বঙাইগাঁৱত 'কা' বাতিলৰ দাবীত আছুৰ এঘাৰ ঘণ্টীয়া অনশন

বঙাইগাঁওঃ ২৪ মাৰ্চঃ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি বঙাইগাঁৱতো নাগৰিকত্ব সংশোধনী আইন - ২০২১ বাতিলৰ দাবীত আছু কৰ্মীসকলে ১১ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আছুকৰ্মীসকলে বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত জিলা আছুৰ মুখ্য কাৰ্যালয় ছহিদ ভৱন প্ৰাংগণত  পুৱা ৯ বজাৰ পৰা নিশা ৮ বজালৈ এই অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অনশন কাৰ্যসূচীত উপস্থিত থাকি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জ্যোতি শংকৰ ৰায় চৌধুৰীয়ে চৰকাৰলৈ সকিয়াই দি কয় যে 'কা' আমি কেতিয়াও গ্ৰহণ কৰা নাছিলোঁ, ভৱিষ্যতেও গ্ৰহণ নকৰো আৰু এই 'কা' অসমৰ বাবে গ্ৰহণযোগ্য নহয় ৷ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয় যে বিগত ২০১৯ বৰ্ষৰ ১০ ডিচেম্বৰৰ পৰা বঙাইগাঁৱত যি পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই কথা বঙাইগাঁওবাসী ৰাইজ জ্ঞাত ৷ সমগ্ৰ অসমৰ লগতে বঙাইগাঁৱত কি কাৰণত উত্তপ্ত পৰিস্থিৰ হৈছিল সকলোৱে জানে ৷ গতিকে এনেকুৱা আইন অসমৰ ৰাইজৰ লগতে আছুই কেতিয়াও গ্ৰহণ নকৰে ৷


প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা