মহাজোঁটৰ তথা কংগ্ৰেছ প্ৰাৰ্থী কিশোৰ ভট্টাচাৰ্যৰ বিশাল নিৰ্বাচনী প্ৰচাৰ ৰেলী
প্ৰতিবেদক , ৰঙিয়া, ২৬ মাৰ্চঃ মাজত মাথোঁ কেইটিমান দিন বাকী, তাৰ পাছতে ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। এনেক্ষেত্ৰত আজি ৫৬ নং কমলপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী কিশোৰ ভট্টাচাৰ্যই সৰু-বৰ কেইবা শতাধিক যান-বাহনৰে সমষ্টিটোত নিৰ্বাচনী ৰেলী উলিয়াই।নিৰ্বাচনী শোভাযাত্ৰাৰ আদিতে পুঠিমাৰী বাৰোৱাৰী পূজা খলাত কেইবা সহস্ৰাধিক দলীয় কৰ্মী আৰু শুভাকাংক্ষী ৰাইজৰ উপস্থিতিত বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি বক্তব্য আগবঢ়ায়। তাৰপিছতে বাৰোৱাৰী পূজাখলাৰ পবিত্ৰস্থানৰ পৰা বিভিন্ন শ্লোগানেৰে বাট পথ উত্তাল কৰি ভট্টাচাৰ্যৰ হৈ লানি নিছিগা মটৰ-চাইকেল, সৰু-বৰ যান বাহনেৰে ৰেলী আগবাঢ়ি যায় কমলপুৰ সমষ্টিটোৰ আঠাৰা, দগাওঁ, কলমনি, মুক্তাপুৰ, সুতাৰকুছি, গাছবাৰী, সেপকুছি আদিৰ বিভিন্ন অঞ্চললৈ। পুঠিমাৰী বাৰোৱাৰী পূজা খলাত অনুষ্ঠিত ৰেলীৰ বিশাল সভাখনত কিশোৰ ভট্টাচাৰ্যৰ হৈ সংগ দি নিৰ্বাচনী প্ৰচাৰ চলাই সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ সভাপতি গৌৰৱ গগৈয়ে। এই সভাতে নিজৰ ভাষণত বি জে পি চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কংগ্ৰেছক জনসাধাৰণে শাসনলৈ আনিলে কা বাতিল কৰা, কংগ্ৰেছৰ ৫ টা গেৰাণ্টিৰ উপৰি সৰ্বাংগীন উন্নয়নৰ হকে কাম কৰাৰ কথা প্ৰকাশ কৰে।আনহাতে এক এপ্ৰিলৰ বিধানসভা নিৰ্বাচনত এইবাৰ কমলপুৰ সমষ্টিৰ কংগ্ৰেছৰ তথা মহাজোঁটৰ প্ৰাৰ্থী কিশোৰ ভট্টাচাৰ্যক বিপুল ভোটত জয় কৰাবলৈ সমূহ ৰাইজকে অনুৰোধ জনায়৷
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।
Comments
Post a Comment