নগাঁও সদৰত বিজেপিৰ প্ৰচাৰ অভিযান অব্যাহত

নগাঁও সদৰত বিজেপিৰ প্ৰচাৰ অভিযান অব্যাহত ৷


ৰাজ্যখনৰ ভিতৰতে নগাঁৱক সুৰক্ষিত- বিকশিত অঞ্চল হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে-- ৰূপক শৰ্মা ৷


নগাঁৱৰ পৰা দ্বীপেন শইকীয়াঃ নগাঁও সদৰ সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। আজি সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই সমষ্টিটো বিভিন্ন স্থানত প্ৰচাৰ অভিযান চলাই ভোটাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ২৪ মাৰ্চত প্ৰাৰ্থী গৰাকীয়ে সমষ্টিটোৰ অন্তৰ্গত তুলসী দেউৰী, বুঢ়া গোহাঁই থান, মহমৰীয়া, নগাঁও চহৰৰ গান্ধী নগৰত নিৰ্বাচনী সভা অনুষ্ঠিত কৰি ৰাইজক বিজেপি দলৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ আহ্বান জনায়। বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই বিজেপি আৰু অগপৰ স্থানীয় নেতা কৰ্মীক লগত লৈ এই অঞ্চল সমূহত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলে। নিৰ্বাচনী সভা সমূহত ভাষণ প্ৰদান কৰি তেওঁ কয়-  কোনো অপশক্তিয়ে যাতে অসমৰ সভ্যতা সংস্কৃতি ধ্বংস কৰিব নোৱাৰে তাৰ ব্যৱস্থা বিজেপি চৰকাৰে কৰিছে। আমাৰ মহিলা সকল যাতে অৰ্থনৈতিকভাবে সবল হ'ব পাৰে তাৰ বাবেও আমাৰ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। কংগ্ৰেছ আৰু এ আই ইউ ডি এফক কঠোৰ সমালোচনা কৰি শৰ্মাই কয়- কংগ্ৰেছে এ আই ইউ ডি এফৰ দৰে দলৰ বোকোচাত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হ'ব বিচাৰিছে। এই ক্ষেত্ৰত কংগ্ৰেছ কেতিয়াও সফল হ'ব নোৱাৰে। ভাষণ প্ৰসংগত এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ দৰে ব্যক্তি যাতে কোনো দিনেই অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে তাৰ বাবে বিজেপিক ভোট দিবলৈ ভোটাৰ ৰাইজক শৰ্মাই আহ্বান জনায়। নগাঁও সদৰ সমষ্টিক ৰাজ্যখনৰ ভিতৰতে এটা সুৰক্ষিত সমষ্টি আৰু বিকশিত অঞ্চল হিচাপে গঢ়ি তোলাৰ বাবে প্ৰয়াস কৰা হৈছে। নগাঁও চহৰৰ গান্ধী নগৰত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহন কৰি বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই কয়- নগাঁও সদৰ সমষ্টিৰ সকলো অঞ্চলৰ দৰে নগাঁও চহৰৰ উন্নয়নৰ ক্ষেত্ৰত মোৰ ৫ বছৰীয়া বিধায়কৰ কাৰ্যকালত বিৰামহীনভাৱে কাম কৰিছো। পূৰ্বৰ চৰকাৰে কৰিব নোৱাৰা চহৰখনৰ ভূঞাপট্টি দলং ৰাইজৰ বাবে মুকলি কৰি দিবলৈ সক্ষম হ'লো। তদুপৰি চহৰখনৰ সকলোবোৰ ৰাস্তা- ঘাট, নলা- নৰ্দমা নতুনকৈ নিৰ্মাণ কৰা হৈছে।  কলং নৈৰ সৌন্দৰ্য্য বৰ্ধন, মৰিকলং বিলক পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। চহৰখনক ৰাজ্যখনৰ ভিতৰতে এখন জাকত- জিলিকা চহৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। মোৰ ৫ বছৰীয়া কাৰ্যকালৰ উন্নয়নৰ ধাৰা অনাগত দিনত অব্যাহত থাকিব বুলি উল্লেখ কৰি শৰ্মাই আত্ম নিৰ্ভৰশীল আৰু বিকশিত অসম গঢ়ি তোলাৰ স্বাৰ্থত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ আহ্বান জনায়। ইপিনে আজি বিয়লিৰ পৰা নগাঁও চহৰৰ পানী গাঁও চাৰি আলি, নেতাজী পথ, শান্তিবন, দূৰ্গাবাৰী, আনন্দ নগৰ, শণি মন্দিৰ পথ, কেচা আলি ৰেল লাইন আদি অঞ্চলত পদ যাত্ৰা কৰি প্ৰাৰ্থী ৰূপক শৰ্মাই ৰাইজৰ আৰ্শীবাদ বিচাৰে। এই পদযাত্ৰাত বিজেপি প্ৰাৰ্থী গৰাকীক ৰাইজে বিপুল সঁহাৰি জনোৱা পৰিলক্ষিত হয়।  ইপিনে অসম গণ পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক সুজিত দাসে এখন সুৰক্ষিত অসম গঢ়ি তোলাৰ বাবে অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনাইছে।

লগত ফটো আছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা