণিপুৰৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আনকি মহিলা-শিশুৰ দলো ভাৰতৰ সীমাত প্ৰৱেশৰ চেষ্টা চলাই আছে। এনে পৰিঘটনাসমূহে এতিয়া সীমান্তৱৰ্তী ভাৰতীয় ৰাজ্যসমূহক চিন্তিত কৰি তুলিছে। এৰিবও নোৱাৰা-ধৰিবও নোৱাৰা অৱস্থাত আহিছে সকলো। সমান্তৰালকৈ অনুপ্ৰৱেশৰ সমস্যাত চিন্তিত সকলো।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা