বজালীত প্ৰাৰ্থীৰ দ্বিতীয় পৰ্যায়ৰ হিচাব দাখিল পৰ্যবেক্ষকক

সঞ্জীৱ দাস, বজালী, ৩০ মাৰ্চঃ তৃতীয়  পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ ব্যস্ততা  তুংগত  উঠিছে  বজালীত। জিলাৰ  উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱাই অতি  তৎপৰতাৰে  ইতিমধ্যে নিৰ্বাচনকেন্দ্ৰীক কাম কাজ প্ৰায়  চমুৱাই  আনিছে। ইপিনে, পাটাছাৰকুছি  আৰু  ভৱানীপুৰ সমষ্টিৰ  বাবে ভাৰতৰ  নিৰ্বাচন আয়োগে নিযুক্ত  কৰা  সাধাৰণ পৰ্যবেক্ষক  এছ গণেশ  আৰু  ব্যয়  পৰ্যবেক্ষক চিত্তৰঞ্জন ঢংগদা  মাঝিয়ে  বিভাগীয় দায়িত্ব ক্ষীপ্ৰতাৰে  পালন কৰি সামগ্ৰিকভাৱে  সকলো  কাৰ্য  আগবঢ়াই  নিছে। এনে ব্যৱস্থাৰ অংশ  হিচাপে আজি  দুয়োটা সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ  এজেন্ট সকলে  দ্বিতীয়  পৰ্যায়ৰ খৰচৰ  তথ্য পৰ্যবেক্ষকক  পৰীক্ষাৰ  বাবে  দাখিল  কৰে। ব্যয় পৰ্যবেক্ষক মাঝিয়ে  এজেণ্টসকলে  দাখিল  কৰা ব্যয়ৰ খতিয়ান  আৰু  তহবিল  পুংখানুপুংখভাবে পৰীক্ষা কৰে । উল্লেখ্য যে, প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ কোনো প্ৰাৰ্থী যদি কোনো অপৰাধত অভিযুক্ত  তেনেহ'লে  বাতৰি কাকত  অথবা  বৈদ্যুতিন  মাধ্যমত  অন্তত তিনিবাৰ  বিজ্ঞাপন  প্ৰকাশ  কৰিব  লাগিব  বুলিও  কোৱা হয় আৰু এনে প্ৰেক্ষাপটত  আজি  কিছু প্ৰাৰ্থীয়ে  বিজ্ঞাপন  দাখিল  কৰে। আজিৰ  এই  হিচাব পৰীক্ষা  কৰা  সভাত  বেংক  বিষয়া  নিখিল  ভড়ালী  আৰু  দণ্ডাধীশ  প্ৰাঞ্জল প্ৰতীম কোৱৰো  উপস্থিত থাকে। উপায়ুক্ত কাৰ্যালয়ৰ  সভাকক্ষত আয়োজিত গুৰুত্বপূৰ্ণ এই  সভাত  প্ৰাৰ্থীৰ এজেন্টসকল  উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা