বাক্সাৰ গোৰেশ্বৰত বি জে পিৰ বিশাল নিৰ্বাচনী সভা

বাক্সাৰ গোৰেশ্বৰত বি জে পিৰ বিশাল  নিৰ্বাচনী সভা

বিচ্ছিন্নতাবাদী আৰু সন্ত্ৰাসবাদীক কেতিয়াও প্ৰশ্ৰয় দিয়া নাই বিজেপি চৰকাৰে-যোগী আদিত্যনাথ

প্ৰতিদিন বিশেষ সংবাদ, নাওকাটা,১৭ মাৰ্চঃ

আসন্ন অসম বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন স্থানত দেখা হৈছে ৰাজনৈতিক দলৰ ৰথী -মহাৰথীৰ প্ৰচাৰ অভিযান।৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভবেশ কলিতাৰ সমৰ্থনত আজি দিনৰ দুই বজাত বাক্সাৰ গোৰেশ্বৰত প্ৰচাৰ চলালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।আজি আবেলি দুই বজাৰ পৰা গোৰেশ্বৰৰ বেঙেনাহাটী সত্ৰ প্ৰাংগনত বিজেপি প্ৰাৰ্থী ভবেশ কলিতাৰ সমৰ্থনত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি হিন্দুত্ববাদী নেতা তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কংগ্ৰেছ দলৰ বিৰুদ্ধে আক্ৰমণাত্মক ভাষণ  দিয়ে। নিজ ভাষণত নেতাগৰাকীয়ে কয় যে বিজেপি দলে বিচ্ছিন্নতাবাদী আৰু সন্ত্ৰাসবাদীক কেতিয়াও প্ৰশ্ৰয় দিয়া নাই আৰু নিদিয়ে ভবিষ্যতলৈ।নিজ ভাষণত তেওঁ পুণৰ কয় -অসমত বিগত পাঁচ বছৰত জনপ্ৰিয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত শান্তি সম্প্ৰীতিৰ সৃষ্টি হৈছে।আৰু বিটিচি অঞ্চলতো অনুৰূপ ধৰণে কাম হৈছে।ভেদাভেদ, উচ্চ নীচৰ ভাৱধাৰাক পৰিহাৰ কৰি আজি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে সকলোকে উন্নয়ণ -শান্তি আনি দিছে।মোদীৰ নেতৃত্বত আজি ভাৰত শক্তিশালী হোৱা বুলি উল্লেখ কৰি তেওঁ পুণৰ কয় যে বিজেপি চৰকাৰৰ পূৰ্বে উত্তৰ -পূবে কেন্দ্ৰীয় মন্ত্ৰী পোৱা নাছিল যদিও বিজেপিৰ দিনত সেয়া সম্ভব হ'ল। অযোধ্যাৰ ৰাম মন্দিৰ কেৱল মোদীৰ বাবেহে সম্ভৱ হোৱা বুলি উল্লেখ কৰি অসমৰ লোকেও এই ক্ষেত্ৰত অৰিহণা দিয়াৰ কথা উল্লেখ কৰে।আনহাতে কংগ্ৰেছ, এ আই ইউ ডি এফৰ নেতৃত্বত গঠন হোৱা মহাজোঁটৰ বিৰুদ্ধে ভাষণ প্ৰসংগত আক্ৰমণাত্মক হৈ পৰা যোগীয়ে তেওঁলোকে কেৱল অনুপ্ৰবেশ, দুৰ্নীতিৰ বাবেহে মহাজোঁট গঠন কৰা বুলি তীৰ্যক মন্তব্য আগবঢ়াই।অসমৰ বাবে বিজেপি চৰকাৰ পুণৰ প্ৰয়োজন বুলি উল্লেখ কৰি ভবেশ কলিতাক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ তেওঁ ৰাইজৰ উদ্দেশ্যি আহ্বান জনায়।সভাত ভাষণ দি প্ৰাৰ্থী ভবেশ কলিতাই সৰ্বানন্দ, হিমন্তৰ বাবে আজি অসম সৰ্বদিশত পৰিৱৰ্তন হোৱা বুলি কৈ পুণৰ দিছপুৰত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব বুলি দাবী কৰে।ইপিনে মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপি দলৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াই নিজ ভাষণত বিগত পাঁচ বছৰত পঞ্চায়তৰ পৰা সংসদলৈ অসমত বিজেপি দলে জিকিছে আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহ'ব বুলি উল্লেখ কৰে।সভাত উত্তৰ প্ৰদেশৰ জলসম্পদ মন্ত্ৰী ডঃমহেন্দ্ৰ সিং, জ্যেষ্ঠ নেতা আৰ পি সিং আদিকে ধৰি বিজেপি, অগপ, ইউ পি পিএল দলৰ কেইবা সহস্ৰাধিক নেতা-কৰ্মী উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা