স্বচ্ছ, নিকা আৰু শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে মহকুমা প্ৰশাসন সাজু—জিলা নিৰ্বাচন বিষয়া স্বপ্নীল পাল
স্বচ্ছ, নিকা আৰু শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে মহকুমা প্ৰশাসন সাজু—জিলা নিৰ্বাচন বিষয়া স্বপ্নীল পাল
প্ৰতিবেদক, ৰঙিয়া, ১৮ মাৰ্চঃ
ৰঙিয়া নিৰ্বাচনী জিলাত দ্বিতীয় পৰ্যায়ৰ ১ এপ্ৰিলত অনুষ্ঠিত হব লগীয়া বিধানসভা নিৰ্বাচনৰ বাবে কমলপুৰ আৰু ৰঙিয়া সমষ্টিৰ পৰা বিভিন্ন ৰাজনৈতিক দল আৰু নিৰ্দলীয় ভাবে যি সকল প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল সেই সমূহ পোন্ধৰ মাৰ্চ তাৰিখে পৰীক্ষা কৰা হয় আৰু আটাইকেইজন প্ৰাৰ্থীৰে মনোনয়ন পত্ৰ বৈধ বুলি ঘোষণা কৰা হয় ।উল্লেখ্য যে ৫৬ নং কমলপুৰ বিধানসভা সমষ্টি আৰু ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টি বাবে ৰাষ্ট্ৰীয় দল, আঞ্চলিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীকে ধৰি মুঠ ১৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল ।ইয়াৰে কমলপুৰ বিধানসভা সমষ্টিৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ দিগন্ত কলিতা, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কিশোৰ কুমাৰ ভট্টাচাৰ্য, ৰাইজৰ দলৰ জিতুল ডেকা , এছইউচিআইৰ শিশিৰ কুমাৰ কাকতি নিৰ্দলীয় প্ৰাৰ্থী কমলেশ ডেকা আৰু গিৰিন গোস্বামী আনহাতে ৰঙিয়া বিধানসভা সমষ্টিৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতা,চিপিএমৰ ডাঃ ভগবান দেৱ মিশ্ৰ, অসম জাতীয় পৰিষদৰ বাবুল চহৰীয়া, অসম সংগ্ৰামী মঞ্চৰ দেবব্ৰত কলিতা,ৰাইজৰ দলৰ হৰেশ্বৰ বৰ্মন, নিৰ্দলীয় চাহাবুদ্দিন আলী আহমেদ, জয়ন্ত কলিতা,পবিত্ৰ বড়ো, জে ডি ইউৰ বিশ্বজিৎ ব্ৰহ্মৰ সৈতে ৯ গৰাকী প্ৰাৰ্থী বুলি জানিবলৈ দিয়ে মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মাই।উল্লেখযোগ্য বুধবাৰে মনোনয়ন পত্ৰ উঠাই লোৱাৰ অন্তিম দিনত ৫৬ নং কমলপুৰ বিধানসভা সমষ্টিৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰা কমলেশ ডেকা আৰু গিৰিন গোস্বামীয়ে নিজৰ মনোনয়ন পত্ৰ উঠাই লয়। আনহাতে ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিৰ বাবে প্ৰাৰ্থী হিচাপে থিয় হোৱা অসম সংগ্ৰামী মঞ্চৰ প্ৰাৰ্থী দেবব্ৰত কলিতাও মনোনয়ন পত্ৰ উঠাই লয় । এই তিনি গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ উঠাই লোৱাৰ পিছত ৰঙিয়া নিৰ্বাচন জিলাৰ বিধান সভা সমষ্টিত নিৰ্বাচন খেলা প্ৰাৰ্থীৰ সংখ্যা হল ১২ গৰাকী ।ৰঙিয়া নিৰ্বাচনী জিলাৰ নিৰ্বাচন বিষয়া তথা মহকুমাধিপতি স্বপ্নীল পাল আই.এ.এছয়ে সমাগত বিধান সভা নিৰ্বাচন স্বচ্ছ, নিকা আৰু শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৰাজনৈতিক দল, নিৰ্দলীয় প্ৰাৰ্থী, জনসাধাৰণ আদিকে ধৰি সকলোৰে সহায় সহযোগিতা কামনা কৰে। আনহাতে নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থী সমূহক নিৰ্বাচন আচৰণ বিধি কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনোৱাৰ উপৰি নিৰ্বাচন ক্ষেত্ৰত প্ৰযোজ্য সকলো নীতি নিয়ম ভংগ নকৰাৰ বাবে আহ্বান জনায়।ইতিমধ্যে জিলা নিৰ্বাচন বিষয়া তথা মহকুমাধিপতি স্বপ্নীল পালে নিকা, স্বচ্ছ আৰু শান্তিপূৰ্ণ ভাৱে ১ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া ৫৬ নং কমলপুৰ আৰু ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে বুলি জানিবলৈ দিয়ে। প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।
Comments
Post a Comment