হাতীচোঙৰ কমাৰচুকত জগতৰ কল্যাণাৰ্থে শ্ৰীমদ্ভাগৱত পাঠ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৮ মাৰ্চঃ সমাগত বিধানসভা নিৰ্বাচনৰ চৰম ব্যস্ততামুখৰ পৰিবেশৰ মাজতে নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত কমাৰচুক অঞ্চলৰ ৰাইজে জগতৰ মংগল তথা কল্যাণৰ অৰ্থে বিগত বৰ্ষবোৰৰ দৰে এইবেলিও আজিৰে পৰা অনুষ্ঠিত কৰিছে শ্ৰীমদ্ভাগৱত পাঠ অনুষ্ঠানৰ ৷ হাতীচোং কমাৰচুক স্থায়ী ৰাস মন্দিৰ প্ৰাংগণত অহা ২১ মাৰ্চ পৰ্যন্ত অবিৰতভাবে চলিবলগীয়া এই শ্ৰীমদ্ভাগৱত পাঠ অনুষ্ঠান উপলক্ষে অঞ্চলজুৰি এক সুন্দৰ আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হৈছে ৷ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত গুৰু আসন প্ৰতিষ্ঠাৰ পিছতে ধৰ্মধ্বজা উত্তোলন কৰে একশৰণ ভাগৱতী সমাজৰ নগাঁও জিলা সমিতিৰ নামাচাৰ্য্য হীৰেণ আতাই ৷ ইয়াৰ পিছতে বন্তি প্ৰজ্বলন, ঘোষা পৰিবেশন, খোল প্ৰসংগ, নাম-কীৰ্তন আদিৰ অন্তত বিয়লি এই শ্ৰীমদ্ভাগৱত পাঠৰ শুভাৰম্ভ কৰা হয় ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা