নিউ বঙাইগাঁও ৰে'লৱে জংচনত ৰে'লৰ ডবাৰ পৰা সুৰাসহ দুজনক আটক

নিজকে দিছিল সেনা বাহিনীৰ লোক বুলি পৰিচয় 

 বঙাইগাঁওঃ ২৫ মাৰ্চঃ নিউ বঙাইগাঁও ৰেলৱে জংচনত আজি ০২৫১৪ নম্বৰ নামনিমুৱা ছেকেন্দ্ৰাবাদ এক্সপ্ৰেছ ৰে'ল খনৰ পৰা দুজন ভুৱা সেনা বাহিনীৰ লোকক ষ্টেটিক ছাৰ্ভিলেন্সৰ দলে আটক কৰাৰ লগতে লোক দুজনৰ পৰা বৃহৎ পৰিমাণৰ বিলাতী সুৰাও জব্দ কৰে ৷ প্ৰাপ্ত বাতৰি অনুসৰি ৰে'লখনত তালাচী চলাই থকা ষ্টেটিক ছাৰ্ভিলেন্সৰ দলটোৱে সাধাৰণ শ্ৰেণীৰ ডবাত তালাচী চলাওঁতে সুশান্ত প্ৰধান আৰু দেৱ প্ৰধান প্ৰসাদ নামৰ দুজন ব্যক্তিয়ে কঢ়িওৱা তিনিখন বেগৰ পৰা ১৩৪ টা বিলাতী সুৰা উদ্ধাৰ কৰে ৷ ব্যক্তি দুজনে  প্ৰথমে নিজকে সেনা বাহিনীৰ লোক বুলি পৰিচয় দিছিল যদিও তেওঁলোকে সেনা বাহিনীৰ কোনো সঠিক পৰিচয় পত্ৰ প্ৰদান কৰিব পৰা নাছিল ৷ ইয়াৰ পিছতে ছাৰ্ভেলেন্সৰ দলটোৱে  সুশান্ত প্ৰধান আৰু দেৱ প্ৰধান প্ৰসাদ নামৰ লোক দুজনক আটক কৰে ৷ সুৰা খিনি অৰুণাচলৰ পৰা লৈ অহাৰ লগতে উৰিষ্যাৰ কটকলৈ লৈ গৈ আছিল বুলি ধৃত ব্যক্তি দুজনে স্বীকাৰ কৰে ৷ 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা