গুৱাহাটীত মহিলা সাংবাদিকক দুৰ্ব্যৱহাৰ

গুৱাহাটী,১৫ মাৰ্চঃ সৰুসজাইৰ যতীন তামুলী পথৰ কাষত প্ৰগতি পথৰ ২নং উপপথটো নিৰ্মাণত হোৱা দুৰ্নীতি সন্দৰ্ভত সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক গুৱাহাটী পৌৰ নিগমৰ এগৰাকী দায়িত্বশীল বিষয়াই অনৈতিকভাবে বাধাপ্ৰদান কৰিব বিচৰা কাৰ্যই সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য মতে পথটো নিৰ্মাণত দুৰ্নীতি হোৱা বুলি অঞ্চলটোৰ জনসাধাৰণে দীৰ্ঘদিনৰ পৰা আপত্তি দৰ্শাই আহিছিল৷আজি এই সম্পৰ্কত কিছু তথ্য সংগ্ৰহ কৰিবলৈ দৈনিক অসমৰ লখৰাস্থিত সংবাদদাতা নীহাৰিকা গোস্বামীয়ে পৌৰ নিগমৰ এগৰাকী দায়িত্বশীল বিষয়া সীমান্ত জ্যোতি বৰুৱাৰ সৈতে যোগাযোগ কৰে৷কিন্ত বৰুৱাই প্ৰথমাৱস্থাত সাংবাদিকগৰাকীক এই সম্পৰ্কত  কোনো তথ্য দিবলৈ অস্বীকাৰ কৰি নানা ধৰণৰ অবান্তৰ কথাৰে ব্যতিব্যস্ত কৰি তোলে৷বৰুৱাই আনকি কোনো লোকৰ প্ৰৰোচনাত পৰিহে সাংবাদিকগৰাকীয়ে এই বাতৰিটো সংগ্ৰহ কৰিবলৈ যোৱা বুলি অভিযোগ কৰে।যি কথাই স্বাভাবিকতেই বহু প্ৰশ্নৰ উদ্ৰেক ঘটাইছে৷মন কৰিবলগীয়া যে প্ৰায় এবছৰৰ পূৰ্বে নিৰ্মাণ কৰা এই পথটোৰ নামত কিমান টকা আবন্টন দিয়া হৈছিল সেই কথায়ো পৌৰ নিগমৰ বিষয়া-কৰ্মচাৰীয়ে ৰাজহুৱা কৰা নাছিল যাৰ বাবে অঞ্চলটোৰ জনসাধাৰণে পৌৰ নিগমৰ বিষয়া-কৰ্মচাৰীৰ সততা সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰাৰ লগতে পথটোৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ তুলিছিল৷আজি সাংবাদিক গৰাকীৰে সৈতে কৰা অভব্য আচৰণৰ পিছত জনসাধাৰণৰ সন্দেহ বহুতেই সচা বুলি ভাবিবলৈ বাধ্য হৈছে৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা