নিউ বঙাইগাঁও ৰে'লৱে জংচনত বিদেশী চিগাৰেট জব্দ

বঙাইগাঁওঃ ২৬ মাৰ্চঃ বঙাইগাঁৱৰ নিউ বঙাইগাঁও ৰে'লৱে জংচনত আজি সন্ধিয়া এছ এছ টি ৰ লগতে নিউ বঙাইগাঁও জি আৰ পি আৰু আৰ পি এফৰ এক যৌথ অভিযানত নামনিমুৱা ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছৰ পৰা লক্ষাধিক টকা মূল্যৰ বিদেশী চিগাৰেট জব্দ কৰে ৷ জানিব পৰা মতে  উত্তৰ প্ৰদেশৰ বাসিন্দা আজাৰ খান নামৰ লোক এজনে গুৱাহাটীৰ পৰা উত্তৰ প্ৰদেশলৈ বুলি লৈ গৈ থকাৰ সময়তে চিগাৰেটখিনি জব্দ কৰিবলৈ সক্ষম হয় । অভিযানকাৰী দলে পাছত আজাৰ খানক আটক কৰে ৷ জব্দকৃত চিগাৰেটখিনিৰ বজাৰ মূল্য প্ৰায় এক লক্ষাধিক টকা হ'ব ৷ 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা