সুমন হৰিপ্ৰিয়াৰ প্ৰাৰ্থীত্বকলৈ উত্তপ্ত হাজো
পঙ্কজ নাথ, চাংসাৰি, ১৬ মাৰ্চ :
হাজোত কেইবা শতাধিক যুৱ কাৰ্য্যকৰ্তাই বিজেপিৰ বিৰুদ্ধে ক্ষোভ উজাৰি বিছাৰিলে বিকল্পৰ সন্ধান। বিজেপিৰ চুড়ান্ত প্ৰাৰ্থীৰ তালিকাত হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াক পূনৰ প্ৰাৰ্থীত্ব দিয়াৰ পিচত সমষ্টিটোত একাংশ কৰ্মীৰ মাজত হোৱা ক্ষোভৰ উপসম আজিও কমা নাই৷
কালি সন্ধিয়া সমষ্টিটোৰ অন্তৰ্গত কঞাঁ বৰপূল্লা গাওঁ পঞ্চায়তৰ অধীনস্থ বৰপূল্লা গাৱঁৰ বিজেপি যুৱনেতা নিবাৰণ লহকৰৰ বাসগৃহত কেইবা শতাধিক যুৱ কাৰ্য্যকৰ্তা উপস্থিত হৈ নিবাৰণ লহকৰ জিন্দাবাদ,যুৱনেতা নিবাৰণ লহকৰক আমাক লাগে আদি শ্লোগানৰে পৰিবেশ উত্তাল কৰি তোলে৷
উল্লেখ্য যে ২০২১ চনত সমষ্টিটোৰ পৰা ৰাতুল শৰ্মা,নবদীপ কলিতা,ৰমনী মালাকাৰ,বিপুল দাস, নৱজ্যোতি দাস,তিলক শৰ্মা,নন্দন তালুকদাৰ, নিবাৰণ লহকৰকে ধৰি কেইবা গৰাকী দলীয় নেতাই প্ৰাৰ্থীত্ব বিছাৰি আবেদন কৰিছিল৷
কিন্তু সকলোৰে আশাত চেচাপানী ঢালি বিধায়িকা সুমন হৰিপ্ৰিয়াক পূনৰ প্ৰাৰ্থীত্ব দিয়াত সমষ্টিটোৰ চুকে কোনে ক্ষোভৰ উদ্গীৰণ হৈছে। অকল ইমানেই নহয় সমষ্টিটোৰ বিজেপি কৰ্মী সকলে ছোচিয়েল মিডিয়া ফেচবুকতো কটু সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে। বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী নেতা সকলে সহজ ভাবে লব পৰা নাই সুমন হৰিপ্ৰিয়াক।
অবেশ্যই নিবাৰণ লহকৰে অহা কালি হয়গ্ৰীৱ মাধৱ মন্দিৰ পৰা তেওঁৰ পৰবৰ্তী কাৰ্য্যব্যৱস্থা কি হয় তাক সদৰি কৰিব বুলি জানিবলৈ দিয়ে৷
Comments
Post a Comment