ৰঙিয়াত জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা

স্বচ্ছ,নিকা,শান্তিপূৰ্ণ আৰু নিৰাপদ হব ভোট গ্ৰহণ প্ৰক্ৰিয়া— মহকুমাধিপতি স্বপ্নীল পাল,আই.এ.এছ

প্ৰতিবেদক , ৰঙিয়া, ২৪ মাৰ্চঃ
ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী। অহা ১ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত অসমৰ ৩৯টা সমষ্টিৰ লগতে ৰঙিয়া নিৰ্বাচন জিলাৰ ৫৬ নং কমলপুৰ আৰু ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিটো অনুস্থিত হ’ব নিৰ্বাচন। ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰে নিৰ্বাচনী কাম কাজত ব্যস্ত হৈ পৰিছে ৰঙিয়া নিৰ্বাচন জিলাৰ বিষয়-ববীয়া,কৰ্মচাৰী সকল। এনেক্ষেত্ৰত ৰঙিয়া নিৰ্বাচন জিলাত স্বচ্ছ,নিকা,শান্তিপূৰ্ণ আৰু সম্পূৰ্ণ নিৰাপদ ভোট গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত কৰাৰ লক্ষ্যৰে জিলা নিৰ্বাচনী বিষয়া তথা ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পাল আই.এ.এছয়ে আজি অতি গুৰুত্বপূৰ্ণ সভাখন আহ্বান কৰে। মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত বিয়লি অনুষ্ঠিত সভাখনত কমলপুৰ বিধানসভা সমষ্টিৰ  ৰিটাৰ্ণিং বিষয়া তথা ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দন বৰগোহাঁই, ৰঙিয়া বিধানসভা সমষ্টিৰ সহকাৰী ৰিটাৰ্ণিং বিষয়া তথা কমলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জেনিফাৰ ইয়াচমিন,  মহকুমা নিৰ্বাচন বিষয়া তথা সহকাৰী আয়ুক্ত  হৃদয় কুমাৰ দাস, প'ষ্টেল বেলট কোষৰ তত্বাৱধায়ক তথা সহকাৰী আয়ুক্ত  চম্পক ডেকা, ব্যয় নিৰীক্ষণ কোষৰ তত্বাৱধায়ক তথা মহকুমা কোষাগাৰ বিষয়া ৰাজ কুমাৰ পাঠক, মহকুমাটোৰ সহকাৰী আয়ুক্ত ক্ৰমে অম্লান বৈশ্য, কেশৱানন্দ টাইড, কমলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া (স:) অৰ্ণৱ বৰুৱা‌, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মা প্ৰমুখ্যে ৰঙিয়া নিৰ্বাচন জিলাৰ বাবে গঠন কৰা বিভিন্ন নিৰ্বাচনী কোষৰ তত্বাৱধায়ক সকলৰ উপস্থিতিত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়।ইতিমধ্যে ৰঙিয়া নিৰ্বাচন জিলাৰ অধীনস্থ ৫৬ নং কমলপুৰ আৰু ৫৭ নং ৰঙিয়া বিধানসভাৰ বাবে নিয়োজিত নিৰ্বাচন সাধাৰণ পৰ্যবেক্ষক ক্ৰান্ঠি কুমাৰ পতি আইএএছ, আৰক্ষী নীৰিক্ষক শৈলেশ কুমাৰ যাদৱ  আইপিএছ  আৰু ব্যয় পৰ্যবেক্ষক বৈশালী মালহোত্ৰা আইআৰএছয়ে ৰঙিয়া আৱৰ্ত ভৱনত বাহৰ পাতি নিৰ্বাচনৰ সকলো দিশৰ বুজ লোৱাৰ কথা অৱগত কৰে ।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা