বৰপেটা জিলাত জব্দ ধনৰ অংক ১ কোটি অতিক্ৰম

*অবৈধ সুৰা আৰু ড্ৰাগৰ বিৰুদ্ধেও চলিছে ব্যাপক অভিযান*    
                      
সঞ্জীৱ দাস, বজালী, ২১ মাৰ্চ: নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ পিছৰে পৰা এতিয়ালৈকে বৰপেটা জিলা প্ৰশাসনৰ তৎপৰতাত জব্দ হোৱা  অবৈধ বা বিধি বহিৰ্ভূতভাবে সৰবৰাহ কৰা ধনৰ পৰিমানে ১ কোটি টকা অতিক্ৰম কৰিছে। চলিত নিৰ্বাচনী প্ৰক্ৰিয়াত অবৈধ ধন আৰু নিচাযুক্ত সামগ্ৰীয়ে যাতে প্ৰভাব বিস্তাৰ কৰিব নোৱাৰে তাৰ বাবে নিৰ্বাচন আয়োগৰ বিধি অনুযায়ী চলোৱা এই অভিযানত আজি আবেলিলৈকে এক কোটি পাচঁ লাখ ৯৯,৮৬৯ টকা জব্দ কৰা হৈছে বুলি আজি সন্ধিয়া জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই এখন সংবাদ মেলত জনাইছে। ইয়াৰে সৰ্বাধিক ৪১ লাখ টকা উদ্বাৰ হৈছে ৪৩ নং বৰপেটা বিধানসভা সমষ্টিত। তাৰ পিছতেই সৰভোগ সমষ্টিত ৩০ লাখ, চেঙাত ১৮ লাখ, সৰুক্ষেত্ৰীত ১১ লাখ, জনীয়াত ২.৭৭ লাখ আৰু বাঘবৰত ১ লাখ টকা এই পৰ্যন্ত উদ্বাৰ হৈছে।                           ইয়াৰ উপৰিও এই কেইদিনত আৰক্ষী আৰু আবকাৰী বিভাগৰ উপৰি ফ্লাইং স্কোৱাড আৰু এছ এছ টি ( স্থিৰ নিৰীক্ষণকাৰী দল)ৰ অভিযানত মুঠ ২৬,৬৮৯ লিটাৰ চুলাই মদ, ৮২১ লিটাৰ দেশত নিৰ্মিত বিদেশী সুৰা, ১২৩ কেজি ভাঙ, ৮১ কেজি নিচাযুক্ত দ্ৰব্য আৰু ১২২৪ টা নিচাযুক্ত টেবলেট উদ্বাৰ কৰি জব্দ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা