বঙাইগাঁৱত নিৰ্বাচনী ব্যয় পৰ্যবেক্ষক উপস্থিত
বঙাইগাঁওঃ ১৩ মাৰ্চঃ অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে নিয়োজিত কৰা নিৰ্বাচনী ব্যয় পৰ্যৱেক্ষক চাতে পাণ্ডুৰংগ ( Chate Pandurang) ইতিমধ্যে বঙাইগাঁৱত উপস্থিত হৈছে। নিৰ্বাচনী ব্যয় পৰ্যৱেক্ষকগৰাকী ১১ মাৰ্চত বঙাইগাঁৱত উপস্থিত হোৱাৰ পিচত শুকুৰ বাৰে নিউ বঙাইগাঁৱৰ ভাওলাগুৰিস্থিত নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বঙাইগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ উপস্থিতিত ক'ভিড-১৯ ভেকচিন গ্ৰহণ কৰে । নিৰ্বাচনী ব্যয় পৰ্যৱেক্ষকগৰাকী জিলাখনত উপস্থিত হৈ জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত ডাঃ এম.এছ.লক্ষ্মীপ্ৰিয়াৰ লগতে নিৰ্বাচনৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে গঠন কৰা নিৰ্বাচনী কোষসমূহৰ বিষয়া সকলৰ সৈতে বাৰ্তালাপ কৰে। উল্লেখ্য যে বিধান সভা নিৰ্বাচন সম্পৰ্কী ব্যয় বা নিৰ্বাচনী আচৰণবিধি সন্দৰ্ভত ওজৰ আপত্তি থাকিলে জনসাধাৰণে তেওঁক মোবাইল নম্বৰ 9394197109 আৰু observercellbngn32lac @gmail.com. ইমেইলত জনাব পাৰিব ৷
প্ৰণৱ কুমাৰ ডেকা
বঙাইগাঁও
Comments
Post a Comment