গোৱালপাৰাত পোষ্টেল বেলট যোগে ভোট সংগ্ৰহ অভিযান আৰম্ভ

গোৱালপাৰা নিৰ্বাচনী জিলাৰ চাৰিওটা বিধান সভা সমষ্টিৰ বাবে আজিৰে পৰা পোষ্টেল বেলটযোগে ভোটদান কৰিব খোজা ভোটাৰ সকলৰ ঘৰে ঘৰে গৈ ভোট সংগ্ৰহ অভিযান আৰম্ভ কৰিছে ৷ গোৱালপাৰা জিলাৰ ৩৬ নং দুধনৈ সমষ্টিত ২৪৬ গৰাকী , ৩৭ নং গোৱালপাৰা পূৱত ৩১৯ গৰাকী , ৩৮ নং গোৱালপাৰা পশ্চিমত ২৮১ গৰাকী আৰু ৩৯ নং জলেশ্বৰ সমষ্টিত ১৯৬ গৰাকী ৮০ বছৰৰ উৰ্দ্ধৰ বয়োজ্যেষ্ঠ আৰু বিশেষ ভাবে সক্ষম লোকে পোষ্টেল বেলট যোগে ভোটদান কৰিব ৷ ইয়াৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনৰ ১২১ গৰাকী চেক্টৰ বিষয়া , ৩০ গৰাকী মাইক্ৰ’ পৰ্যবেক্ষক আৰু ৬০ গৰাকী ভোট গ্ৰহণ কাৰী বিষয়া নিযুক্ত হৈ আছে ৷ ভোট গ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত ভোটগ্ৰহণকাৰী প্ৰতিটো দলত সংশ্লিষ্ট এলেকাৰ বি.এল.অ গৰাকী , নিৰাপত্তাৰক্ষী আৰু একোগৰাকী ভিডিঅ'গ্ৰাফাৰ লগত থাকে ৷ পোষ্টেল বেলট যোগে ভোটদান প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ, নিকা আৰু প্ৰভাৱমুক্তভাৱে তথা গোপনীয়তা ৰক্ষা কৰিবৰ বাবে ইয়াৰ লগত জড়িত বিষয়া কৰ্মচাৰী সকলক ইতিমধ্যে প্ৰশিক্ষণ দিয়া হৈছে ৷ ২৬ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ চলিবলগীয়া এই পোষ্টেল বেলটৰ ভোট সংগ্ৰহৰ ক্ষেত্ৰত গোৱালপাৰা জিলা নিৰ্বাচনী বিষয়া বৰ্ণালী ডেকাৰ তত্ত্বাৱধানত সকলো ধৰণৰ সতৰ্কতা অৱলম্বন কৰা হৈছে৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, First News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা