কাছমাৰী আঞ্চলিক শাখা সাহিত্য সভা গঠন
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৩ মাৰ্চঃ নগাঁও জিলাৰ কাছমাৰীত শনিবাৰে অসম সাহিত্য সভাৰ এটি শাখা নতুনকৈ গঠন কৰা হয় ৷ এই মৰ্মে, কাছমাৰী জুনিয়ৰ কলেজত বিয়লি শিক্ষাবিদ অমিয় কুমাৰ ডেকাৰ সভাপতিত্বত বৃহত্তৰ অঞ্চলটোক সামৰি অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত বিশিষ্ট অতিথি ৰূপে শিশু সাহিত্যিক নপুৰ মোমাইদেউখ্যাত ত্ৰৈলোক্য ভট্টাচাৰ্য, নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ কুমাৰ হাজৰিকা আৰু সহযোগী পত্ৰিকা সম্পাদক কল্যাণ কুমাৰ বৰা উপস্থিত থাকে ৷ সভাত নিজৰ ভাষনত জিলা সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই অসম সাহিত্য সভাৰ জন্ম ইতিহাসৰ চমু আভাষ দাঙি ধৰাৰ পাছত জনপ্ৰিয় শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্যই সাহিত্য-সংস্কৃতিয়ে এটা অঞ্চলক কেনেদৰে আগবঢ়াই লৈ যায় তাৰ ওপৰত সুন্দৰ বক্তব্য ৰাখে ৷ সভাৰ আহ্বায়কসকলৰ অন্যতম বসন্ত দুৱৰাই আঁত ধৰি আগবাঢ়ি নিয়া সভাখনত কাছমাৰীত অসম সাহিত্য সভাৰ শাখা গঠনত আগভাগ লোৱা জিলা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক কল্যাণ কুমাৰ বৰাই অঞ্চলটোৰ সামাজিক সাংস্কৃতিক দিশটোৰ ওপৰত আলোকপাত কৰি বক্তব্য ৰাখে ৷ সভাত কাছমাৰী জুনিয়ৰ কলেজৰ অধ্যক্ষ নৱজ্যোতি ডেকাক সভাপতি, আব্বাছ আলিক উপ সভাপতি, বসন্ত দুৱৰাক সম্পাদক, ছহিদুল ইছলামক সহঃ সম্পাদক, কাঞ্চন পাটৰ বৰদলৈক পত্ৰিকা সম্পাদিকা আৰু ৰাজেশ কোঁৱৰক কাৰ্যালয় সম্পাদক ৰূপে লৈ এখন ২৭ জনীয়া শক্তিশালী কাৰ্যকৰী কমিটি গঠন কৰি দিপাঞ্জলী কোঁৱৰ, পংকজ বৰা, নৃপেন বৰদলৈ, দিলিপ ডেকাকে ধৰি সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকলক শাখাৰ কাৰ্যনিৰ্বাহক সদস্য হিছাপে মনোনীত কৰা হয় ৷
====================
Comments
Post a Comment