এইবাৰ নিৰ্বাচন লাহৰীঘাট সমষ্টি বেদখল মুক্ত কৰাৰ-পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক বিদায় দিয়াৰ : ছিদ্দিক আহমেদ

এইবাৰ নিৰ্বাচন কংগ্ৰেছ-বিজেপি, এ আই ইউ ডি এফৰ বিৰুদ্ধে নহয়। এইবাৰ নিৰ্বাচন লাহৰীঘাট সমষ্টি বেদখল মুক্ত কৰাৰ-পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক বিদায় দিয়াৰ নিৰ্বাচন। নিশা লাহৰীঘাট বজাৰত নিৰ্দলীয় প্ৰাৰ্থী ছিদ্দিক আহমেদে লাহৰীঘাট সমষ্টিৰ মূখ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি কৰি এনেদৰে কয়। 
       নিৰ্বাচনলৈ মাজত মাত্ৰ কেইদিনমান বাকী থকা অৱস্থাত আৰু অধিক কোবাল হৈ উঠিছে লাহৰীঘাট সমষ্টিৰ নিৰ্বাচনী ধুমুহা জাক। বিগত ২৫ বছৰে দিছপুৰৰ সোৱাদ লোৱা। প্ৰাক্তন মন্ত্ৰী বিধায়ক ডা নজৰুল ইছলামে সমষ্টিটোৰ বান-খহনীয়া, যাতায়ত ব্যৱস্থা, শিক্ষা-স্বাস্থ্য সেৱা ইত্যাদি কোনো এটা সমস্যাৰে স্থায়ীভাৱে সমাধান নকৰাৰ অভিযোগ সমষ্টিবাসীৰ। সমষ্টিবাসীৰ আবেগ-অনুভূতিৰ ভৰিৰে মোহাৰি একমাত্ৰ নিজৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰম্পৰা অব্যাহত ৰাখিবলৈ বিধায়ক জনে তেওঁৰ পুত্ৰক কংগ্ৰেছ মহাজোটৰ টিকট প্ৰদান পিছতেই অথন্তৰ লাগিছে কংগ্ৰেছৰ ভেটি। পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অৱসান বিচাৰি বাপ-বেটা হটাও সমষ্টি বচাও শ্ল'গানৰ ট্ৰেণ্ড উঠিছে সমষ্টিৰ চৌদিশে। কংগ্ৰেছ এৰি নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ওলাই আহিছে শ,শ ভোটাৰ।ইতিমধ্যে সমষ্টিৰ কেইবা ঠাইত প্ৰচাৰ চলাবলৈ গৈ পশুখেদা খাইছে বাপ-বেটাই। নিশা লাহৰীঘাট বজাৰত নিৰ্দলীয় প্ৰাৰ্থী ছিদ্দিক আহমেদে মূখ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি কৰে। মুকলি অনুষ্ঠানটোত কেইবা শতাধিক ভোটাৰ উপস্থিত থাকে।

লাহৰীঘাটৰ পৰা অাফতাপ হুছেইনৰ
প্ৰতিবেদন

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা