হাজাৰ হাজাৰ বাইকৰেলিৰে চতিয়াত পদ্মৰ নিৰ্বাচনী প্ৰচাৰ

#অভিলেখসংখ্যক ভোটত জিকিম-পদ্ম হাজৰিকা৷
#গৌৰৱ গগৈয়ে যি কয় তাৰ ওলোটা হয়-পদ্ম হাজৰিকা৷
ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে চতিয়া সমষ্টিৰ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ। চতিয়া সমষ্টিৰ বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী পদ্ম হাজৰিকাই হাজাৰ হাজাৰ বাইক ৰেলিৰে প্ৰচাৰ চলাইছে চতিয়াত৷নদুৱাৰ যুৱ মৰ্চাই চতিয়া সমষ্টিৰ টুপীয়াত অনুষ্ঠিত কৰা বিশাল নিৰ্বাচনী সভাৰ পূৰ্ৱে পদ্ম হাজৰিকাক নিজ বাসগৃহৰপৰা হাজাৰ হাজাৰ বাইক ৰেলিৰে আদৰি আনে৷এখন খোলা জীপৰ দুয়োকাষে বিজেপি দলৰ দলীয় পতাকা উৰুৱাই পদ্ম হাজৰিকাক নিজ বাসগৃহৰপৰা টুপীয়াত অনুষ্ঠিত যুৱ মৰ্চাৰ বিশাল নিৰ্বাচনী সভালৈ লৈ অহাৰ মূহুৰ্তত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকায়ে অগণন শুভাকাংক্ষী লোকে পদ্ম হাজৰিকাৰ বিজয়ৰ প্ৰতীক দেখুৱাই অভিনন্দন জনোৱাও পৰিলক্ষিত হয়৷গীতে মাতে উজলি উঠা টুপীয়াত অনুষ্ঠিত যুৱ মৰ্চাৰ বিশাল নিৰ্বাচনী সভাখনত পদ্ম হাজৰিকাই কয় যে পূৰ্ৱৰ কংগ্ৰেছৰ শাসনকালত চলা হত্যা-হিংসা-ধনদাবী-অপহৰণ এতিয়া সমষ্টিৰ ৰাইজে নিবিচাৰে৷আমাৰ ৰাইজে বিচাৰে শান্তি আৰু উন্নয়ণ৷আজিৰ এই সভাৰ পূৰ্ৱে স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ যুৱ মৰ্চাৰ সদস্যসকল ওলাই আহি যিদৰে বাইক ৰেলি কৰি আদৰি আনিলে সি প্ৰমাণ কৰে যে আগন্তুক নিৰ্বাচনত চতিয়া সমষ্টিৰপৰা অভিলেখসংখ্যক ভোটত বিজেপি দলে বিজয়ৰ ধবজা উৰুৱাব৷ইয়াৰোপৰি সাংসদ গৌৰৱ গগৈ চতিয়া সমষ্টিত উপস্থিত হৈ কংগ্ৰেছ প্ৰাৰ্থী গৰাকী বিপুল ভোটত জয়লাভ কৰিব বুলি কোৱা প্ৰসংগ উল্থাপন কৰি পদ্ম হাজৰিকাই কয় যে গৌৰৱ গগৈয়ে অলিক সপোন দেখি আছে৷গৌৰৱ গগৈয়ে যি কয় তাৰ ওলোটা হয়৷সাহস আছে যদি কংগ্ৰেছে চতিয়াত আজমলক আনিও প্ৰচাৰ চলাঁওক৷ৰিজাল্ট ২ মে'ৰ দিনা গ’ম পাই যাব বুলিও কটাক্ষ কৰে পদ্ম হাজৰিকাই৷বিশ্বনাথ জিলা যুৱ মৰ্চাৰ সম্পাদক মাধূৰ্য্য বৰাই আঁত ধৰা আৰু যুৱ নেতা সঞ্জয় শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰা বিশাল নিৰ্বাচনী সভাখনত শিল্পী বিদ্যাসাগৰেও গীত পৰিৱেশন কৰে৷আজিৰ এই নিৰ্বাচনী সভাতেই গোৰ্খা উন্নয়ণ পৰিষদৰ সভাপতি প্ৰেম টামাং সহিতে গোৰ্খা উন্নয়ণ পৰিষদৰ ৫ জনীয়া কাৰ্যবাহী সদস্যৰ দল,বিশ্বনাথ জিলা বিজেপি সভাপতি দিগন্ত ঘাটোৱাৰ,বিজেপি বিশ্বনাথ জিলা যুৱ মৰ্চাৰ সভাপতি দেৱজিত বৰা,মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল,বৰভগীয়া জিলা পৰিষদৰ সদস্য পলি চুতীয়া,চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা,নদুৱাৰ বিজেপিৰ মণ্ডল সভাপতি জয়ন্ত বৰাকে ধৰি বহুকেইগৰাকী যুৱ নেতাৰ লগতে গণ্য মান্য লোকসকল উপস্থিত অাছিল।
জামুগুৰিহাটৰ পৰা জোন বৰা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা