আমি ব্ৰাজিল , শংকৰ প্ৰসাদ ৰায় বঙাইগাঁও : ফণীভূষণ চৌধুৰী

বঙাইগাঁৱত বিশাল সমদলেৰে মনোনয়ন পত্ৰ দাখিল কৰিলে ফণীভূষণ চৌধুৰীয়ে 

বঙাইগাঁৱত নিষ্প্ৰভ খেলা হ'ব , গল আমি দিম

আমি ব্ৰাজিল , শংকৰ প্ৰসাদ ৰায় বঙাইগাঁও 

এইবাৰ ৫০ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হ'ম 

বঙাইগাঁওঃ ১৯ মাৰ্চঃ বঙাইগাঁও বিধান সভা সমষ্টিত আজি নিজৰ শক্তি প্ৰদৰ্শন কৰিলে অসম গণ পৰিষদৰ অবিসম্বাদী নেতা, বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ৷  একেৰাহে ৩৫ বছৰ ধৰি  নিজৰ দখলত ৰখা ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিটোৰ বিধায়কগৰাকীয়ে আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা কেইবা সহস্ৰাধিক দলীয় কৰ্মী আৰু সমৰ্থকক লগত লৈ বিশাল সমদল কৰি অষ্টম বাৰৰ বাবে সমষ্টিটোৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে জিলা উপায়ুক্ত কাৰ্যালয়ত জিলা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে ৷ মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে বঙাইগাঁও চহৰৰ বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰৰ পৰা চহৰৰ মাজেৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ গাতে লাগি থকা গান্ধী ময়দানলৈ এক বিশাল সমদল উলিয়ায় ৷ এই সমদলত অগপ দলৰ লগতে মিত্ৰ দল বিজেপি আৰু ইউপিপিএলৰ পাঁচ সহস্ৰাধিক কৰ্মীয়ে  অংশগ্ৰহণ কৰে ৷প্ৰাৰ্থীগৰাকীক লৈ উলিওৱা জনসমাগমে সমষ্টিটোত যে অগপ দলৰ ভেঁটি আজিও শক্তিশালী তাকে প্ৰমাণ কৰে ৷ ইপিনে অগপ নেতাগৰাকীয়ে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰি সংবাদ মাধ্যমৰ আগত বৃহৎ ব্যৱধানত জয়ী হ'ব বুলি দাবী কৰি কয় যে ব্যৱধান কিমান হ'ব কোৱাটো কঠিন ৷ কিন্তু তথাপিতো আশ্বস্ত কৰিব বিচাৰিছো যে যোৱাবাৰ যিটো ব্যৱধানত আমি জয়ী হৈছিলো, এইবাৰ তাতকৈ বহু বেছি ব্যৱধানত আমি জয়ী হ'ম ৷ কাৰণ এই কাৰণে আমি জয়ী হ'ম বুলি অনুভৱ কৰিছো যে এইবাৰ আমাৰ যিটো মিত্ৰ জোঁট এই মিত্ৰ জোঁটৰ প্ৰতি ৰাইজৰ যিটো সহাৰি , ৰাইজৰ যিটো সমৰ্থন তথা উৎসাহ এইটোৱে প্ৰমাণ কৰে যে যোৱা বাৰতকৈ এইবাৰ আমাৰ ব্যৱধান বেছি হ'ব ৷ তেওঁ আৰু কয় যে পূৰ্বৰ নিৰ্বাচনৰ ফলাফলবিলাক চালে দেখিব যে আমাৰ ভোটৰ ব্যৱধান ক্ৰমাগতভাৱে বৃদ্ধি পাই আছে ৷ এইবাৰ কমেও ৫০ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হ'ম আৰু এই কথাখিনি লিখি ৰাখিব ৷ 

আনহাতে বঙাইগাঁৱত কংগ্ৰেছ দলৰ প্ৰাৰ্থী শংকৰ প্ৰসাদ ৰায়ে আৰম্ভ কৰা 'খেলা হবে' মন্তব্যৰ প্ৰত্যুত্তৰত অগপ নেতাগৰাকীয়ে কয় যে 'খেলাতো হবে '৷ নিৰ্বাচনততো খেলা হয়েই ৷ কিন্তু খেলাখন দুটা দলৰ মাজত হয় ৷ এটা যেতিয়া অধিক শক্তিশালী হয় আৰু এটা যেতিয়া একেবাৰে দুৰ্বল হয় তেতিয়া খেলাখন আকৰ্ষণীয় নহয় ৷ ব্ৰাজিল আৰু বঙাইগাঁৱৰ মাজত যদি খেলা হয় তেতিয়াহলে সেই খেলাখন নিষ্প্ৰভ খেলা হ'ব ৷ গতিকে আমি ব্ৰাজিল আৰু শংকৰ প্ৰসাদ ৰায় বঙাইগাঁও ৷ ব্ৰাজিল আৰু বঙাইগাঁৱৰ মাজত খেলা হ'ব ৷ বাস্তৱিকতে সেইখন এখন নিষ্প্ৰভ খেলা হ'ব ৷ কাৰণ এইবাৰ অগপ - বিজেপি আৰু ইউপিপিএল মিত্ৰ জোঁটৰ যিটো শক্তি এই শক্তিৰ তুলনাত কংগ্ৰেছেই হওক বা অন্যান্য দলৰেই হওক, তেওঁলোকৰ শক্তি একেবাৰেই কম ৷ গতিকে ইয়াত যিখন খেলা হ'ব বুলি কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে কৈছে এইখন কোনো উত্তেজনাপূৰ্ণ খেলা নহয় ৷ জনসাধাৰণে খেলা আৰম্ভ হোৱাৰ আগতেই পূৰ্ব অনুমান কৰি লৈছে যে শংকৰ প্ৰসাদ ৰায় জিকিব নোৱাৰে ৷ কাৰণ শংকৰ প্ৰসাদ ৰায়ক গৰিষ্ঠ সংখ্যক লোকে প্ৰাৰ্থিত্ব প্ৰদান কৰাত অসন্তুষ্ট ব্যক্ত কৰিছে আৰু তেওঁক ভোট নিদিয়ে বুলি আমি উমান পাইছো ৷ সেয়ে নিশ্চিতভাৱে গলটো আমি দিম ৷ মই নহয় অসম গণ পৰিষদ দলে গলটো দিব , বঙাইগাঁওবাসী ৰাইজে গল দিব৷ 

ইপিনেগোটেই অসমত যোৱাবাৰতকৈ এইবাৰ অগপ দলৰ আসন বৃদ্ধি পাব বুলিও দলটোৰ নেতাগৰাকীয়ে উল্লেখ কৰি কয় যে যোৱাবাৰ চৈধ্যখন আছিল যদিও এইবাৰ বৃদ্ধি পাব ৷ বিশেষকৈ নামনি অসমৰ বৰপেটা ,বঙাইগাঁও , গোৱালপাৰ আৰু মানকাচাৰ এই চাৰিখন জিলাৰ পৰা অগপ বিধায়কৰ সংখ্যা বৃদ্ধি পাব ৷ যোৱাবাৰ বৰপেটা আৰু বঙাইগাঁও সমষ্টিতহে আমি আছিলো ৷ 

অগপ বিধায়কগৰাকীক সমষ্টিটোত এইবাৰ নিৰ্বাচনত তেওঁৰ মূল প্ৰতিদ্বন্দ্বি কোন হ'ব বুলি সাংবাদিকে সোধাত অগপ বিধায়কগৰাকায়ে কয় যে মূল প্ৰতিদ্বন্দ্বি কোন হ'ব সেই কথাটো মই নকওঁ ৷ কাৰণ প্ৰতিন্দ্বন্দ্বি বুলি কলে আচলতে প্ৰতিপক্ষ শক্তিশালী হ'ব লাগিব ৷ যেনেকৈ ব্ৰাজিল আৰু আৰজেণ্টিনাৰ মাজত যদি এখন খেলা হয় তেতিয়াহলে খেলখন উত্তেজনাপূৰ্ণ হয় ৷ খেলখনত কোন জিকিব কোন হাৰিব কথা নাই ৷ ইয়াত আমি পূৰ্ব অনুমান কৰিছো যে আমি জয়ী হ'ম ৷ মূল প্ৰতিদ্বন্দ্বি কোন হয় পিচৰ কথা ,কিন্তু দ্বিতীয় স্থানত কংগ্ৰেছে থাকিব ৷

আনহাতে অগপল দল ত্যাগ কৰি অজাপৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা দীপু চৌধুৰী সন্দৰ্ভত  কয় যে ইয়াৰ আগতেও আমাৰ দলৰ এজন সভাপতি দলৰ পৰা ওলাই গৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল ৷ তেওঁ কেইটা ভোট পাইছিল সেয়া সকলোৱে জানে ৷ এইগৰাকী প্ৰতিনিধি অহা দুই মেত যেতিয়া নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব তেতিয়া গম পাব ৷ নিজকে তেওঁ বহু জ্ঞানী আৰু জনা বুলি ভাৱে আৰু গোটেই বঙাইগাঁওৰ জনসাধাৰণ যেন তেওঁৰ কাষত ঠিয় হৈ আছে তেনে অনুভৱ কৰিছে ৷ কিন্তু এইগৰাকী মানুহে পৌৰ সভাৰ সভাপতি হৈ থকা কাৰ্যকালত বঙাইগাঁৱৰ কি উন্নয়ন সাধান কৰিলে বা বঙাইগাঁৱত তেওঁ কেনে ধৰণৰ কাম কাজ কৰিছিল এই কথাখিনি পৌৰ সভাৰ জনসাধাৰণক সুধিলেই জানিব পাৰিব ৷ পৌৰ সভা এলেকাৰ জনসাধাৰণৰ যি ৪০ হাজাৰ ভোট আছে তাৰে তেওঁ ৫ শতাংশ ভোট পায় নে নাই তাতো সন্দেহ আছে ৷ 

বঙাইগাঁৱত ষ্টাৰ কেম্পেইনাৰৰ দৰকাৰ আছে নেকি বুলি সোধা প্ৰশ্নত্তোৰত বিধায়ক তথা মন্ত্ৰীগৰাকীয়ে কয় যে আমি ভাবো নাই ৷ আজিও আমি কোনো ষ্টাৰ কেম্পেইনাৰ অনা নাই ৷ ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটা লোক সভা সমষ্টিৰ যিগৰাকী পৰ্যৱেক্ষক তেওঁ আমাৰ ইয়াত ষ্টাৰ কেম্পেইনাৰ হিচাপে আজি যিখিনি ৰাইজ এক গোট হৈছিল সেই ৰাইজক উদ্দেশ্যি দুটামান কথা কৈ ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছে ৷ এইখিনিয়েই ৷ উল্লেখ্য যে মনোনয়ন পত্ৰ দাখিল কাৰ্যসূচীত বঙাইগাঁও জিলা বিজেপিৰ বিষয়ববীয়াও উপস্থিত থাকে ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা