বঙাইগাঁও বিধান সভা সমষ্টিত কংগ্ৰেছ জয়ী হোৱাটো খাটাং - শংকৰ প্ৰসাদ ৰায়
অগপ দল এইবাৰ দুটা ভাগত বিভক্ত হোৱাটো খাটাং
বঙাইগাঁওঃ ৩০ মাৰ্চঃ অহা ছয় এপ্ৰিলত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বঙাইগাঁও বিধান সভা সমষ্টিৰ নিৰ্বাচনকলৈ এতিয়া নিৰ্বাচনী প্ৰচাৰ অভিযান একপ্ৰকাৰ তুংগত উঠিছে ৷ প্ৰতিটো ৰাজনৈতিক দলে এতিয়া দিনে নিশাই নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত ৷ আজি (মঙলবাৰে ) সমষ্টিটোৰ অন্তৰ্গত ঢালিগাঁৱৰ দৰ্শজ্যোতি খেল পথাৰত মহাজোঁটবন্ধনৰ সমৰ্থিত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শংকৰ প্ৰসাদ ৰায়ৰ সমৰ্থনত এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয় ৷ বঙাইগাঁও বিধান সভা সমষ্টি নিৰ্বাচনী কমিটিৰ সভাপতি জয়নাল আবেদীনৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী সভাত সমষ্টিটোৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শংকৰ প্ৰসাদ ৰায়ে ৰাইজক উদ্দেশ্যি দিয়া ভাষণত কয় যে ৰাইজে পৰিৱৰ্তন বিচাৰিহে এই সভাত অংশ গ্ৰহণ কৰিছে আৰু ৰাইজৰ উপস্থিতি দেখি অনুভব কৰিছো এইবাৰ যে পৰিৱৰ্তন হ'ব সেয়া খাটাং ৷ মানুহৰ অন্তৰত এটাই কথা যে ফণীভূষণ চৌধুৰীৰ পৰা পৰিত্ৰাণ লাগে ৷ আমি পৰিৱৰ্তন বিচাৰিছো ৷ সভাত কংগ্ৰেছ প্ৰাৰ্থী শংকৰ প্ৰসাদ ৰায়ে আৰু কয় যে ফণীভূষণ চৌধুৰীয়ে কেৱল এমৰেগাৰ ফলক কেইখন লিখাৰ বাহিৰে বা ৰেচন কাৰ্ডৰ চাউল কেইটা দিয়াৰ বাহিৰে তথা কংগ্ৰেছে দিয়া আই ৱাই আঁচনিৰ ঘৰ কেইটা দিয়াৰ বাহিৰে বিগত ৩৫ টা বছৰত কোনো বিশেষ কাম আজিলৈকে কৰা নাই আৰু তেওঁৰ সামৰ্থও নাই ৷ এই অঞ্চল ৰাজবংশী , বড়ো , মুছলমান লোকৰ অঞ্চল ৷ কিন্তু এই অঞ্চলৰ ৰাজবংশীসকলৰ যিটো জনজাতিকৰণৰ প্ৰধান দাবী ,সেই দাবী সন্দৰ্ভত ৩৫ টা বছৰে তেওঁ এবাৰো উল্লেখ নকৰিলে ৷ এই অঞ্চলত বঙাইগাঁও শোধনাগাৰক লৈ বহু ভটিয়নী উদ্যোগ স্থাপন কৰিব পৰা যায় যদিও একমাত্ৰ বিধায়কগৰাকীৰ অৱহেলাৰ কাৰণেই সেয়া হৈ নুঠিল ৷ সেয়ে ৰাইজে যদি মোক আৰ্শীৰ্বাদ দি প্ৰতিনিধি হিচাপে বিধান সভালৈ পঠিয়ায় ,তেতিয়াহলে প্ৰথমে মই এই অঞ্চলৰ অৰ্থনৈতিক ভেঁটি শক্তিশালী আৰু সবল কৰাৰ কাৰণে বিধান সভাৰ মজিয়াত মাত মাতিম ৷ কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ কাৰণেও সজোৰে মাত মাতিম ৷নাম - ফলক লিখাতেই ব্যস্ত নাথাকো ৷ ফণীভূষণ চৌধুৰীৰ এই ৩৫ বছৰীয়া ৰাজত্ব কালত আমাৰ এই গোটেই অঞ্চলটো পিচপৰি ৰ'ল ৷ সমষ্টিটোৰ অন্তৰ্গত বিটিচি এলেকাত বিধায়কগৰাকীয়ে উন্নয়নৰ নামত এটা ইটাও পেলোৱা নাই বুলি কয় ৷এয়া সেই অঞ্চলৰ ৰাইজৰ অভিযোগ বুলি কৈ যদিহে মই ইয়াৰ পৰা প্ৰতিনিধি হিচাপে বিজয়ী হৈ বিধান সভালৈ যাও ,তেতিয়াহলে প্ৰথম কাম বিটিচি অঞ্চলতে কৰিম বুলি কয় ৷ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে লগতে কয় যে যদিও মোৰ ঘৰ চিদলীত, কিন্তু এই ঢালিগাঁওখন মোৰ দ্বিতীয় ঘৰ ৷ এই ঢালিগাঁৱৰ বঙাইগাঁও শোধনাগাৰত যাতে এই অঞ্চলৰ ৰাইজৰ সুবিধা হয় আৰু সুবিধা গ্ৰহণ কৰিব পাৰে তথা বিভিন্ন অনুষ্ঠান গঢ়ি উঠে তাৰ বাবে মই যেতিয়া কোকৰাঝাৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি হৈ আছিলো সেই সময়তে মাত মতাৰ বাবে আজি শোধনাগাৰ কৰ্তৃপক্ষই সামাজিক দায়বদ্ধতা আঁচনিৰ জৰিয়তে উন্নয়নক কাম হাতত ল'বলৈ বাধ্য হৈছে ৷ বঙাইগাঁও শোধনাগাৰ , পূৰ্বৰ বিটিপিএচ তথা বৰ্তমান এনটিপিচি কংগ্ৰেছৰ অৱদান ৷ প্ৰয়াত মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ দিনত প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ফিটা কাটি উদ্ধোধন কৰিছিল ৷ কংগ্ৰেছৰ দিনতে সকলো উন্নয়ন হৈছে ৷ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে কয় যে ফণীভূষণ চৌধুৰীয়ে সাধাৰণ ৰাইজৰ ঘৰত গৈ কিছুমান মিছা কথা কৈ কৈ ৰাজনীতি কৰিলে ৷ তেওঁ কিছুমান মানুহৰ ওচৰত গৈ কয় যে এইবাৰ যে আপোনালোকে ই ভি এমযোগে ভোট দিব তাত সৰুকৈ এখন কাগজ ওলায় ৷ এই কাগজখন তেওঁলোকে দেখা পাব বুলি কয় ৷ যদি তাত হাতীৰ চিন নোলায় বা হাতীত ভোট নিদিয়ে ,তেতিয়াহলে তেওঁলোকৰ ৰেচনৰ চাউল কৰ্তন কৰা হ'ব বুলি দলৰ মানুহেও কৈ ফুৰা বুলি অভিযোগ কৰে ৷ সেয়ে আমি ফণীভূষণ চৌধুৰীৰ পৰা সমষ্টিবাসীৰ মত অনুসৰি পৰিত্ৰাণ বিচাৰিছো ৷ পৰিত্ৰাণ লাগিলে আমাক পৰিৱৰ্তন লাগিব ৷ পৰিৱৰ্তন কৰাৰ একমাত্ৰ উপায় হ'ল হাতৰ ছবিত ভোট দি ৰাইজে কংগ্ৰেছ দলৰ চৰকাৰক আনিব বুলি আশা প্ৰকাশ কৰে ৷
ইপিনে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে কয় যে ফণীভূষণ চৌধুৰীয়ে সদায় মানুহক ভয় খুৱায় , ভাবুকি দিয়ে আৰু টকা - পইচা দিয়ে ৷ এইটো সঁচা কথা ৷ বিগত ৩৫ বছৰৰ ন বছৰ এই পন্থা গ্ৰহণ কৰা নাছিল যদিও তাৰ পিচত এইদৰেই নিৰ্বাচন খেলি আহিছে ৷ এইবাৰ ইয়াত কংগ্ৰেছ জয়ী হোৱাটো খাটাং ৷ বঙাইগাঁও জিলাৰ তিনিওটা বিধান সভা সমষ্টিতে কংগ্ৰেছ দল বিজয়ী হ'ব ৷ কাৰণ ফণীভূষণ চৌধুৰীয়ে ইয়াত নিজৰ দলটোকে ঐক্যবদ্ধ কৰি ৰাখিব পৰা নাই ৷ তেওঁৰ সোঁহাত স্বৰূপ দীপু চৌধুৰী এতিয়া অজাপলৈ গৈছে ৷ সেয়ে অগপ দল এইবাৰ দুটা ভাগত বিভক্ত হোৱাটো খাটাং ৷ বিপিএফ যোৱাবাৰ অগপ - বিজেপিৰ সৈতে মিত্ৰতাত আছিল যদিও এইবাৰ কংগ্ৰেছ দলৰ সৈতে আছে ৷ এআইইউডিএফ তেওঁলোকৰ লগত আছিল যদিও এইবাৰ আমাৰ লগত আছে ৷ চিপিআই( এম) আছে ৷গতিকে আমি বঙাইগাঁৱত বিজয়ী হোৱাটো খাটাং ৷ বিপিএফৰ ২২ হাজাৰমান ভোট আছে ৷ গতিকে যোৱাবাৰ অগপ দলৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰা ৭৭ হাজাৰ ভোটৰ পৰা যদি ২২ হাজাৰ ভোট কমি যায় আৰু সেইখিনি যদি কংগ্ৰেছত যোগ হয় তেতিয়াহলে হিচাপটো তাতেই ওলাই যায় ৷ এআইইউডিএফ আৰু চিপিআই ( এম) ৰ ভোটৰ কথালৈ যাবই নালাগে ৷ বিপিএফেই গোটেই নিৰ্ণয় কৰিব ৷বিপিএফৰ ভোট যিফালে যাব তেঁৱে বিজয়ী হ'ব ৷ বিপিএফ দল যিহেতু আমাৰ লগত আছে সেয়ে আমাৰ এশ শতাংশ বিজয় নিশ্চিত ৷ যিহেতু বিপিএফ আছে , এআইইউডিএফ আছে ,চিপিআই ( এম ) আছে ,সেয়ে এশ ভাগৰ এশ শতাংশই বিজয়ী হোৱাটো খাটাং ৷
সভাত বঙাইগাঁও জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী জেবিনাৰা আহমেদ , বঙাইগাঁও জিলা বিপিএফৰ সভাপতি শুদ্ধ বসুমতাৰী , বঙাইগাঁও জিলা চি পি আই( এম) দলৰ সাধাৰণ সম্পাদক হৰেশ্বৰ দাস , অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ জ্যোতিৰ্ময় বৈশ্য, বঙাইগাঁও জিলা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি মৃণাল অধিকাৰীয়ে ৰাইজক উদ্দেশ্যি দিয়া ভাষণত বিজেপি দলৰ লগতে অগপ দলক তীব্ৰ সমালোচনা কৰে ৷ লগতে ৰাইজক মহাজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায় ৷
সভাত বিহাৰৰ বিধায়ক অমিত টুণ্ড , চত্তিশগড় প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা বঙাইগাঁও জিলা কংগ্ৰেছৰ তত্বাৱধায়ক ৰাজেন্দ্ৰ চাওকে ধৰি মহাজোঁটৰ বিভিন্ন দলৰ নেতা উপস্থিত থাকে ৷ উল্লেখ্য যে নিৰ্বাচনী সভাখনত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু সাংসদ গৌৰৱ গগৈ উপস্থিত থকাৰ কথা আছিল যদিও বতৰে বিধি পথালী দিয়াত উপস্থিত থাকিব নোৱাৰিলে ৷
প্ৰণৱ কুমাৰ ডেকা
বঙাইগাঁও
Comments
Post a Comment