বটদ্রৱাত শ্রীশ্রী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি≈≈কাৰ্যসূচী উন্মোচন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৪ মাৰ্চঃ পূৰ্বৰ বছৰবোৰৰ দৰে এইবেলিও অহা ২৭ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ পাঁচ দিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা উৎসৱটি পালন কৰা বাবে শ্ৰী শ্ৰী বটদ্ৰৱা থানত উদযাপনৰ দিহা কৰা হৈছে। তদনুযায়ী শ্রীশ্রী বটদ্রৱা থান পৰিচালনা সমিতিৰ তত্বাৱধানত উৎসৱটি সুকলমে উদযাপন কৰাৰ অৰ্থে ইতিমধ্যে ১২ খন উপ সমিতি গঠনেৰে ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে । দৌলযাত্ৰা মহোৎসৱৰ দিনকেইটাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হ’বলগীয়া প্রায় ১০ লক্ষাধিক ৰ্তীথ যাত্রীক আদৰণি জনোৱাৰ বাবে সাংস্কৃতিক, ধৰ্মীয়, পানী, বিজুলী, চিকিৎসা, খাদ্য আদি সকলোবোৰ সুবিধাৰ বাবে উপ সমিতি সমূহে খৰতকীয়া গতিত কাম অব্যাহত ৰাখিছে । অহা ২৭ ৰ্মাচত গন্ধোৎসৱ, ২৮ ৰ্মাচত ‘গোসাঁই মুৰত ফাকু দিয়া উৎসৱ আৰু ২৯ ৰ্মাচৰ দিনা গোসাঁই ফুৰোৱা উৎসৱ অনুষ্ঠিত হব। আনহাতে দৌল যাত্রা উৎসৱৰ লগত সংগতি ৰাখি ২৮, ২৯ আৰু ৩০ ৰ্মাচৰ নিশা আকাশী গংগাৰ পাৰৰ প্রেক্ষাগৃহত সংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। এই তিনিও নিশাতে ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা আমন্ত্রিত ভাওনা, সত্রীয়া নৃত্য, লোক নৃত্য, লোক সংগীত, বৰগীত, শাস্ত্ৰীয় নৃত্য, দিহানাম আদি অনুষ্ঠান পৰিৱেশন কৰা হ’ব বুলি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই জনাইছে। দেওবাৰে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে বটদ্ৰৱাৰ দুই সত্ৰৰ ভকত বৈষ্ণৱৰ উপস্থিতিত দৌল মহোৎসৱৰ কাৰ্য্যসূচী উন্মোচন কৰাৰ পাছত অনুষ্ঠিত এক সংবাদমেলত ৰাজ্যৰ সমূহ ভক্ত বৈষ্ণৱক নিমন্ত্ৰণ জনাইছে।
==================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা