প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আক্ৰাছু আৰু অন্তৰ্ৱৰ্তীকালীন কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ বিজেপি মিত্ৰ জোটক সমৰ্থন

বঙাইগাঁওঃ ২৪ মাৰ্চঃ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই মঙলবাৰে বঙাইগাঁৱত এখন সংবাদ মেল অনুষ্ঠিত কৰি জনজাতিকৰণ আৰু কমতাপুৰৰ সমস্যা সমাধানৰ ক্ষেত্ৰত শাসকীয় বিজেপি চৰকাৰে জনগোষ্ঠীটোক প্ৰতাৰণা কৰাত সমাগত বিধান সভা নিৰ্বাচনত বিজেপিক এসেকা দিবলৈ তথা ভোট নিদিবলৈ জনগোষ্ঠীটোৰ ৰাইজক আহ্বান জনোৱাৰ পিচতে এতিয়া আক্ৰাছুৰ একাংশ নেতাৰ মাজত লাগিছে হাহাকাৰ ৷ বিশেষকৈ শেহতীয়াভাৱে বিজেপি চৰকাৰে গঠন কৰি দিয়া কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ আৰু উন্তনয়ন পৰিষদত স্থান লাভ কৰা আক্ৰাছুৰ নেতা- কৰ্মীসকলৰ মাজত সংগঠনটোৰ নেতৃত্বই জনোৱা আহ্বানকলৈ এতিয়া সেইসকল নেতা যেন বিপদত পৰিছে ৷ যাৰ বাবে বিজেপি দলৰ গুণ গাবলৈ উঠি পৰি লাগিছে এইসকল নেতা ৷ কাৰণ বিজেপি চৰকাৰৰ কৃপাত পদবী লাভ কৰাৰ পিচত সেই দলটোক বিৰোধ কৰে কেনেকৈ ৷ সেয়ে আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে সাধাৰণ সম্পাদক গোকুল বৰ্মনকে ধৰি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্ৱৰ্তীকালীন পৰিষদ আৰু কোচ ৰাজবংশী উন্নয়ন পৰিষদত স্থান লাভ কৰা সংগঠনটোৰ নেতাসকলক অব্যাহতি দিয়া বুলি ঘোষণা কৰাৰ লগতে খালী হোৱা পদত আনক দায়িত্ব দিয়াৰ পিচতো এইসকল নেতাই এতিয়াও নিজকে পদবীত থকা বুলি দাবী কৰি আজি ততাতৈয়াকৈ এখন সংবাদ মেলৰ আয়োজন কৰে ৷ সংবাদ মেলত অহা ২৭  মাৰ্চত অনুষ্ঠিত হ'ব লগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত  সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু আৰু অসম চৰকাৰে ইতিমধ্যে গঠন কৰি দিয়া অন্তৰ্বৰ্তীকালীন কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে বিজেপি মিত্ৰ জোঁটক পূৰ্ণ সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰে ৷ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত আয়োজিত সংবাদ মেল যোগে এই সমৰ্থনৰ কথা ঘোষণা কৰে আক্ৰাছুৰ সাধাৰণ সম্পাদক তথা অসম চৰকাৰে গঠন কৰি দিয়া কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ গোকুল বৰ্মনে ৷  সংবাদ মেলত গোকুল বৰ্মনে কয় যে কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰা আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবী জনাই দীৰ্ঘদিন আন্দোলন কৰি আহিছে যদিও পূৰ্বৰ কোনো এখন চৰকাৰে এই জনগোষ্ঠীটোৰ প্ৰতি চিন্তা কৰা নাছিল ৷ কিন্তু শেহতীয়াভাবে বিজেপি নেতৃত্বাধীন মিত্ৰ জোঁটৰ চৰকাৰখনে ঐতিহাসিক কমতাপুৰ ৰাজ্যৰ নামাকৰনেৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰি দিছে আৰু এইখন চৰকাৰৰ তৎপৰতাত কোচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোও যথেষ্ট অগ্ৰগতি লাভ কৰিছে ৷ কেৱল ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰিলেই জনজাতি প্ৰক্ৰিয়াটো চূড়ান্ত হ'ব ৷ বৰ্মনে লগতে কয় যে ইতিমধ্যে লোকসভাত জনজাতিকৰণৰ বিধেয়কখন গৃহিত হৈছে আৰু ৰাজ্যসভাৰ মজিয়াতো উত্থাপন কৰা হৈছে বিধেয়কখন ৷ গতিকে বিজেপি মিত্ৰ জোঁটক সমৰ্থন নজনালে পৰৱৰ্তী কোনো এখন চৰকাৰে কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ উদ্যোগ ল'ব বুলি আশা আৰু ভৰসা নকৰে আক্ৰাছুয়ে ৷ কাৰণ পূৰ্বৰ প্ৰতিখন চৰকাৰে জনগোষ্ঠীটোক জনজাতিকৰণ কৰাৰ নামত কেৱল প্ৰতাৰণা কৰি আহিছে ৷ অৱশ্যে ১৯৯৬ চনত কংগ্ৰেছ চৰকাৰৰ আমোলত তদানীন্তন প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত ৰাষ্ট্ৰপতিৰ অধ্যাদেশৰ জৰিয়তে ৬ মাহৰ বাবে কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰা হৈছিল ৷ কিন্তু উক্ত সময়ছোৱাত জনগোষ্ঠীটোৰ অধিক সংখ্যকে কংগ্ৰেছ দলক সমৰ্থন কৰাৰ পৰিৱৰ্তে অগপ দলক সমৰ্থন কৰিছিল ৷ যাৰ বাবে ৰাজ্যখনত কংগ্ৰেছ দলৰ চৰকাৰৰ পতন ঘটিছিল আৰু অগপ দলে ক্ষমতা দখল কৰিছিল ৷ ইয়াৰ পিছত কিন্তু জনজাতিকৰণৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাছিল ৷ গতিকে কোচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা পোৱাৰ স্বাৰ্থত ১৯৯৬ চনত কৰা ভুলৰ যাতে পুনৰা বৃত্তি নঘটে তাৰ বাবেই অাক্ৰাছুৱে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক সমৰ্থন জনাইছে ৷ ইতিমধ্যে আক্ৰাছুৰ বিভিন্ন জিলা সমিতিৰ লগত আলোচনামৰ্মে মিত্ৰজোঁটক সমৰ্থন জনোৱাৰ এই সিদ্ধান্ত লোৱা বুলিও সংবাদ মেলত উল্লেখ কৰে ৷ আক্ৰাছু নেতাগৰাকীয়ে লগতে কয় যে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত আক্ৰাছুৱে কাক সমৰ্থন জনাব সেই বিষয়টো পুনৰ জিলা সমিতিৰ সৈতে আলোচনা মৰ্মে সিদ্ধান্ত ল'ব ৷ কোচ-ৰাজবংশীকে ধৰি ছয় গোষ্ঠীৰ লগতো বিজেপি নেতৃত্বাধীন মিত্ৰ জোঁটক সমৰ্থন জনোৱাৰ বিষয়টো আলোচনা হোৱা বুলিও কয় ৷  লগতে কয় যে ৰাজ্য চৰকাৰে কোচ-ৰাজবংশী উন্নয়ন পৰিষদ গঠন কৰিছে ৷ কিন্তু এই পৰিষদখন পূৰ্ণাংগ ৰূপে গঠন হোৱা নাই ৷ যেতিয়া পূৰ্ণাংগ ৰূপে গঠন কৰা হ'ব তেতিয়া জনগোষ্ঠীটোৰ আন্দোলনৰ সৈতে জড়িত উজনি অসমৰ পৰা নামনি অসমৰ নেতৃত্বই হয়তো এই পৰিষদত পদবী লাভ কৰিব ৷ যি সকলে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদত পদবী পোৱা নাই সেই সকল হয়তো উন্নয়ন পৰিষদত পদবী লাভ কৰিব ৷ কোচ-ৰাজবংশী স্বায়ত্তশাসিত পৰিষদ খন ৩০ জনীয়া সদস্যৰে গঠন হোৱাৰ বাবে জনগোষ্ঠীটোৰ আন্দোলনৰ সৈতে জড়িত সকলোকে পদবী দিব পৰা হোৱা নাই ৷ এয়া নিশ্চয় দুখ কৰিব লগা কথা৷  কিন্তু এই পৰিষদখন ৫০ জনলৈ বৃদ্ধি কৰাৰ দাবী জনোৱা বুলিও গোকুল বৰ্মনে কয় ৷ সংবাদমেলত আক্ৰাছুৰ উপদেষ্টা  তথা অন্তৰ্ৱৰ্তীকালীন কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ প্ৰদীপ ৰায়েও জনগোষ্ঠীটোৰ ৰাইজক প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায় ৷ সংবাদ মেলত লগতে উপদেষ্টাগৰাকীয়ে কয় যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্ৱৰ্তীকালীন পৰিষদখন ঘোষণা কৰা হ'ল যদিও নিৰ্বাচনৰ আচৰণবিধি বলবৎ হোৱাৰ বাবে আমি শপত গ্ৰহণ কৰিব নোৱাৰিলো ৷ যাৰ বাবে চৰকাৰী যিখিনি কাম- কাম আৰু দায়িত্ব সেয়া আমাক এতিয়ালৈ অৰ্পণ কৰা নাই ৷ সেয়ে যেতিয়ালৈকে আমি শপত গ্ৰহণ কৰিব নোৱাৰো ,তেতিয়ালৈকে আমি আক্ৰাছুৰ পদত আছো আৰু থাকিম বুলি কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ ৷ সংগঠনটোৰ সভাপতিয়ে  সংবাদ মেল দিছে যদিও আমাৰ মাজত কোনো আভ্যন্তৰীণ সংঘাত নাই বুলিও কয় ৷ উপ সভাপতি মুকুল বৰুৱা , ধুবুৰী পূৱ জিলাৰ সভাপতি প্ৰভাত বৰ্মন আৰু বঙাইগাঁও জিলা আক্ৰাছুৰ সভাপতি গোলাপ পাঠক , বৰপেটা জিলা আক্ৰাছুৰ সাধাৰণ সম্পাদক জিতু চৌধুৰীসহ আৰু কেবাজনো নেতা - কৰ্মী উপস্থিত থাকে ৷  ইপিনে আক্ৰাছুৰ কোন নেতাৰ আহ্বানক জনগোষ্ঠীটোৰ ৰাইজে সমৰ্থন জনাব সেয়া সময়ত স্পষ্ট হ'ব ৷ কাৰণ ছাত্ৰ সংগঠনত থকা বুলি দাবী কৰা নেতাক বিজেপি দলৰ প্ৰাৰ্থীৰ লগতে সভাই সমিতিয়েও ৰাইজে প্ৰত্যক্ষ কৰি আহিছে ৷ এনে অৱস্থাত তেওঁলোক ছাত্ৰ সংগঠনৰ নেতা নে ৰাজনৈতিক দলৰ নেতা হৈ পৰিছে সেয়া ৰাইজৰ কিন্তু বুজিবলৈ বাকী নাই ৷ সেয়ে এনে পৰিস্থিতিত আক্ৰাছুৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন থাকিবনে বুলিও সচেতন মহলৰ মাজত প্ৰশ্নৰ উদ্ৰেগ ঘটিছে ৷ লগতে এই আহ্বানে জনগোষ্ঠীটোৰ ৰাইজৰ মাজত এতিয়া বিভ্ৰান্তিৰ সৃষ্টিহে কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷ কাৰণ এদিন পূৰ্বে বিজেপিক ভোট নিদিবলৈ আক্ৰাছুৱে আহ্বান জনোৱাৰ পিচদিনাই সেই একেটা গোটৰ আক্ৰাছুৰ একাংশ নেতাই বিজেপিক ভোট দিবলৈ আহ্বান জনাইছে  ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা