বঙাইগাঁও বিধান সভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শংকৰ প্ৰসাদ ৰায়ৰ মনোনয়ন পত্ৰ দাখিল

বঙাইগাঁওঃ১৮ মাৰ্চঃ অসম বিধান সভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে শংকৰ প্ৰসাদ ৰায়ে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত জিলা ৰিটাৰ্ণিং বিষয়া ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াৰ ওচৰত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে ৷ বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে বঙাইগাঁৱৰ দেউৰীপাৰাৰ পৰা চহৰখনৰ মাজেৰে এক মটৰ চাইকেল ৰেলী উলিয়ায় ৷ সহস্ৰাধিক দলীয় কৰ্মী- সমৰ্থকৰ অংশ গ্ৰহণেৰে প্ৰাৰ্থীগৰাকীক এখন জীপ গাড়ীত তুলি উলিওৱা এই ৰেলী চহৰৰ মাজেৰে পৰিভ্ৰমণ কৰি মনোনয়ন পত্ৰ দাখিল কৰাৰ বাবে জিলা উপায়ুক্ত কাৰ্যালয়ৰ গাতে লাগি থকা গান্ধী ময়দানত উপস্থিত হৈ ৰেলীৰ সামৰণি মাৰে ৷ ৰেলীত অংশ গ্ৰহণ কৰা কংগ্ৰেছ দলৰ কৰ্মীসকলে গোটেই পথছোৱা বিভিন্ন শ্লোগানেৰে মুখৰিত কৰি তোলে ৷ উল্লেখ্য যে গান্ধী ময়দানত কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত সমষ্টিটোৰ বিভিন্ন অঞ্চলৰ পৰাও বহু সংখ্যক দলীয় কৰ্মী - সমৰ্থক উপস্থিত হয় ৷ গান্ধী ময়দানত উপস্থিত হোৱাৰ পিছতে প্ৰাৰ্থী শংকৰ প্ৰসাদ ৰায়ে জিলা উপায়ুক্ত কাৰ্যালয়লৈ গৈ জিলা ৰিটৰ্ণিং বিষয়াৰ ওচৰত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে ৷ ইপিনে মনোনয়ন পত্ৰ দাখিল কৰি সংবাদ মাধ্যমৰ আগত কয় যে ফণীভূষণ চৌধুৰীয়ে ৩৫ বছৰে ৰাজত্ব কৰি যিখিনি কাম কৰিলে ৰাইজে দেখা পালে ৷ এতিয়া বঙাইগাঁওবাসীয়ে অনুভৱ কৰিছে যে কি হ'ল আৰু ক'ত আছো আমি ৷ সেয়ে এতিয়া ফণীভূষণ চৌধুৰীৰ সোঁহাত স্বৰূপ দীপু চৌধুৰী তেওঁৰ পৰা আঁতৰি গ'ল ৷ যুৱ চামৰ লগতে ৰাইজেও অনুভৱ কৰিছে যে এই ৩৫ বছৰত আমি সমাজখন আগুৱালো নে পিছুৱালো ৷ এই উপলব্ধি কৰিয়ে এইবাৰ ৰাইজে ভোটদান কৰিব আৰু বিবেক ভোট হ'ব ৷ বহুদিন পিচত বঙাইগাঁওবাসী ৰাইজে পৰিৱৰ্তনৰ যি চিন্তা কৰিছে সেই চিন্তাক মই স্বাগতম জনাইছো ৷ ইয়াত দুটা কথা চলি আছে আৰু সেয়া হ'ল পৰিৱৰ্তন আৰু উন্নয়ন ৷ তেওঁ সমষ্টিটোত মূল প্ৰতিদ্বন্দ্বি অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকী হ'ব বুলিও কয় ৷ কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে ৰাইজলৈ আহ্বান জনাই কয় যে ৩৫ বছৰে আপোনালোকে এজন মানুহক চালে ৷ সাতবাৰকৈ ভোট দিলে ৷ কিন্তু আপোনালোকৰ অভাৱসমূহ আৰু আপোনালোকৰ ল'ৰা - ছোৱীলীৰ ভৱিষ্যৎ সুৰক্ষিত হয় নে নহয় এবাৰ ভাৱি চাওক আৰু কথাখিনি গভীৰভাৱে উপলব্ধি কৰি তথা বিৱেচনা কৰি ভোটদান কৰক ৷ উল্লেখ্য যে মনোনয়ন পত্ৰ দাখিল কাৰ্যসূচীৰ ৰেলীত চি পি আই ( এম ) দলেও অংশ লয় ৷ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ পিচতে এতিয়া যুদ্ধংদেহীভাৱে নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত ৷ আনহাতে বঙাইগাঁও বিধান সভা সমষ্টিৰ পৰা এইবাৰ প্ৰাৰ্থীত্ব বিচাৰি বিমুখ হোৱা শ্যামল নাৰায়ণ দেৱক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক হিচাপে নিযুক্ত দিয়া হৈছে ৷  ইপিনে দলৰ কিছুমান সিদ্ধান্তত অসন্তুষ্ট হৈ বঙাইগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দেৱাশীষ গাংগুলীয়ে আজি দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে ৷ তেওঁ জিলা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ ওচৰত নিজৰ পদত্যাগ পত্ৰ দাখিল কৰে ৷ সেইদৰে বঙাইগাঁও জিলা ইণ্ডিয়ান ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ সাধাৰণ সম্পাদক পদৰ পৰা বিশ্বজিৎ দাসে পদত্যাগ কৰিছে ৷ বিশ্বজিৎ দাসে মনপুত প্ৰাৰ্থীক টিকত নিদিয়াৰ বাবে পদত্যাগ কৰে ৷ 


Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা