উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষীৰ অভিযানত উদ্ধাৰ আঠ লক্ষাধিক টকাৰ গাড়ীসহ টিনপাত

পঙ্কজ নাথ, চাংসাৰি, ১৪ মাৰ্চ :

উত্তৰ গুৱাহাটীত ট্ৰাক হাইজেকাৰৰ দৌৰাত্মৰ মাজতে ভাল খবৰ আহি পৰিছে । উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে আঠ লক্ষাধিক টকাৰ গাড়ীসহ টিনপাত । উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী বিষয়া ডিম্পল গৈহাৰী আৰু চাংসাৰী আৰক্ষীৰ যৌথ উদ্যোগত চলোৱা অভিযানত হাজো চৰৰ গাঁওবুঢ়া পামৰ পৰা হাইজেক হোৱা টিনপাতৰ গাড়ীসহ আটক কৰিছে তিনি ট্ৰাক হাইজেকাৰ । আৰক্ষীয়ে আটকাধীন ট্ৰাক হাইজেকাৰৰ পৰা AS 25 P 2287 নম্বৰৰ পালচাৰ বাইক সহ ২৬০০০ টকাও উদ্ধাৰ কৰিছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৮৯/২১ উছ এছ ৪০৭ গোচৰৰজু কৰি তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে আজি আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা AS 01FC - 7645 নম্বৰৰ ট্ৰাকখন যোৱা ১৯ ফ্ৰেবুৱাৰীত উত্তৰ গুৱাহাটী ৰবি ষ্টীল নামৰ উদ্যোগ প্ৰতিস্থানৰ পৰা অৰুণাচললৈ টিনপাত লৈ যোৱা অবস্থাত  হাইজেক হৈছিল। 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা