বঙাইগাঁৱত অগপ- বিজেপি আৰু ইউপিপিএল মিত্ৰজোঁটৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি

বঙাইগাঁওঃ২১ মাৰ্চ ঃ সমাগত বিধান সভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন ক্ৰমাৎ ওচৰ চাপি অহাৰ লগে লগে বঙাইগাঁও বিধান সভা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ মাজত নিৰ্বাচনী প্ৰচাৰ তথা তৎপৰতা বৃদ্ধি পাইছে ৷ এই নিৰ্বাচনী তৎপৰতাৰ মাজতে দেওবাৰে অগপৰ বঙাইগাঁও বিধান পৰিষদৰ কাৰ্যালয়ত বিধান সভা সমষ্টিটোৰ অগপ - বিজেপি আৰু ইউপিপিএল মিত্ৰ জোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ মিত্ৰজোঁটৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয় ৷ এই উপলক্ষে অগপৰ বঙাইগাঁও বিধান পৰিষদৰ সভাপতি বিজয় সিংহই অগপৰ , জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীয়ে বিজেপি দলৰ আৰু ইউপিপিএল দলৰ জিলা সভাপতি উপেন ব্ৰহ্মই ইউপিপিএল দলৰ পতাকা উত্তোলন কৰে ৷ ইয়াৰ পিচতে তিনিওটা দলৰ সভাপতিয়ে একেলগে কেক কাটি মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয়টো  আনুষ্ঠানিকভাৱে মুকলি কৰে ৷ অনুষ্ঠান তিনিওটা দলৰ নেতা- কৰ্মী উপস্থিত থাকে ৷ ইপিনে অসম মহিলা পৰিষদৰ সভানেত্ৰী বৰদা কলিতাই সংবাদ মাধ্যমৰ আগত কয় যে মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ বিজয় নিশ্চিত ৷ ইতিমধ্যে মনোনয়ন পত্ৰ দাখিলৰ দিনাই জনসমাগমে তাৰ প্ৰমাণ দিছে ৷ তাৰোপৰি এইবাৰ অগপ - বিজেপি আৰু ইউপিপিএল দল একেলগ হোৱাত শক্তি আৰু অধিক বৃদ্ধি পাইছে ৷ সেয়ে এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী বহু ভোটৰ ব্যৱধানত বিজয়ী হ'ব ৷ আনহাতে অগপ দলৰ সভাপতি বিজয় সিংহই কয় যে আমি মিত্ৰতাৰ ধৰ্ম পালন কৰি তিনিওটা দলে একেলগ হৈ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰিলো আৰু এতিয়াৰে পৰা তিনিওটা দলে একেলগ হৈ প্ৰতিটো নিৰ্বাচনী কাম - কাজ চলাই যাম ৷ সেইদৰে জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীয়ে কয় যে আমি নিৰ্বাচনী কাম - কাজত লাগি পৰিছো ৷ ৰাইজে মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক বিজয়ী কৰিব বুলি আশাবাদী বুলি কৈ কয় যে ৰাইজে ভৰসা কৰিব পৰা যদি এখন চৰকাৰ আছে তেতিয়াহলে সেইখন হ'ল মিত্ৰজোঁটৰ চৰকাৰ ৷ এইবাৰ বিপিএফ নাই যদিও ইউপিপিএল দল আমাৰ লগত আছে ৷ ইপিনে ইউপিপিএল দলৰ সভাপতি উপেন ব্ৰহ্মই কয় যে মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হ'ল আৰু এতিয়াৰে পৰা আমি কামত লাগি যাম ৷ আগন্তুক চৰকাৰখন মিত্ৰজোঁটৰ দলৰ চৰকাৰ হ'ব বুলি দাবী কৰি সভাপতি ব্ৰহ্মই কয় যে ফণীভূষণ চৌধুৰীক পৰাস্ত কৰিব পৰা ব্যক্তি আজিলৈকে কোনো ওলোৱা নাই ৷ সেয়ে এবাৰো তেওঁৰ বিজয় নিশ্চিত ৷  

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা