বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত পোষ্টেল বেলট সম্পৰ্কত গুৰুত্বপূৰ্ণ সভা

বঙাইগাঁওঃ ১৬ মাৰ্চঃ বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত উপায়ুক্ত ডাঃ এম. এছ. লক্ষ্মীপ্ৰিয়াৰ সভাপতিত্বত  নিৰ্বাচন পৰিচালনাৰ লগত জড়িত অত্যাৱশ্যকীয় সেৱাৰ বিভাগীয় মুৰব্বী সকলৰ লগত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । এই সভাত উপায়ুক্ত গৰাকীয়ে বিভাগীয় মুৰব্বী সকল ৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিৰ নিৰ্বাচনৰ বাবে তেওঁলোকৰ বিভাগৰ নিয়োজিত কৰ্মচাৰিসকলে পোষ্টেল বেলটৰ জৰিয়তে ভোটদান কৰাৰ সুবিধা লাভ কৰিব পাৰিব  বুলি অৱগত কৰে ৷ এইক্ষেত্ৰত  যাতে কোনো লোকেই নিজৰ নিৰ্বাচনী কৰ্তব্য পালন কৰাৰ বাবে ভোটদান কৰাৰ পৰা বঞ্চিত নহয় তাৰ বাবে বিভাগীয় মুৰব্বীসকলক  গুৰুত্ব প্ৰদান কৰিবৰ বাবে আহ্বান জনায় ৷ এই সভাত বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া, জিলা উন্নয়ন আয়ুক্ত ,বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক, অতিৰিক্ত উপায়ুক্তৰ লগতে অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত বঙাইগাঁও স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ,  ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া ,  অসম ৰাজ্যিক পৰিবহন নিগম , বি এচ এন এল, এপিডিচিএল ৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়া সকল উপস্থিত থাকে ।

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা