ভেলাখামাৰৰ ধৰ্মপ্ৰাণা মহিলা মোহিনী বালা শৰ্মাৰ পৰলোক

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ কাষৰীয়া ভেলাখামাৰ গাৱঁৰ ধৰ্মপ্ৰাণা মহিলা মোহিনী বালা শৰ্মাৰ যোৱা নিশা দেহাৱসান ঘটে ৷ ভেলাখামাৰ ছোৱালী মজলীয়া বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক ৰূপে অবসৰ গ্ৰহণ কৰা প্ৰয়াত ৰৱীন্দ্ৰ নাৰায়ণ দেৱ শৰ্মাৰ সহধৰ্মিনী মোহিনী বালা শৰ্মাৰ মৃত্যুত অঞ্চলটোত শোঁকৰ ছাঁ পৰে ৷ উল্লেখ যোগ্য যে বিগত প্ৰায় এবছৰে বাৰ্ধ্যকজনিত ৰোগত শয্যাশায়ী হৈ থকা বয়োজ্যেষ্ঠা মহিলা গৰাকীয়ে যোৱা নিশা প্ৰায় ২ বজাত শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত মহিলা গৰাকীৰ বয়স আছিল ৯২ বছৰ ৷ মৃত্যুৰ সময়ত প্ৰয়াত মোহিনী বালা শৰ্মাই চাৰি পুত্ৰ, দুই কন্যা,বোৱাৰীসহ ভালে কেইগৰাকী নাতি-নাতিনী, আত্মীয় কুটুম্ব ইহ সংসাৰত এৰি থৈ যায় ৷ আজি দুপৰীয়া বৃদ্ধা গৰাকীৰ শেষ কৃত্য সম্পন্ন কৰা হয় ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,First news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা