মই হাজো সমষ্টিৰ নেতা নহয়, বেটাহে —মহাজোঁট কংগ্ৰেছৰ প্ৰাৰ্থী আনোৱাৰ হুচেইন (গণেশ)

প্ৰতিবেদক , ৰঙিয়া, ২৫ মাৰ্চঃ
তিনিবছৰ বয়সত ঠেলা চলাইছিলো, দহবছৰ বয়সত গাড়ী হেণ্ডিমেন কৰিছো। পোন্ধৰ-বিশ বছৰ বয়সত গাড়ী চলাইছো।ইয়াৰ পিছতে মই ৰাজনৈতিক ভাৱে সমাজত লাগি থাকি ৰাইজৰ লগত কাম কৰি আছো।এনেক্ষেত্ৰত ৰাইজেওঁ মোক পূৰ্ণ সহাৰি দি আছে।উল্লেখ্য ২০১৩ চনত মোৰ পত্নী গাঁও পঞ্চায়তৰ সভানেত্রী আছিল। ২০১৮ চনত মোৰ ভাইটি জিলা পৰিষদৰ সদস্য হৈ বৰ্তমানলৈ ৰাইজৰ কল্যাণাৰ্থে কাম কৰি আছে ।ইতিমধ্যে এইবেলি অসম বিধান সভা নিৰ্বাচনত ৫৫ নং হাজো বিধান সভা সমষ্টিৰ পৰা মোক যোগ্য প্ৰাৰ্থী হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । আৰু মই আশাবাদী এইবাৰ ত্ৰিশ হেজাৰ ভোটৰ ব্যৱধানত বিজেপি দলৰ প্ৰাৰ্থী গৰাকীক পৰাজিত কৰিম। লগতে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দুলু আহমেদক শোচনীয় ভাৱে মাথোঁ পাঁচ হেজাৰ ভোটতে সীমিত ৰাখিম বুলি উদাক্ত ভাষণ ৰাখে আজি নিৰ্বাচনী কাৰ্য্যালয় উদ্ধোধন কৰি বালিসত্ৰ ধুহি বজাৰ চকত ৫৫ নং হাজো বিধান সভা সমষ্টিৰ মহাজোঁটৰ সমৰ্থিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আনোৱাৰ হুচেইন (গণেশ)য়ে। লগতে তেওঁ ভোটাৰ ৰাইজক সম্বোধি কয় যে মই হাজো সমষ্টিৰ নেতা নহয়, বেটাহে ।লগতে কয় যে হোজা সমষ্টিত বিগত সময়ত কোনো বিধায়কে সমষ্টিটোৰ সৰ্বাংগীন উন্নয়ন কৰিব নোৱাৰিলে। তেওঁ আগন্তুক সময়ত বিধায়ক হৈ সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ লগতে সকলো স্তৰৰ জনসাধাৰণৰ লগত জাতি বৰ্ণ নিৰ্বিশেষে মিলিজুলি কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁৰ ওচৰত ৰাইজে তাঁতবাতি কৰিব নেলাগে, তেওঁহেনো ৰাইজৰ ওচৰত নিজে উপস্থিত হৈ কৰণীয় খিনি কৰি দিয়া অংগীকাৰবদ্ধ হয়। আজিৰ কাৰ্যসূচীত প্ৰায় শতাধিক সৰু ডাঙৰ বাহনেৰে সমষ্টিটোৰ পশ্চিম বড়িগোগ মৌজা এলেকাত নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তোলে ।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা