বিশাল বাইক ৰেলীৰে ৰহাত মিত্ৰজোটৰ অগপ দলৰ প্ৰাৰ্থী বিষ্ণু দাসৰ শক্তি প্ৰৰ্দশন।
দেৱব্ৰত বৰা,জাজৰি,৩০ মাৰ্চ: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আজি প্ৰচাৰৰ অন্তিমটো দিন। অন্তিমটো দিনত ৰহা সমষ্টিৰ মিত্ৰজোটৰ অগপ দলৰ প্ৰাৰ্থী বিষ্ণু দাসে বিশাল ৰেলীৰে শক্তি প্ৰৰ্দশন কৰি চমক সৃষ্টি কৰে। ৰহা সমষ্টিৰ বিভিন্ন স্থানত পৰিভ্ৰমণ কৰা ৰেলীৰ জৰিয়তে ১ এপ্ৰিলত সকলোকে হাতীৰ ছবিত ভোটদি অগপ প্ৰাৰ্থী গৰাকীক জয়যুক্ত কৰিবলৈ আহ্বান জনায়। ৰেলীত বিষ্ণু দাসক সংগ দিয়ে তেজপুৰ বিধানসভা সমষ্টিৰ অগপ দলৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাই।
Comments
Post a Comment