গোৱালপাৰাত ভোটদান সন্দৰ্ভত সজাগতা মূলক অনুষ্ঠানঃতৃতীয় লিংগৰ লোকৰ সৈতে উপায়ুক্ত বৰ্ণালী ডেকাৰ মত বিনিময়

গোৱালপাৰা নিৰ্বাচনী জিলাত ভোটৰ সজাগতা অনাৰ উদ্দেশ্যে যোৱা ২৪ মাৰ্চৰ পৰা এছভিইইপি কোষৰ দ্বাৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে ৷ আজি ইয়াৰ অংশ হিচাপে গোৱালপাৰা চহৰৰ আশে পাশে থকা তৃতীয় লিংগৰ লোক সকলক লৈ এক ব্যতিক্ৰমী কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ এই অনুষ্ঠানৰ সময়ত গোৱালপাৰা জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া বৰ্ণালী ডেকাই তেওঁলোকৰ লগত মত বিনিময় কৰে ৷ উপায়ুক্ত গৰাকীয়ে তেৱঁৰ বক্তব্যত কয় যে , অহা ৬ এপ্ৰিল তাৰিখে আমাৰ ইয়াাত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব ৷ আপোনালোকে নিশ্চয় জানে যে, ভোট দান আমাৰ সকলোৰে গণতান্ত্ৰিক অধিকাৰ ৷ আপোনালোকৰ ভোট দানে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ সমান্তৰালভাৱে দেশখনক অধিক শক্তিশালী কৰি তুলিব ৷ আপোনালোকে আপোনালোকৰ পৰিয়ালৰ লগতে ওচৰ-পাজৰৰ লোকসকলক ভোটদান সম্পৰ্কে সজাগ কৰিব লাগিব ৷ বৈঠকত উপায়ুক্ত গৰাকীয়ে উপস্থিত থকা সকলোকে নিৰ্বাচনী সংক্ৰান্তীয় এক শপত বাক্য পাঠ কৰোৱায় ৷ সভাৰ অন্তত উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত তৃতীয় লিংগৰ লোকসকলৰ দ্বাৰা জিলা নিৰ্বাচনী বিভাগে ৰচনা কৰা গোৱালপৰীয়া লোকগীতটোত নৃত্য পৰিৱেশণ কৰা হয় ৷ শেষত তৃতীয় লিংগৰ লোক সকলৰ হাতত ভোটদানৰ তাৰিখ ৬ এপ্ৰিল উল্লেখ থকা ৰামধেনু ৰঙৰ ছাতিৰ লগতে তেওঁলোকে ভোটৰ সজাগতাৰ বাৰ্তা থকা ৰামধেনু ৰঙৰ ভোটদানৰ দিন ৬ এপ্ৰিল উল্লেখ থকা বেনাৰ লৈ এক “RAINBOW PRIDE PARADE”ত অংশ গ্ৰহণ কৰে ৷ এই বৰ্ণাঢ্য শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে গোৱালপাৰা জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত বৰ্ণালী ডেকাই  ৷ আজিৰ এই অনুষ্ঠানত 'এছভিইইপি' কোষৰ ভাৰপ্ৰাপ্ত বিষয়া কিশোৰ ঠাকুৰীয়া , জিলা উন্নয়ন আয়ুক্ত অশ্ৰুমণি মালাকাৰসহ জিলা প্ৰশাসনৰ কেবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, First News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা