জুৰীয়াত অসম জাতীয় পৰিষদৰ বিশাল নিৰ্বাচনী সভা

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ মাৰ্চঃ ৰূপহীহাট সমষ্টিৰ জুৰীয়া খেলপথাৰত আজি অসম জাতীয় পৰিষদৰ এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয়। অগণন জনতাৰ উপস্থিতিৰে জনসমুদ্ৰত পৰিণত হৈ পৰে জুৰীয়া খেল পথাৰ। উক্ত সভাত হেলিকপ্তাৰ যোগে আহি উপস্থিত হোৱাৰ কথা আছিল অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদ। কিন্তু দুৰ্ভাগ্যবশতঃ হেলিকপ্তাৰৰ কোনো যান্ত্ৰিক বিজুতি ঘটাৰ বাবে উপস্থিত হ'ব নোৱাৰে অজাপৰ সভাপতি গৰাকীয়ে। সেয়ে টেলিফোনিক বাৰ্তালাপেৰে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে সভাত উপস্থিত হ'ব নোৱাৰাৰ কাৰণ সম্পৰ্কে জনাই কংগ্ৰেছ -বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি সাম্প্ৰদায়িক শক্তিৰ বিৰূদ্ধে জাতীয় পৰিষদৰ পক্ষত ৰূপহীহাট বাসীক ভোট প্ৰদান কৰিবলৈ আহ্বান জনাই। ইফালী, ৰূপহীহাট সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ড° ছফিকুল ইছলামেও নিৰ্বাচনী সভাখনত অজাপৰ সভাপতি গৰাকী উপস্থিত নোহোৱাৰ কাৰণ সম্পৰ্কে জনাই সমষ্টিটোৰ সমস্যা সমূহৰ কথা দোহাই দি সমষ্টিটোৰ এশ শতাংশ লোক তেওঁৰ লগত আছে বুলি উল্লেখ কৰে। উল্লেখ্য, যুৱনেতা লুৰিণজ্যোতি গগৈ উক্ত সভাত উপস্থিত নোহোৱাত ৰাইজ হতাশ হৈ সভা এৰি যোৱা পৰিলক্ষিত হয় যদিও উক্ত নিৰ্বাচনী সভাখন ৰূপহীহাট সমষ্টিত প্ৰতিটো ৰাজনৈতিক দলৰ  ভিতৰত আটাইতকৈ সৰ্ববৃহৎ নিৰ্বাচনী সভাৰূপে পৰিগণিত হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা