শ্বহিদক সুঁৱৰি জামুগুৰিহাটত ২০ মাৰ্চত অনুষ্ঠিত শ্বহিদ দিৱস

#শ্বহিদক সুঁৱৰি জামুগুৰিহাটত ২০ মাৰ্চত অনুষ্ঠিত শ্বহিদ দিৱস৷
: জুয়ে পোৰা '৮৩’ ৰ ২০ মাৰ্চৰ দিনা অবৈধ্য বাংলাদেশীক খেদিবলৈ গৈ জামুগুৰিহাটৰ পশ্চিম প্ৰান্তৰ লালেটাপুত এক অনাকাংক্ষীত পৰিস্থিতিত জামুগুৰিহাটৰ ৮ জনকৈ তেজাল অসমীয়া যুৱকে অবৈধ নাগৰিকৰ হাতত প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছিল৷বুকুত অদম্য সাহস লৈ স্বদেশ আৰু স্বজাতিৰ হকে নিজৰ প্ৰাণ উচৰ্গা কৰা এই শ্বহিদসকলক লৈ প্ৰতিবছৰেই ২০ মাৰ্চৰ দিনটো শ্বহিদ দিৱস হিচাপে পালন কৰি আহিছে সদৌ জামুগুৰি ছাত্ৰ সন্থা অাৰু জামুগুৰি অাঞ্চলিক উন্নতি সভাই বিগত বৰ্ষসমুহৰ দৰে এইবাৰো অাজি ২০ মাৰ্চ তাৰিখে ৩৮ ত্বম শ্বহীদ দিৱসভাগ সদৌ জামুগুৰি ছাত্ৰ সন্থা আৰু জামুগুৰি আঞ্চলিক উন্নতি সভাৰ যুটীয়া উদ্যোগত বিস্তৃত কাৰ্য্যসুচীৰে অনুষ্ঠিত কৰা হয়।কেন্দ্ৰীয় শ্বহীদ বেদী প্ৰাঙ্গনত দিনজোৰা কাৰ্যসচীৰে অনুষ্ঠিত হোৱা এই শ্বহীদ দিৱসৰ কাৰ্য্যসুচী অনুসৰি পুৱা ৯-৩০ বজাত পতাকা উত্তোলন কৰে সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ সভাপতি ধূৰ্জত গোস্বামী আৰু জামুগুৰি আঞ্চলিক উন্নতি সভাৰ সভাপতি ইন্দ্ৰপ্ৰসাদ নাথে৷১০-১৫ বজাত ৰাজহুৱা শ্বহীদ শ্ৰদ্ধাঞ্জলী আৰু শ্বহীদ পৰিয়ালবৰ্গক সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানৰ মুকলি কৰে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথে৷১০:৩০ বজাত জাতীয় শ্বহীদ বেদীৰ প্ৰাঙ্গনতে উদ্দীপ্ত কাশ্যপৰ "বৃদ্ধাশ্ৰম" গ্ৰন্থ খনো উন্মোচন কৰা হয়।উক্ত উন্মোচনী সভাত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জীৱন বৰাই সঞ্চালকৰ অাসন অলংকিত কৰাৰ লগতে গন্থ খন উন্মোচন কৰে বিশিষ্ট লেখক লাইফ অফ ড্ৰাইভাৰৰ প্ৰনেতা ৰূপম দত্তই।১১ বজাত অাইমাতৃ সকলৰ নামৰ উপৰিও 
সন্ধ্যা ৬ বজাত জামুগুৰি উন্নতি সভা আৰু জামুগুৰি অাঞ্চলিক ছাত্ৰ সন্থাই বন্তি প্ৰজ্বলনেৰে কাৰ্য্যসুচীৰ অন্ত পেলাব ।মন কৰিবলগীয়া যে অাজি সদৌ জামুগুৰি ছাত্ৰ সন্থা জামুগুৰি অাঞ্চলিক উন্নতিসভাৰ যুতিয়া উদ্যোগত অনুষ্ঠিত কেন্দ্ৰিয় শ্বহীদ দিৱস উদযাপনৰ কাৰ্যসূচীত উপস্থিত থাকি শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথে কয় চৰকাৰে অবৈধ্য বাংলাদেশীৰ লগতে বিদেশী নাগৰিকক বহিস্কাৰ কৰাৰ বিপৰিতে বৰ্ত্তমান অাকৌ যি নাগৰিকত্ব সংশোধনি বিধেয়ক জাপি দি জাতীয় শ্বহীদ সকলক অপমান কৰিলে সেয়া সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও মানি নলয় লগতে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে অাঞ্চলিক ছাত্ৰ সন্থাৰ সকলো অনুজ অগ্ৰজ সতীৰ্থক লগত লৈ অাজিৰ এই প্ৰবিত্ৰ ২০ মাৰ্চৰ জাতিয় শ্বহীদ দিৱসৰ দিনটোতে চৰকাৰৰ এনে কাৰ্যৰ বিপক্ষে মাত মাটিবলৈ প্ৰতিশ্ৰুতি বদ্ধ হলো বুলি মন্তব্য দিয়ে।লগতে সমজুৱা একেষাৰত সমাজ কৰ্মী নাৰায়ণ শইকীয়া,সাংবাদিক জ্যোতি ভট্ৰাচাৰ্য ,যুৱ লেখক হিমাশু ৰঞ্জন ভূঞাঁ অাৰু "বৃদ্ধাশ্ৰম" গন্থৰ লেখক উদ্দীপ্ত কাশ্যপৰ শুৱলা ভাষনেৰে অনুষ্ঠানটোৰ গাম্ভয্য  বৃদ্ধি কৰে।
জামুগুৰিহাটৰ পৰা জোন বৰা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা