Posts

Showing posts from September, 2021

দালালৰ বিৰুদ্ধে বৃহৎ অভিযান

দালালৰ বিৰুদ্ধে বৃহৎ অভিযান ষ্টাফ ৰিপ'ৰ্টাৰ : ৰাজ্যত দীৰ্ঘদিনৰ পৰা মাটিৰ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত মধ্যভোগীৰ কাম কৰি অহা দালাল শ্ৰেণীটোৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাই কঠোৰ হোৱাৰ ইংগিত কিছুদিন পুিৰ্বে দিয়াৰ পিছতে এতিয়া কাৰ্যক্ষেত্ৰত নামি পৰিছে আৰক্ষী বাহিনী। ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অৰ্ধ সহস্ৰাধিক দালালক আটক কৰিছে অসম আৰক্ষীয়ে। ইয়াৰ পিছতে ৰাজ্যত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সাধাৰণ ৰাইজ তথা মাটিৰ কামত চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ তাঁতবাতি কাঢ়ি মণ্ডল, তৰণী আদিৰ লগত দূৰ্ভোগ ভূগি থকাৰ ‍অভিজ্ঞতা থকা ভুক্তভোগীসকলে স্বাভাৱিকতে আনন্দিত হৈছে। অৱশ্যে ৰাজ্যৰ বিৰোধী পক্ষই এই কাৰ্যক সমৰ্থন কৰিলেও চৰকাৰে প্ৰকৃততে সৰু সুৰা দালালীসকলক ধৰি ডাঙৰ তথা ক্ষমতাশালীসকলক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ তুলিছে। সেয়া যিয়েই নহওক চৰকাৰে দালালৰাজত বিৰুদ্ধে যি অভিযান আৰম্ভ কৰিছে এয়া আধৰুৱা হৈ ৰ'ব যদিহে যিমান ক্ষমতাশালী হ'লেও পুলিয়ে পোখাই দাল‍ালৰাজক উৎসাত কৰা নহয়। উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা এই দালালৰাজৰ স্বীকাৰ হৈ আহিছে ৰাজ্যৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল। গুৱাহাটী মহানগৰীৰ লগতে ইয়াৰ পাৰ্শ্চৱতী

পঞ্চায়ত প্ৰতিনিধি-কৰ্মচাৰীৰ দৰমহাৰ বাবে ধন নাই চৰকাৰৰ : ৰঞ্জিত দাস

পঞ্চায়ত প্ৰতিনিধি-কৰ্মচাৰীৰ দৰমহাৰ বাবে ধন নাই চৰকাৰৰ : ৰঞ্জিত দাস ষ্টাফ ৰিপ'ৰ্টাৰ : অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডিমৌত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে ডিমৌৰ নহাট গাঁও পঞ্চায়তৰ সভানেত্ৰী পুষ্পা গগৈৰ বাসগৃহত উপস্থিত হৈ পঞ্চায়ত বিভিন্ন কাম-কাজৰ খতিয়ান লয়। তেঁও এম জি এমৰেগাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কামৰ অগ্ৰগতিৰ খতিয়ান লয়। তদুপৰি পঞ্চায়তবাসীয়ে খোৱাপানীৰ সুবিধা সুন্দৰকৈ লাভ কৰিছে নে, অন্যান্য সা-সুবিধাসমূহ লাভ কৰিছেনে সেয়া পঞ্চায়ত সভানেত্ৰী পুষ্পা গগৈৰ পৰা জানিবলৈ বিচাৰে। পঞ্চায়ত সভানেত্ৰীগৰাকীয়ে পঞ্চায়ত প্ৰতিনিধিসকলৰ পাৰিতোষিক মুকলি কৰি দিবলৈ আহ্বান জনায়। লগতে এম জি এনৰেগাৰ কৰ্মীসকলে মাননি বৃদ্ধিৰ বাবে অনুৰোধ জনায়। সদৌ অসম এম জি এনৰেগা কৰ্মী সন্থাৰ সম্পাদক কিৰণ কিশোৰ গগৈয়ে মন্ত্ৰীগৰাকীক ন্যায্য প্ৰাপ্যসমূহ প্ৰদান কৰিবলৈ আহবান জনায়। মন্ত্ৰী দাসে তেঁওলোকৰ প্ৰশ্নৰ উত্তৰত কয় যে, পঞ্চায়তৰ প্ৰতিনিধি-কৰ্মীসকলক পাৰিতোষিক দিবলৈ চৰকাৰৰ পুঁজিৰ অভাৱ। পূৰ্বৰ চৰকাৰে চতুৰ্থ আৰু পঞ্চম বিত্তীয় আয়োগৰ আঁচনিৰ ধনৰ পৰা কিছু অংশ আছুতীয়া কৰিহে পঞ্চায়ত প্ৰতিনিধিৰ পাৰিতোষিক দিছ

নেমু টেঙা আদৰ্শ গাওঁত ভাৰতীয় ষ্টেট বেংকৰ কৃষক সভাঃ

Image
নেমু টেঙা আদৰ্শ গাওঁত ভাৰতীয় ষ্টেট বেংকৰ কৃষক সভাঃ Oc/vo: গ্ৰাম্য অৰ্থনীতি তথা মহিলা সাৱলীকৰণৰ উদ্দেশ্যে ভাৰতীয় ষ্টেট বেংকে সদ্য স্বীকৃতি প্ৰাপ্ত নেমুটেঙা আদৰ্শ গাওঁত এখনি কৃষক সভাৰ আয়োজন কৰে৷ উল্লেখ্য যে নাহৰকটীয়া চেলেং চুক গাওঁৰ মহিলা সকলে নেমু টেঙাৰ খেটি কৰি নেমু আদৰ্শ গাওঁৰূপে আনুষ্ঠানিক স্বীকৃতি লাভ কৰাৰ পাছতে মহিলা কৃষকসকলক অৰ্থনৈতিক ভাবে ত্বৰান্বিত কৰিবলৈ ষ্টেট বেংকৰ নাহৰকটীয়া শাখাই গোট অনুপাতে ঋণ প্ৰদানৰ কথা ঘোষণা কৰছে৷ ভাৰতীয় ষ্টেট বেংকৰ ডিব্ৰুগড় জিলাৰ আঞ্চলিক প্ৰবন্ধক সমীৰ কান্ত ঝাৰ লগতে  নাহৰকটীয়া শাখা প্ৰবন্ধক, উপ প্ৰবন্ধক দ্বীপজ্যোতি দেকা, জয়পুৰ উন্নয়ন খণ্ডৰ খণ্ড প্ৰকল্প প্ৰবন্ধক দেবিত আক্কাৰ উপস্থিতিত তথা বিহু সুৰক্ষা সমিতিৰ ৰাজ্যিক সভাপতি বিশ্ব জনীন দত্তৰ পৌৰাহিত্যত প্ৰায় অৰ্ধশতাধিক কৃষিজিৱী মহিলাৰ হৈতে অনুষ্ঠিত সভাত ছ'টা কৃষক গোটক ভাৰতীয় ষ্টেট বেংকৰ একাউণ্ট খুলি পাচবুক প্ৰদান কৰে বেংকে৷ লগতে গোটসমূহলৈ নেমুটেঙা আৰু লিছুৰ পুলিও বিতৰণ কৰা হয়৷ এই সভাতে আঞ্চলিক প্ৰবন্ধক সমীৰ কান্ত ঝাই মহিলা সকলৰ লগতে গাম্য অৰ্থনীতি উন্নয়নৰ বাবে ভাৰতীয় ষ্টেট বেংকে অৰ্

গণতান্ত্ৰিক আন্দোলন অন্যায় ভাৱে দমন কৰা আৰু নামনি সোৱণশিৰি জলবিদুৎ প্ৰকল্গ বন্ধ কৰাৰ লগতে বিশেষজ্ঞ কমিতিৰ প্ৰতিবেদন ৰাজহুৱা কৰিৰ দাবীত ধৰ্ণাঃ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ::যুৱ-ছাত্ৰ পৰিষদৰ৷

Image
গণতান্ত্ৰিক আন্দোলন অন্যায় ভাৱে দমন কৰা আৰু নামনি সোৱণশিৰি জলবিদুৎ প্ৰকল্গ বন্ধ কৰাৰ লগতে বিশেষজ্ঞ কমিতিৰ প্ৰতিবেদন ৰাজহুৱা কৰিৰ দাবীত ধৰ্ণাঃ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ::যুৱ-ছাত্ৰ পৰিষদৰ৷ যোৰহাটঃ ২৩চেপ্তেম্বৰ৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কেন্দ্ৰীয় সমিতিয়ে ঘোষনা কৰা গণতান্ত্ৰিক আন্দোলন অন্যায় ভাৱে দমন কৰা আৰু নামনি সোৱনশিৰি জলবিদুৎ প্ৰকল্গ বন্ধ কৰাৰ দাবী জনাই আজি সমগ্ৰ অসমৰ লগতে যোৰহাটতো জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মূখত পৰিষদৰ প্ৰায় শতাধিক সদস্যই হাতে হাতে প্লে-কাৰ্ড লৈ নামনি সোৱণশিৰি জলবিদুৎ প্ৰকল্গ বন্ধ কৰক,গনতান্ত্ৰিক আন্দোলন অন্যায় ভাৱে দমন  কৰা বন্ধ কৰক, গনতান্ত্ৰিক আন্দোলন আমাৰ অধিকাৰ,বি জে পি চৰকাৰ হায় হায় আদি শ্ল'গানেৰে পৰিবেশ উত্তাৱল কৰি তুলি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।বাতৰি কাকতলৈ প্ৰেৰন কৰা এক প্ৰেছ বিবৃতিত জনায় যে  অসমীয়া জাতি ধ্বংশকাৰী জলবোমা ২০০০ মেগাৱাট ক্ষমতা সমপন্ন নামনি সোৱনশিৰি জলবিদুৎ প্ৰকল্গ অতি ভূমিকম্পন প্ৰৱন আৰু কোমল শিলাখণ্ডৰে আবৃত্ত পাহাৰত নিৰ্মাণ হৈ আছে যদিও ভূমিকম্পৰ ফলত যি কোনো মূহূৰ্তত এই প্ৰকল্গৰ নদী বান্ধ ভাঙি অসম নিঃচিহ্ন কৰি

শিৱসাগৰত পাঁচটা মাটিৰ দালাল গ্ৰেপ্তাৰ

*শিৱসাগৰত পাঁচটা মাটিৰ দালাল গ্ৰেপ্তাৰ* আমাৰ চিঞৰ শিৱসাগৰ: মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা  কিছুদিন পূৰ্বে ৰাজ্যৰ ৰাজহ বিভাগত চলি থকা দালাল ৰাজ উৎখাত কৰা হ'ব বুলি ঘোষণা কৰাৰ পিছতে এই ক্ষেত্ৰত অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে শিৱসাগৰতো মাটিৰ দালালৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান। যোৱা  নিশাৰে পৰা শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিযানত শিৱসাগৰ  জিলাটো  বিভিন্ন প্ৰান্তৰ পৰা পাঁচটা দালালক আটক কৰে । শিৱসাগৰ  দৰিকাপাৰৰ সমীপৰ নামতিয়াল পথাৰৰ   পৰা প্ৰবীণ বুঢ়াগোহাঁই , আমগুৰি হিলৈধাৰীৰ  তপন বৰুৱা,  ধাই আলিৰ মঞ্জুলুৰ হুছেইন , বুবুল আহমেদ ,    মৰনৈ কিনাৰৰ ৰকিব আলিক  আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। অৱশ্যে এই সন্দৰ্ভত বৰ্তমানলৈকে শিৱসাগৰ আৰক্ষীয়ে সংবাদ মাধ্যমত আগত ভাষ্য  প্ৰদান  কৰা নাই।

জেষ্ঠ সাংবাদিক মনজিত বৰাক শ্বহীদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী বঁটা প্ৰদান

Image
*জেষ্ঠ সাংবাদিক মনজিত বৰাক শ্বহীদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী বঁটা প্ৰদান* আমাৰ চিঞৰ শিৱসাগৰ: শিৱসাগৰ প্ৰেছ ক্লাৱত কভিড নীতি-নিয়যৰ মাজেৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জেষ্ঠ সাংবাদিক, অসম আদিত্য বাতৰি কাকতৰ কাৰ্যবাহী সম্পাদক মনজিত বৰাক শ্বহীদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী বঁটা প্ৰদান কৰা হয়।সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত প্ৰদান কৰি অহা এই বঁটা ২০১২১ বৰ্ষৰ বাবে আজি জেষ্ঠ সাংবাদিক মনজিত বৰাক প্ৰদান কৰে।শিৱসাগৰৰ সমাজকৰ্মী এম.আই.বড়াৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত শিৱসাগৰৰ জেষ্ঠ সাংবাদিক এনামুদ্দিন আহমেদ,শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ সভাপতি ভৈৰৱ মুণ্ডা, ঐক্য সেনাৰ ফৰিদ ইছলাম হাজৰিকা আৰু এজেৱাইচিপিৰ উপদেষ্টা জয়সূৰ্য বৰাই বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে। ছাত্ৰ সংগঠনটোৰ তৰফৰ পৰা মনজিত বৰাক সম্বৰ্ধনা পত্ৰৰ লগতে গামোচা, জাপি,চেলং চাদৰ,সঁফুৰাৰে উৰুলি ধ্বনিৰ মাজৰে বঁটা প্ৰদান কৰা হয়। বঁটা গ্ৰহণ কৰি জেষ্ঠ সাংবাদিক গৰাকীয়ে কেতবোৰ তাৎপৰ্যপূৰ্ণ বিষয় উল্লেখ কৰি কয় যে-সাংবাদিকতাৰ বাবে বহু অজান শত্ৰু আছে।কিন্তু সমাজক গতি প্ৰদান কৰাৰ স্বাৰ্থত

ৰঙিয়াত বাইকৰ টুলবক্স ভাঙি দিন দুপৰতে লুটি নিলে ১ লাখ ২০ হাজাৰ টকা

ৰঙিয়াত বাইকৰ টুলবক্স ভাঙি দিন দুপৰতে লুটি নিলে ১ লাখ ২০ হাজাৰ টকা  প্ৰতিবেদক, ৰঙিয়া, ১৬ ছেপ্টেম্বৰঃ অপৰাধীৰ ৰম্যভূমিত পৰ্যবসিত হৈছে ৰঙিয়া চহৰ । আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীয়ে গিজগিজাই থকা সত্বেও প্ৰায়ে সংঘটিত হৈ আহিছে চুৰি, ডকাইতি, ধন লুটৰ দৰে উদ্বেগজনক ঘটনা।আৰক্ষীয়ে এই সকল ঘটনাৰ লগত জড়িত প্ৰকৃত দুৰ্বৃত্তক আটক কৰিব নোৱাৰাৰ উপৰি এই ধৰণৰ ঘটনাবোৰ ৰোধ কৰিবও পৰা নাই।আনহাতে আজি দিন দুপৰতে এজন শিক্ষকৰ বাইকৰ টুল বস্ক ভাঙি অতি কৌশলেৰে ১ লাখ ২০ হাজাৰ টকা লুট কৰি নিয়ে দুৰ্বৃত্তই। শিক্ষকজনে বেংকৰ পৰা ধনখিনি উলিয়াই আনি বাইকৰ টুল বক্সত লৈ ঘৰলৈ গৈ থকাৰ সময়তে ৰঙিয়াৰ বেচৰকাৰী বাছ আস্থানত অলপ বজাৰ কৰিবলৈ বাইকখন থৈ যোৱাৰ লগে লগে বক্স ভাঙি ধনখিনি নিবলৈ সক্ষম হয়। জানিব পৰা মতে ৰঙিয়া টাউনৰ শংকৰদেৱ নগৰৰ বাসিন্দা শিক্ষক বলোদেৱ কলিতাই ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাৰ পৰা ১ লাখ ২০ হাজাৰ টকা উলিয়াই আনিছিল। ধন লুট কৰি পলায়ন কৰা দুই দুৰ্বৃত্তই পলায়ন কৰা দৃশ্য ইতিমধ্যে বন্দী হৈছে চিচিটিভিত। পিছত ভুক্তভোগী লোকজনে ঘটনা সন্দৰ্ভত ৰঙিয়া থানাত এখন এজাহাৰ দাখিল কৰে। অপৰাধীক শীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্ত মূলক শাস্তি দি

শিৱসাগৰত তিনি তালাকৰ ঘটনা

*শিৱসাগৰত তিনি তালাকৰ ঘটনা*  *মহিলা অধিবক্তাক দিলে তিনি তালাক* *এজাহাৰ দাখিলৰ পিছতো আৰক্ষীৰ অভিযুক্তলৈ বিশেষ দৰদ : ন্যায় বঞ্চিত অধিবক্তা পত্নীৰ আৰক্ষী থানালৈ*  আমাৰ চিঞৰ শিৱসাগৰ: তিনি তালাক প্ৰথাক আইন কৰি নিষিদ্ধ কৰাৰ সময়তে শিৱসাগৰত সংঘটিত হৈছে এটা তিনি তালাকৰ  ঘটনা । যি ঘটনাই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইফালে, আৰক্ষীৰ বিৰুদ্ধে উঠিছে অপৰাধীৰ পক্ষ লোৱাৰ অভিযোগ। কেৱল সিমানেই নহয়, অপৰাধীৰ বিৰুদ্ধে উঠিছে জালিয়াতিৰে  শাহুৱেকৰ মাটি  আত্মসাৎৰ অভিযোগ। ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য মতে, শিৱসাগৰৰ ধাইআলিৰ নিবাসী চৈয়দ ৱাহিদ হুছেইন নামৰ ব্যক্তিজনে প্ৰায় দুটা বছৰ পূৰ্বে ডিব্ৰুগড় জিলাৰ মৰাণৰ  মুচফি চুলতানা আহমেদ নামৰ যুৱতী গৰাকীক সম্পূৰ্ণ সামাজিক নিয়মেৰে বিয়া কৰাই আনে। কিন্তু বিয়াৰ দুমাহমানৰ ভিতৰতে দুয়োৰে মাজত মনোমালিন্য তথা বাক-বিতণ্ডা আৰম্ভ হয়। যাৰ বাবে মুচফি পিতৃগৃহলৈ ঘুৰি যাবলৈ বাধ্য হয়। ইয়াৰ পিছতে ৱাহিদে অতিকৌশলেৰে মুচফিৰ মাতৃ ৰুচনা বেগমৰ নামত থকা তিনি কঠা সাত লোচা মাটি আত্মসাৎৰ ফন্দি ৰচনা কৰে। যাৰবাবে উপায়ন্তৰ হৈ মুচফিয়ে শিৱসাগৰ সদৰ থানাত ৱাহিদৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহা

advt

Image

গড়ৰ খৰ্গ জ্বলাব ৰাজ্য চৰকাৰে

গড়ৰ খৰ্গ জ্বলাব ৰাজ্য চৰকাৰে। ড্ৰাগছৰ পিছত এইবাৰ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে এশিঙীয়া গড়ৰ খৰ্গ জ্বলাবলৈ। ৰাজ্যৰ বিভিন্ন জিলাত থকা কোষাগাৰত দীৰ্ঘদিন ধৰি জমা হৈ আছে প্ৰায় আঢ়ৈ হাজাৰ খৰ্গ । এই খৰ্গ জ্বলাই দিয়াৰ সিদ্ধান্ত লৈছে কেবিনেটে। অৱশ্যে জমা থকা খৰ্গৰ  ৯৪ টা প্ৰদৰ্শনৰ বাবে সংৰক্ষণ কৰিব চৰকাৰে। উল্লেখ্য যে বন বিভাগৰ কৰ্মী তথা অসম আৰক্ষীয়ে বহু সময়ত গড়ৰ চোৰাং বেহাৰ বিৰুদ্ধে চলোৱা অভিযানত জব্দ হৈছিল এই খৰ্গসমূহ । যিসমূহ কোষাগাৰসমূহত পৰিত্যক্ত হৈ আছে। তাৰোপৰি গড়ৰ খৰ্গৰ ক্ষেত্ৰত থকা অন্ধবিশ্বাসৰ বিৰুদ্ধে এক বাৰ্তা দিয়াৰ বাবেই চৰকাৰে জ্বলাব লোৱস বুলিও একাংশই সন্দেহ প্ৰকাশ কৰিছে।

মাজুলীত চক্ৰবেহুত সোনোৱাল

মাজুলীত চক্ৰবেহুত সোনোৱাল ষ্টাফ ৰিপোৰ্টাৰ : মাজুলীৰ নিমাতীঘাটৰ নাঁও দূৰ্ঘটনাক কেন্দ্ৰ কৰি বিজেপিৰ অভ্যন্তৰত লৱীকেন্দ্ৰিক ৰাজনীতিৰ চিকাৰ হ'বলৈ গৈ আছে নেকি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্ৱানন্দ সোনোৱাল? এই প্ৰশ্নই এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত চৰ্চাৰ সৃষ্টি কৰিছে। নিমাতীঘাটৰ নাঁও দূৰ্ঘটনাৰ বাবে দলং নোহোৱাটোক দায়ী কৰিব খুজি ৰাজ্যৰ এটা চামে প্ৰচাৰ চলাই গৈছে। এই চামৰ মতে দুবাৰকৈ আধাৰশিলা স্থাপনৰ পিছতো কিয় দলং নিৰ্মাণৰ কাম আৰম্ভ নহ'ল? মাজুলীৰ বিধায়কৰূপেই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা সৰ্বানন্দ সোনোৱালে বহুবাৰ সভাই সমিতিয়ে নিজেই কৈ আহিছে দলঙৰ কথা। কিন্তু তাৰ পিছতো তেঁওৰ দিনৰ নিৰ্মানেই আৰম্ভ নোহোৱা কথাটোক লৈ সেয়া তেঁওৰ ব্যৰ্থতা আৰু ৰাজনৈতিক কৌশল বুলি প্ৰচাৰ চলোৱা হৈছে। খোদ মুখ্যমন্ত্ৰী হৈ থকা মাজুলীৰ বিধায়ক সোনোৱালৰ দিনত কেনেদৰে অসাধু লেচীয়ে মাজুলীত দপদপাই অাছিল, আভ্যন্তৰীন জল পৰিবহন বিভাগৰ অত্যাধুনিক জাহাজ নচলাই চৰকাৰী নীতি নিয়ম ভৰিৰে ঠেলি কেনেদৰে এক ইঞ্জিনযুক্ত মাৰনাঁওৰে অত্যধিক যাত্ৰী কঢ়িয়াই সোনোৱালৰ ভোটদাতা মাজুলীবাসীৰ জীৱনক লৈ হেতালি খেলা হৈছ

ৰাজ্যৰ বিভিন্ন প্ৰান্তাৰ লগতে হোজাই জিলা লামডিংত নেপালী সম্প্ৰদায়ৰ তীজ পূজা পালন

Image
ৰাজ্যৰ বিভিন্ন প্ৰান্তাৰ লগতে হোজাই জিলা লামডিংত নেপালী সন্পদায়ৰ তীজ পূজা পালন কৰা হয় ৷ হোজাই জিলা লামডিং খাঙাৰগাওঁ গোৰ্খা ক্লাৱৰ উদোগত নেপালী সন্পদায়ৰ পৰম্পৰা ৰক্ষা কৰি এক ব্যতিক্ৰমী পূজা আৰু এই পূজাৰ নাম হল তীজ পূজা ৷ নেপালী মহিলা সকলে আমাক জানিব দিয়া মতে ছোৱালী সকলে নিজৰ মনকামণা পূৰণৰ বাবে এই তীজ পূজা কৰে নেপালী সকলে আৰু এই নেপালী সন্পদায়ৰ যুগ যুগ ধৰি চলি অহা তীজ পূজা ৷ এই পূজাত সকলো নিয়ম নীতি মানি নেপালী ঢাক , উৰুলি, শংখধ্বনি, ঘণ্টাৰ শব্দই গুঞ্জৰিত হৈছে পূজাৰ মণ্ডপখনি আৰু এই অসমৰ বিভিন্ন প্ৰান্তাৰ পৰা অহা মহিলা সকলে বিভিন্ন মন্ত্ৰ উচ্চাৰণ কৰা দেখা পোৱা গৈছে ৷ এই পূজা দেখাৰ কাৰণে ব্যস্ত হৈ পৰিছে লামডিং বাসী ৰাইজ৷ ৰাতি ৭ বজাৰ পৰা গীত মাতৰ আধাৰত সংগীতানুষ্ঠান অনুষ্ঠিত হয়।তীজৰ এই অনুষ্ঠানত খাঙাৰগাওঁ অঞ্চলটোৰ নেপালী সন্পদায়ৰ সকলো মহিলা মিলি গীত পৰিবেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। অনুষ্ঠানটো পৰিচালনা কৰে খাঙাৰগাওঁ গোৰ্খা ক্লাৱৰ মহিলা সদস্য সকলে ৷  লামডিংৰ এই  তীজৰ মণ্ডপখিনি ধুনীয়া কৰি সজাই তোলা হৈছে যাৰ বাবে এতিয়া আকৰ্ষিত কৰিছে সকলোকে। লামড়িৎ পৰা অভিষেক সৰকাৰ প

বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্তকৃষ্ণাইৰ টেপাকোণাঃ চৰকাৰক সদয় হ’বলৈ আহ্বান শীতলা নামতি দলৰ

Image
গোৱালপাৰা জিলাৰ দুধনৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত তথা কৃষ্ণাইৰ মোলানডুবি গাওঁ পঞ্চায়তৰ অধীনস্থ টেপাকোণা এখন অনগ্ৰসৰ গাওঁ ৷ অতি প্ৰাচীন গাওঁখন আজিও বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ৷ প্ৰায় পঞ্চাশটা পৰিয়ালে বসতি কৰি থকা টেপাকোণা গাওঁ খন আজিও বঞ্চিত চৰকাৰী প্ৰায়বোৰ সা সুবিধাৰ পৰা ৷ পিছে , বিভিন্ন সমস্যাত ককবকাই থাকিলেও আধুনিক সমাজ খনৰ স’তে তাল মিলাই চলিবলৈ আগ্ৰহী এই অঞ্চলৰ লোক ৷ বিশেষকৈ মহিলা সকলৰ সামাজিক চেতনা খুবেই প্ৰখৰ ৷ বিভিন্ন সামাজিক কৰ্মত জড়িত টেপাকোণাৰ মহিলা সকলে ইতিমধ্যে জন্ম দিছে শীতলা নামতি দল ৷ গাওঁখনৰ শীতলা মন্দিৰক কেন্দ্ৰ কৰিয়ে গঢ়ি উঠিছে এই নাম দল ৷ শীতলা নামতি দলে নিজ গাঁওখনৰ লগতে জিলাখনৰ বিভিন্ন অঞ্চলত নাম গাই সুনাম অৰ্জন কৰিছে ৷ সহজ সৰল এই মহিলা সকলৰ এটাই আশা টেপাকোণাৰ প্ৰতি  চৰকাৰী পক্ষ সদয় হওক আৰু গাওঁ খনৰ শ্ৰীবৃদ্ধিত সহায় দান কৰক ৷ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, first news report

১১ ছেপ্তেম্বৰ

১১ ছেপ্তেম্বৰ ষ্টাফ ৰিপোৰ্টাৰ : অহা ১১ ছেপ্তেম্বৰত আফগানিস্তানত নতুন চৰকাৰৰ শপত লব তালিবানে। কিন্তু কিয় ১১ ছেপ্তেম্বৰক বাচি ল'লে তালিৱানে? আমেৰিকালৈ কিহৰ ইংগিত?        আজিৰ পৰা প্ৰায় ২০ বছৰ পূৰ্বে ২০০১ চনৰ এই ১১ ছেপ্তেম্বৰতে তালিবানৰ আশ্ৰয়ত লালিত পালিত আল কায়ডাই আমেৰিকা যুক্তৰাষট্ৰৰ বিশ্ব্ বাণিজ্য কেন্দ্ৰত আক্ৰমণ কৰি ধ্বংস কৰিছিল। প্ৰাণ হেৰুৱাইছিল শতাধিক লোকে। আমেৰিকাৰ মহাশক্তিৰ গৌৰৱক ধূলিত বিলীন কৰি দিয়া এই ঘটনাটোৰ প্ৰতিশোধ লবলৈ আমেৰিকাই আফগানিস্তানত চলাইছিল সামৰিক অভিযান। সেই সময়ৰ জৰ্জ বুশ্ব প্ৰশাসনে আফগানিস্তানত উৎসাত কৰিছিল তালিবানৰাজ। পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ শাসনকালত ২০১১ চনৰ ২ মে'ৰ দিনা আমেৰিকাৰ ছীল কমাণ্ডোৱে পাকিস্তানৰ সামৰিক চহৰ এবোটাবাদত বিশেষ অভিযান চলাই ৯/১১ ৰ মাষ্টাৰমাইণ্ড লাডেনক হত্যা কৰে। কিন্তু লাডেনৰ আল কায়ডাই যি তালিবানীৰ ছত্ৰছায়াত ৯/১১ ৰ কু অভিসন্ধি ৰচিছিল সেই তালিবানে এতিয়া পুনৰ আফগানিস্তানত চৰকাৰ গঠন কৰিবলৈ ওলাইছে। জ বাইডেনৰ আমেৰিকাই অঘোষিত আত্মসমৰ্পন কৰি আতৰি গ'ল আফগানিস্তানৰ পৰা। বিশ্ব বাণিজ্য কেন্দ্ৰত আক্ৰমণৰ দিনটোতেই তালিবানে শপত গ্ৰহণৰ

4

দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত

পেৰাঅলিম্পিকত ভাৰতৰ ১৯ গৰাকীৰ পদক দখল,

শাৰীৰিকভাৱে তেঁওলোক বিশেষভাৱে সক্ষম, কিন্তু দেশৰ বাবে আছে উদ্যম পেৰাঅলিম্পিকত ভাৰতৰ ১৯ গৰাকীৰ পদক দখল, যি এক ভাৰতৰ ইতিহাস। আজি জাপানৰ টকিঅত অন্ত পৰিল পেৰাঅলিম্পিক। ভাৰতে দখল কৰিলে ৫ টা সোন, ৮ টা ৰূপ আৰু ৬ টা ব্ৰঞ্জৰ পদক। ভাৰত পদক তালিকাত ইতিহাসৰ সৰ্বোচ্চ ২৪ তম স্থানত থাকিল।  যত চীনে শীৰ্ষস্থান, গ্ৰেট ব্ৰিটেইনে দ্বিতীয় স্থান আৰু আমেৰিকাই দখল কৰিছে তৃতীয় স্থান। উল্লেখ্য যে যোৱা ২৪ আগষ্টৰ পৰা আৰম্ভ হোৱা পেৰঅলিম্পিকৰ আজি সামৰনি পৰে।

গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে বটদ্ৰৱা থানত ভক্তিৰ নিজৰা≈≈হৰি নামৰ ধ্বনিৰে মুখৰিত গুৰুজনাৰ ওপজাভূমি

Image
# গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে বটদ্ৰৱা থানত ভক্তিৰ নিজৰা≈≈হৰি নামৰ ধ্বনিৰে মুখৰিত গুৰুজনাৰ ওপজাভূমি # নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৮ ছেপ্টেম্বৰঃ সমগ্ৰ ৰাজ্যজুৰি আজি উদযাপন কৰা হয় অসমীয়া কৃষ্টি-সাহিত্য-সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৪৫৩ তম্ তিৰোভাৱ তিথি ৷ সেয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে গুৰুজনাৰ পবিত্ৰ জন্মভূমিৰ শ্ৰী শ্ৰী বটদ্ৰৱা থানতো পুৱাৰে পৰা হৰি নামৰ অমৃতসৰ নিজৰা বোৱাই এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হয় । আচলতে প্ৰতি বছৰে পৰম্পৰাগতভাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাৰ শ্ৰী শ্ৰী বটদ্ৰৱা থানত গুৰুজনাৰ তিৰোভাৱ তিথি "গুৰু কীৰ্তন" উৎসৱ হিচাপে দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় । তদ্ৰুপ এইবাৰো কৰ’না সৃষ্ট দোমোজাময় পৰিবেশৰ মাজতে ধৰ্মীয় ৰীতি-নীতি তথা পৰম্পৰা ৰক্ষা কৰি নাম কীৰ্তন, প্ৰসংগৰ মাজেৰে অনুষ্ঠিত হয় এই গুৰু কীৰ্তন । সেই অনুসৰি কালি গুৰু কীৰ্তনৰ গন্ধোৎসৱ উপলক্ষে ৰাম ধেমালি, বাহাৰ নাচৰ আদি বিভিন্ন অনুষ্ঠান সম্পন্ন হোৱাৰ পাছত আজি পুৱা তাল কোবোৱা প্ৰসংগ, মঞ্জিৰা নামৰ পাছত আই সকলৰ নাম, খোল প্ৰসঙ্গ, দুপৰীয়া কীৰ্তন, ঘোষা কীৰ্তন আদিৰ লগতে বিভিন্ন কাৰ্যসূ

আকাশ নিবিড়ৰ "ইটো-সিটো" শীৰ্ষক গীতটিৰ চিত্ৰ গ্ৰহণ।*

Image
*আকাশ নিবিড়ৰ "ইটো-সিটো" শীৰ্ষক গীতটিৰ চিত্ৰ গ্ৰহণ।*      নাহৰকটীয়াৰ উদীয়মান কণ্ঠশিল্পী আকাশ নিবিড়ৰ জনপ্ৰিয় "বিয়া পাতিলে নহব ওহোঁ ওহোঁ লাগিব" শীৰ্ষক বিহুসুৰীয়া গীতটোৱে অসমৰ ৰাইজৰ সমাদৰ লাভ কৰাৰ পিছত এইবাৰ আন এটি গীত ৰাইজৰ ওচৰলৈ লৈ আহিছে কণ্ঠশিল্পী গৰাকীয়ে।        দিনেশ সোণোৱালৰ কথা আৰু ভাস্কৰ নীলমৰ সুৰেৰে প্ৰাণ দিয়া ইতিমধ্যে অডিও ৰেকৰ্ডিং সম্পুৰ্ণ হোৱা "ওহোঁ ওহোঁ ৰিটাৰ্নচৰ ইটো-সিটো" শীৰ্ষক বিহুসুৰীয়া গীতটিৰ আজি ভিডিঅ ছুটিং আৰম্ভণি কৰে।           "ইটো-সিটো" ভিডিঅ গীতটিত অভিনয়ত অসমৰ ৰাইজে দেখিবলৈ পাব জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপষ্টৰ শিল্পীসকলৰ লগতে জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকা আৰু উজনি অসমৰ টিক টকৰ হিৰ চিবাৰন গগৈক।                     অতি কমদিনৰ ভিতৰতে অসমৰ ৰাইজে ওহোঁ ওহোঁ ৰিটাৰ্ণচ ৰ ইটো সিটো শীৰ্ষক গীতটো উপভোগ কৰিবলৈ পাব বুলি উদীয়মান শিল্পী আকাশ নীবিৰে আশা প্ৰকাশ কৰিছে।

সাৰৰ ক’লাবজাৰক লৈ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

Image
*সাৰৰ ক’লাবজাৰক লৈ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া।*      উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰকাৰখানা হৈছে নামৰূপ সাৰকাৰখানা (BVFCL)। আৰু এই সাৰকাৰখানাৰ মাৰ্কেটিং বিভাগৰ পৃষ্ঠপোষকতাত চলিছে ৰাসায়নিক সাৰৰ কলা বজাৰ। এই সাৰৰ চোৰাং বেহা চলোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল সাৰ উদ্যোগটোৰ চীফ মাৰ্কেটিং মেনেজাৰ আৰু এৰিয়া মেনেজাৰ। গতিকে দীৰ্ঘদিনৰ পৰা চলি অহা সাৰৰ এই চোৰাং বেহাৰ লগত উচ্চপদস্থ বিষয়া আমোলা জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ নেতৃবৃন্দয়। গতিকে এই সমগ্ৰ বিষয়টোত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই ভিজিলেন্সৰ যোগেদি এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে যাতে এই সাৰৰ কলা বজাৰৰ লগত জড়িত ৰৌ, বৰালি আৰক্ষীৰ জালত পৰে।      নাহৰকটীয়াৰ পৰা গগণ হাজৰিকা, ফাৰ্ষ্ট নিউজ ৰিপৰ্ট । ০৬।০৯।২০২১।।

লাহৰীঘাট ৭জনকৈ ছাইবাৰ অপৰাধী গ্ৰেপ্তাৰ ।

Image
লাহৰীঘাট ৭জনকৈ ছাইবাৰ অপৰাধী গ্ৰেপ্তাৰ । -লাহৰীঘাটত চাইবাৰ ক্ৰাইমত জড়িত ৭টা কৈ অপৰাধী গ্ৰেপ্তাৰ ।লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অদিত বড়োৰ  তৎপৰতাত লাহৰীঘাটত অব্যাহত থকা চাইবাৰ ক্ৰাইমৰ চক্ৰটোৰ ৭টাকৈ অপৰাধীক কালি ধোৱামাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে । ইয়াৰ লগতে ১০৭ টা চীম কাৰ্ড,মবাইল চেট ১০ টা আধাৰ কাৰ্ড ২টা , পান কাৰ্ড ২টা চুইফ মেচিন ১টা ,এ টি এম কাৰ্ড ১০ টা আৰু বেংক পাচ বুক জব্দ কৰে ।গ্ৰেপ্তাৰ কৰা অপৰাধী কেইজন হল জয়নুল হক , মোছাৰফ ইছলাম ,আছাদুল ইছলাম , ৰছিদুল হক ,ফেৰদুছ আলম, ইৰশ্বাদ পাৰভেজ আৰু ছাদ্দাম হুছেইন ।এই চাইবাৰ অপৰাধী কেইজনে মবাইলত বিভিন্ন ধৰণৰ এপচ ব্যৱহাৰ কৰি বিভিন্ন জন ব্যক্তিৰ নামত ভূৱা আধাৰ কাৰ্ড আৰু চিমকাৰ্ড ব্যৱহাৰ কৰি  লোণ লোৱাৰ দৰে ঘটনা সংঘটিত কৰি আহিছে ।এই চক্ৰটোৱে এপচ ব্যৱহাৰ কৰি আনৰ নামত আধাৰ কাৰ্ড পৰ্যন্ত বনাব পাৰে ।  এই বৃহৎত ছাইবাৰ অপৰাধী কেইজনক আৰক্ষীয়ে আটক কৰি আজি লাহৰীঘাট আৰক্ষীয়ে C/No -596/21 U/S-120(b)/419/420/468/471/34 অধীনত R/W sec- 66( c)66(D)It act জেল হাজতলৈ প্ৰেৰক কৰে লাহৰীঘাটৰ পৰা আফতাপ  হুছেইনৰ প্ৰতিবেদন Date-09/09/2021

মাজুলীত ক'লা দিৱস

Image
মাজুলীত ক'লা দিৱস। সৰ্বানন্দ সোণোৱাল, জিলা উপায়ুক্ত বিক্ৰম কৈৰী চন্দ্ৰ মোহন পাটোৱাৰী প্ৰতিকৃতি দাহ কৰি ৰাইজৰ প্ৰতিবাদ ক্ষোভত জ্বলিছে মাজুলী। ব্ৰহ্মপুত্ৰৰ ফেৰী দুৰ্ঘটনা ৰ ঘটনাৰ উচিত তদন্ত বিছাৰি আছু যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন দল সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ। বন্ধ মাজুলীৰ সোকলো ব্যবসায় প্ৰতিষ্ঠান।কমলাবাৰীত ক'লা পতকা উৰাই ক'লা বেজ পিন্ধি আছুৰ ক'লা দিন পালন মাজুলী বাসীৰ ৰাইজ ওলাই আহিছে স্বতঃস্ফূৰ্ত ভাবে। মাজুলী জিলা উপায়ুক্ত, মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী প্ৰতিকৃতি দাহ কৰিছে ঠায়ে ঠায়ে। মাজুলীৰ ৰাইজৰ জীৱনক লৈ হেটালি খেলা সকলো দোষী বিষয়া কৰ্মচাৰী শাস্তিৰ বিছাৰি প্ৰতিবাদ ৰাইজৰ মাজুলীত।কলেজীয়া ছাত্র ছাত্ৰী সকলে ৰাজ পথত বহি প্ৰতিবাদ কৰে। মাজুলীৰ পৰা পৰাণজ্যোতি বৰা।

মাজুলীলৈ দলং নোহোৱাৰ ৰহস্য

মাজুলীলৈ দলং নোহোৱাৰ ৰহস্য সকলোৱে বিচাৰিছিল যোৰহাটৰ পৰা মাজুলীলৈ ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং নিৰ্মাণ হ’ব লাগে। মাজুলীক জিলা হিচাপে দাবী কৰাৰ পূৰ্বৰে পৰা দলঙৰ দাবী ৰাইজে উত্থাপন কৰি আহিছিল। কিন্তু দলং নিৰ্মাণৰ পৰিৱৰ্তে ৰাজনীতি চলিল মাজুলীক লৈ। ২০১৬ চনৰ ৯ ছেপ্টেম্বৰত মাজুলীক ৰাজ্যখনৰ ৩৫ নম্বৰ জিলা হিচাপে ঘোষণা কৰা হয়। দলং নিৰ্মাণৰ বাবে সেই সময়ৰ কেন্দ্ৰীয় পথ পৰিবহণ আৰু জাহাজঘাট উন্নয়ন মন্ত্ৰী নীতিন গাডকাৰীয়ে লাখ টকা ব্যয় কৰি হ’লেও দলং হ’ব বুলি ঘোষণা কৰিছিল। ২০১৭ চনৰ ২৯ ডিচেম্বৰত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে সেই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল। তাৰ পৰৱৰ্তী সময়ত ২০২০ৰ ৯ ফেব্ৰুৱাৰীত পুনৰবাৰ দলঙৰ আধাৰশিলা স্থাপন কৰা হৈছিল আৰু প্ৰায় ৯২৫ কোটি টকা ব্যয়ৰে ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখন তিনি বছৰত সম্পূৰ্ণ হ’ব বুলি সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিছিল। মাজুলীৰ পৰা নিমাতী ঘাটলৈ পথৰ দূৰত্ব হয় ১৯ কিলোমিটাৰ। ফেৰী বা মাৰ নাওৰে গ’লে সময় লাগে ১ ঘণ্টা ২৩ মিনিট। সাধাৰণ ৰাইজে কমলাবাৰীৰ পৰা নিমাতীলৈ আহিবলৈ বা মাজুলীৰ পৰা যিকোনো ঠাইৰ পৰা যোৰহাটলৈ আহিবলৈ এই মাৰ নাওসমূহ ব্যৱহাৰ কৰে। বেছিভাগ এটা ইঞ্জিযুক্

ৰাজ্য চৰকাৰৰ নতুন SOP অনুসৰি আজিৰে পৰা লামডিংৰ সকলো স্কুল কলেজত আৰম্ভ চুড়ান্ত বৰ্ষৰ পাঠদান

Image
হোজাই জিলা লামডিং সকলোবোৰ উচ্চতৰ মাধ্যমিকৰ শ্ৰেণীৰ চুড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ ৷লামডিং ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়, লামডিং মহাবিদ্যালয়, লামডিং কেন্দ্ৰীয় বিদ্যালয় আদি বিদ্যালয় সমুহে চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি আৰম্ভ কৰলে পাঠদান ৷ ক’ভিড ১৯ৰ পৰিপেক্ষিতত বিগত ৫ মাহে স্কুল-কলেজ বন্ধ আছিল ৷ চৰকাৰৰ নতুন SOP অনুসৰি উচ্চতৰ মাধ্যমিকৰ শ্ৰেণীৰ চুড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ হ’ল ৷ বিদ্যালয় সমূহ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই । বিদ্যালয় চৌহদ লগতে সম্পূৰ্ণ বিদ্যালয় খন চেনিটাইজ কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিছে।উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ, স্নাতক চূড়ান্ত বৰ্ষ, স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ লগতে ইয়াৰ সমপৰ্যায়ৰ অন্যান্য শৈক্ষিক প্ৰতিষ্ঠান সমূহৰ পাঠদানৰ বাবে চৰকাৰে অনুমতি প্ৰদান কৰিছে। এই ঘোষণাৰ পাছতে ব্যস্ততা আৰম্ভ হৈছে শিক্ষানুষ্ঠান সমূহত। বিদ্যালয় চৌহদ, শ্ৰেণীকোঠাবোৰ চাফ্ চিকুণ কৰি তোলা হৈছে ৷ চৰকাৰৰ নিৰ্দেশনা অনুসৰি প্ৰতিটো শ্ৰেণীত ৩০ জনকৈ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰা হ'ব ৷ একেদৰে শিক্ষক-কৰ্মচাৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলকো ক'ভিড প্ৰতিষেদক লোৱা বুলি কয়।

নগাঁৱৰ কলনিজলাহত চাঞ্চল্যকৰ ঘটনা≈≈শহুৰেকৰ ঘৰত জোৱায়েকক ডিঙি ৰেপি হত্যাৰ চেষ্টা

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৬ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ জুৰীয়া থানাৰ এলেকাধীন কলনিজলাহত কালি নিশা এক লোমহৰ্ষক ঘটনা সংঘটিত হয় ৷ শহুৰেকৰ ঘৰত জোৱায়েকক হত্যাৰ চেষ্টা চলালে দুৰ্বৃত্তই ৷ যাক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ মতে, জিলাখনৰ ধিঙৰ ডুমডুমীয়াৰ মাইনুল হক নামৰ যুৱকজন কালি সন্ধিয়া কলনিজলাহত থকা শহুৰেকৰ ঘৰলৈ আহে ৷ পিছত যুৱকজন এনেই পদুলিৰ ফালে ওলাই যায় যদিও নিশা প্ৰায় ন মান বজালৈকে ঘুৰি নহাত শহুৰেকৰ ঘৰৰ মানুহে ম’বাইলত যুৱকজনৰ সৈতে যোগাযোগৰ চেষ্টা কৰে যদিও ব্যৰ্থ হয় ৷ এনে অৱস্থাত চিন্তিত হৈ পৰা যুৱকজনৰ শহুৰেকৰ ঘৰৰ লোকসকলে বিচাৰ-খুচাৰ কৰাত ঘৰৰ কিছু নিলগত ডিঙিত কটা অৱস্থাত তেজেৰে তুমৰলি হৈ থকা যুৱকজনক মুৰ্মুৰ্ষ অৱস্থাত উদ্ধাৰ কৰে ৷ লগে লগে স্থানীয় লোকৰ সহযোগত যুৱকজনক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও যুৱকজনৰ অৱস্থাত শোচনীয় হৈ পৰাত চিকিৎসকে যুৱকজনক নিশাই গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ৷ সম্প্ৰতি গুৱাহাটীত সংকটজনক অৱস্থাত আই চি ইউত চিকিৎসাধীন হৈ থকা যুৱকজনক স্থানীয় অঞ্চলৰ জুবাইৰ চৌধুৰী নামৰ এজন যুৱকে হত্যাৰ চেষ্টা চলোৱা বুলি পৰ

হাতীচোং মহাবিদ্যালয়ত শিক্ষক দিৱস উদ্‌যাপন

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৬ ছেপ্টেম্বৰঃ দেশৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁৱৰ বৃহত্তৰ হাতীচোং আৰু জাজৰি অঞ্চলৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান হাতীচোং মহাবিদ্যালয়তো ৬০ তম শিক্ষক দিৱসটি উলহ মালহেৰে উদ্‌যাপন কৰা হয় । মহাবিদ্যালয়খনিৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু ছাত্ৰ একতা সভাৰ যৌথ উদ্যোগত অতি গাম্ভীৰ্যপূৰ্ণ ভাবে অনুস্থিত কৰা হয় শিক্ষক দিৱসটি ৷ এই মৰ্মে অনুষ্ঠিত অনুস্থানত মহাবিদ্যালয়খনিৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক মৃণাল বৰুৱাই শিক্ষক দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি আদৰণি ভাষণ আগবঢ়ায় । ছাত্ৰ একতা সভাৰ আন এগৰাকী প্ৰাক্তন সাধাৰণ সম্পাদক বিমান হাজৰিকাই আঁত ধৰা উক্ত অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ ফালৰ পৰা অধ্যক্ষকে প্ৰমূখ্য কৰি অন্যান্য শিক্ষাগুৰুসকলক একোখনকৈ ফুলাম গামোচা আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ।অনুষ্ঠানটিত মহাবিদ্যালয়খনিৰ অধ্যক্ষ লুইত হাজৰিকা, ইংৰাজী বিভাগৰ প্ৰবক্তা নেকিবুৰ ৰহমান, প্ৰণতি বৰা আদিয়ে অতি সাৰুৱা আৰু তত্ত্বগধুৰ বক্তব্যৰে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰি আশিৰ্বাদ প্ৰদান কৰে । ====================

ৰঙিয়াত শিক্ষক দিৱস পালন

Image
প্ৰতিবেদক ,ৰঙিয়া, ৫ ছেপ্তেম্বৰঃ আজি শিক্ষক দিৱস। বিশ্ব বিশ্ৰুত দাৰ্শনিক পণ্ডিত তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটো সমগ্ৰ দেশৰ লগতে ৰঙিয়াৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, শিক্ষানুষ্ঠানৰ উপৰিও ৰঙিয়া ৰাজীৱ ভৱনতো ৰাজ্য চৰকাৰৰ কোভিড প্ৰট'কল মানি অনুষ্টুপীয়া কৈ যথাযোগ্য মৰ্যাদাৰে শিক্ষক দিৱস পালন কৰা হয়। ৰঙিয়া ব্লক কংগ্রেছ, নগৰ ব্লক কংগ্ৰেছ আৰু ৰঙিয়া এনএছইউআইৰ উদ্দ্যোগত ৰাজীৱ ভৱনত আয়োজিত শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আজি পুৱাই ৰঙিয়া ৰাজীৱ ভৱনত সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্জ্বলন কৰে পূব ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক নৃপেন নাথ আৰু কাউৰবাহা ফখৰুদ্দিন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল মতলেব মজুমদাৰে। ইয়াৰ পিছতে ৰঙিয়া ব্লক কংগ্রেছৰ সভাপতি উদ্ধৱ দাসৰ সঞ্চালনাত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱন দৰ্শনৰ ওপৰত এক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীৰ সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক নৃপেন নাথ আৰু আব্দুল মতলেব মজুমদাৰে। শিক্ষাৰ মাধ্যমেৰে আন্ধাৰৰ পৰা পোহৰলৈ সমাজখনৰ গতি ক

সদৌ অসম উন্নয়ন পৰিষদৰ জনজাগৰন সভা

Image
পঙ্কজ নাথ, চাংসাৰি, ৫ ছেপ্তেম্বৰ : গুৱাহাটীৰ ৰুক্মিনীনগৰৰ প্ৰেক্ষাগৃহত সদৌ অসম উন্নয়ন পৰিষদৰ এখন "জনজাগৰন সভা " কালি শণিবাৰে অনুস্হিত হৈ যায় । উক্ত সভাত বিভিন্ন সমস্যাৰ ওঁপৰত অালোচনা কৰা হয় । তাৰে ভিতৰত  (১) নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰা । (২) চুবুৰীয়া ৰাজ্যৰ লগত সীমা সমস্যাৰ স্হায়ী সমাধান কৰা (৩) অাৰ্থ সামাজিক উন্নয়নৰ জৰিয়তে নতুন প্ৰজন্মৰ মাজত কৰ্মসংস্কৃতি গঢ়ি তোলা (৪) নতুন প্ৰজন্মক ড্ৰাগছ,গুটখা,তীৰৰ কৱলৰ পৰা মুক্ত কৰা  (৫) কভিড কালীন পৰিস্হিতিত অাৰ্থিকভাৱে ক্ষতিগ্ৰস্ত লোকসকলক অাৰ্থিক সাহায্য প্ৰদান কৰা আদি। কেন্দ্ৰীয় সমিতিৰ সভাপতি মৌচুম কুমাৰ উজীৰৰ সভাপতিত্বতত অনুস্হিত হোৱা কালিৰ সভাত ভাৰতীয় পৰ্বাতাৰোহী -পদ্মশ্ৰী বটা প্ৰাপ্ত অাণ্ষু জামছেম্পাক সম্বৰ্ধনা জনোৱা হয় । কালিৰ সভাতে গুৱাহাটী মহানগৰ সমিতিৰ প্ৰাক্তন সভাপতি ভাস্কৰজ্যোতি পামেগামক কেন্দ্ৰীয় সাংগঠনিক সম্পাদক,ধুবুৰী জিলাৰ কৌশিক ৰায়ক সহ:সম্পাদক ,কৌশিক বৰাক গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি,মৃগাংক দেউৰীক সহ:সম্পাদক দায়িত্ব প্ৰদান কৰা হয় । ইয়াৰ লগতে ভালেমান সদস্যই কালি সভাতে উন্নয়ন পৰিষদত যোগদান কৰে

কৃষ্ণাইত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত শিক্ষক দিৱস উদযাপন

Image
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আজি গোৱালপাৰা জিলাৰ কৃষ্ণাইতো উদযাপিত হয় শিক্ষক দিৱস ৷  ত্ৰিবেণী, উজ্জ্বল আৰু জোনতৰা মণ্ডল পৰ্যায় সংগঠনৰ তত্বাবধানত তথা কৃষ্ণাই উন্নয়ন খণ্ডৰ সভা গৃহত আয়োজিত আজিৰ শিক্ষক দিৱসত আত্মসহায়ক গোটৰ শতাধিক মহিলা উপস্থিত থাকে ৷ ৰংজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ভৱতাৰণ বৰ্মনে সভাপতিত্ব কৰা আজিৰ অনুষ্ঠানত সাংবাদিক চৈয়দ ৰবিউল হক, সমাজ সেৱিকা লিপিকা ৰায়, পূৰৱী চৌধুৰী,শিক্ষয়িত্ৰী জয়শ্ৰী দেৱী, অৱসৰপ্ৰাপ্ত শিক্ষক নৰেশ্বৰ ৰাভ,প্ৰতুল চন্দ্ৰ কলিতা আদিকে ধৰি অঞ্চলটোৰ কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে ৷ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news report

কিং বদন্তি হকী খেলুৱৈ ধ্যান চান্দৰ উপজা দিনটোৰ লগত সংগতি ৰাখি আৰু স্বৰণ কৰি লামডিং চিলড্ৰেন পাৰ্কত ভলীবল প্ৰতিযোগিতা

Image
 কিং বদন্তি হকী খেলুৱৈ ধ্যান চান্দৰ উপজা দিনটোৰ লগত সংগতি ৰাখি আৰু স্বৰণ কৰি লামডিং চিলড্ৰেন পাৰ্কত ভলীবল প্ৰতিযোগিতা  ৷   কিং বদন্তি হকী খেলুৱৈ ধ্যান চান্দৰ জন্ম দিনত অধিক বৰষুণ আৰু প্ৰাকৃতিক দূযোগৰ কাৰণে লামডিং ক্ৰীড়া ভাৰতীৰ ফালৰ পৰা ভলীবল প্ৰতিযোগীতা কৰিব পৰা নাছিল তাৰে লগত সংগতি ৰাখি আৰু আৰু তেওঁৰ জন্ম দিনটোক স্বৰণ কৰি লামডিং  ক্ৰীড়া ভাৰতীৰ উদ্দোগত  চিলড্ৰেন পাৰ্কত ভলীবল প্ৰতিযোগিতা  ৷  চাব জুনিয়ৰ আৰু জুনিয়ৰ পৰ্যায়ত ভলীবল , ফুটবল, কাবাদী দৌৰ লংজাম্প হাই জাম্প আদিৰ জৰিয়তে আন্তঃৰাজ্যিক পৰ্যায়ত পদক লাভ  আজিও অব্যাহত ৰাখিছে ক্ৰীড়া অনুশীলন  ৷ আশাবাদী ভৱিষ্যতৰ দিনত ক্ৰীড়া ক্ষেত্ৰখনত অংশগ্ৰহণ কৰিবলৈ ৷ চৰকাৰৰ ঘোষণাত আনন্দিত ক্ৰীড়াবিদ গৰাকী ৷ এই ভলীবল প্ৰতিযোগিতাত মুঠ ৪ টা দলে অংশ গ্ৰহণ কৰে ৷ জয় লাভ কৰা দলটোক Late Sunil Dutta. Championship Trophy  আৰু Late Allo Rani Dutta. Ranus Up Trophy প্ৰদান কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থাকে লামডিং ক্ৰীডা ভাৰতী সকলো সদস্যৰ লগতে লামডিংৰ বিভিন্ন স্কুল, কলেজৰ পৰা অহা বিশিষ্ট বেক্তিসকল উপস্থিত থাকে ৷ খেলত যেনেকৈ হৰা -জীকা হৈয়ে তেনেকৈ জীৱন

গুৱাহাটী প্ৰেছ ক্লাৱত, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,নলবাৰী জিলা সমিতিৰ উদ্যোগত বোলছবি তথা ভ্ৰাম্যমাণ নাট্য জগতৰ যশস্বী অভিনেতা নিপন গোস্বামীক প্ৰদান কৰা হল ২০২১ বৰ্ষৰ ভবেন বৰুৱা বঁটা।

Image
অসমৰ প্ৰতিজন নাট্যৰসিক,পেচাদাৰী,অপেচাদাৰী নাট্যক্ষেত্ৰৰ স'তে জড়িত শিল্পী,কলা-কুশলী দৰ্শকৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা ভ্ৰাম্যমাণ নাট্য জগতৰ স্বনামধন্য নাট্য শিল্পী ভবেন বৰুৱা দেৱৰ স্মৃতি যুগমীয়া কৰাৰ হেপাহেৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,নলবাৰী জিলা সমিতিয়ে ২০০৯ ইং বৰ্ষৰ পৰা নলবাৰীত ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতা আৰু অসমৰ নাট্য ক্ষেত্ৰত বিশিষ্ট বৰঙণি আগবঢ়োৱা একো গৰাকী নাট্য শিল্পীক ভবেন বৰুৱা বঁটা প্ৰদান কৰি আহিছে।পৰিষদৰ এই যাত্ৰাত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বিস্তৃত এলেকাৰ বিভিন্ন নাট্য দলৰ যোগদানে শিশু নাট প্ৰতিযোগিতাখনক এক বিশেষ মৰ্য্যদা প্ৰদান কৰাটো সৰ্বজনবিদিত।আজি গুৱাহাটী প্ৰেছ ক্লাৱত ২০২১ বৰ্ষৰ ভবেন বৰুৱা বঁটা প্ৰদান কৰা হয় অসমীয়া চলচিত্ৰ তথা ভ্ৰাম্যমাণ নাট্য জগতৰ যশস্বী অভিনেতা নিপন গোস্বামী দেৱক।পৰিষদৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক কৌশিক বৰ্মনে আঁতধৰা আৰু সভাপতি পাৰ্থপ্ৰতীম শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানটোত ভবেন বৰুৱা দেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পন কৰে ক্ৰমে নৰ্থ ইষ্ট কেন্সাৰ হস্পিতাল,সোনাপুৰৰ

জামুগুৰিত বৃহদাকাৰ চকৰী ফেঁটী উদ্ধাৰ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৪ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী জামুগুৰিত শনিবাৰে সন্ধিয়া এটা চকৰী ফেঁটী সাপ উদ্ধাৰ কৰা হয় । জানিব পৰা মতে, জামুগুৰিৰ ফনিন্দ্ৰ নাথ নামৰ লোকজনৰ বাসগৃহৰ কাষতে থকা খৰিৰ চাঙত সাপটোৱে আশ্ৰয় লৈ আছিল । গৃহস্থই সাপটো উলিয়াই পঠাবৰ বাবে বহুত চেষ্টা কৰিও বিফল হোৱাত লগে লগে "ৱাইল্ড এইড, অসম"ৰ স্বেচ্ছাসেৱক তথা স্থানীয় প্ৰকৃতিপ্ৰেমী যুৱক দেৱজ্যোতি নাথ(দাদু)ক খৱৰ দিয়াত তেওঁ বিজু ডেকা আৰু উমা বৰা নামৰ আন দুজন যুৱকৰ সহযোগত অতি কৌশলৰে সাপ ডাল কৰায়ত্ত কৰিবলৈ সক্ষম হোৱাত গৃহস্থই স্বস্থিৰ নিশ্বাস পেলাই । পিচত সাপটো ওচৰৰ ঘন জংঘলত মুকলি কৰি দিয়া হয়। উল্লেখ্য, ইয়াৰ পূৰ্বেও প্ৰকৃতিপ্ৰেমী যুৱক দেৱজোতি নাথে এনেদৰে কেইবাটাও চকৰি ফেঁটী সাপ মানুহৰ ঘৰৰ পৰা কৰায়ত্ত কৰি ঘন জংঘলত এৰি দিছিল ৷ ====================

গোৱালপাৰাৰ দুগৰাকী শিক্ষকলৈ ৰাজ্যিক কীৰ্তি শিক্ষকৰ বঁটাঃ উৎফুল্লিত জিলাবাসী

Image
ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰ বাবে গোৱালপাৰা জিলাৰ দুগৰাকী শিক্ষক বাছনি হোৱাৰ খবৰে আনন্দিত কৰি তুলিছে জিলা বাসীক ৷ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰ বাবে বাছনি হোৱা শিক্ষক দুগৰাকী হৈছে চন্দন চক্ৰৱৰ্তী আৰু ছাইফউদ্দিন আহমেদ ৷ ইয়াৰে চন্দন চক্ৰৱৰ্তী উচ্চ প্ৰাথমিকৰ আৰু ছাইফউদ্দিন আহমেদ মাধ্যমিকৰ শিক্ষক ৷ টুকুৰা মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক চন্দন চক্ৰৱৰ্তী আৰু বলবলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিষয় শিক্ষক ছাইফউদ্দিন আহমেদে এইবেলি ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত হোৱাত গোৱালপাৰা জিলাবাসী উৎফুল্লিত হৈ উঠিছে ৷ উল্লেখ্য যে কাইলৈ ৫ ছেপ্তেন্বৰৰ শিক্ষক দিৱসৰ দিনা গুৱাহাটীৰ কলাক্ষেত্ৰত আয়োজন কৰা এক বিশেষ অনুষ্ঠানত ৰাজ্য চৰকাৰে গোৱালপাৰাৰ চন্দন চক্ৰৱৰ্তী আৰু ছাইফউদ্দিন আহমেদৰ লগতে ৰাজ্য খনৰ মুঠ ৩৬ গৰাকী কীৰ্তি শিক্ষকক এই বঁটা প্ৰদান কৰিব ৷ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ৷ first news report

নগাঁৱত ডুপ্লিকেট কইনা বিয়া কৰাই দৰাৰ আতহত্যাৰ চেষ্টা

Image
# নগাঁৱত আজৱ ঘটনা≈≈বিয়া কৰালে ডুপ্লিকেট কইনা≈≈প্ৰৱঞ্চনাৰ বলি হোৱা দৰাৰ আত্মহণনৰ চেষ্টা# নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৪ ছেপ্টেম্বৰঃ জন্ম, মৃত্যু আৰু বিবাহ ৷ এই তিনিটা মানুহৰ জীৱনকালৰ এক অপৰিহাৰ্য অধ্যায়। জন্ম আৰু মৃত্যুৰ সময় মানুহে নিৰ্ধাৰণ কৰিব নোৱাৰে যদিও বিবাহ এক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে নিৰ্ধাৰিত দিন আৰু সময়ত সম্পন্ন কৰা হয় ৷ এই বিবাহৰ বাবে দৰা আৰু কইনাই ইজনে-সিজনক পচন্দ কৰাৰ পিছতহে পৰম্পৰাগত সামাজিক ৰীতি-নীতিৰ মাজেৰে বৈবাহিক জীৱনৰ শুভাৰম্ভ ঘটে ৷ কিন্তু এই বিবাহক কেন্দ্ৰ কৰিয়েই নগাঁও জিলাৰ জুৰীয়াৰ দগাঁৱত সংঘটিত হৈছে এক আজৱ ঘটনা । সুকলমে বিবাহ সম্পন্ন হোৱাৰ পিছতে প্ৰৱঞ্চনাৰ বলি হ’বলগীয়া হৈছে দৰা ৷ আচলতে ঘটকে পাত্ৰী হিচাপে দৰাক দেখুৱালে এজনী আৰু বিয়া দিলে আন এজনী কইনাক। ফলত প্ৰবঞ্চনাৰ বলি হোৱা দৰাই এতিয়া মানসিকভাবে ভাগি পৰি চলাইছে আত্মহণনৰ চেষ্টা ৷ আনকি পৰিয়ালৰ লোকে পহৰা দিব লগা হৈছে দৰাক ৷ ঘটনাৰ বিৱৰণী মতে, দগাঁৱৰ মোকাদিছ আলম নামৰ এজন যুৱকৰ বিবাহকাৰ্য সম্পন্ন হৈছিল জুৰীয়াৰ মেলেকাধিং গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে ৷ এই কামত সহায় কৰিছিল ফাৰিকুল ইছলাম নামৰ এগৰাকী ঘটকে। কিন্তু খুব

নলবাৰীত পছোতি উৎসৱ পালন

Image
পশ্চিম নলৱাৰী জাগাৰা সএ নাম ঘৰত পছোতি উৎসৱ পালন !  ভাদ মাহৰ ১৭ তাৰিখ শুকুৰ বাৰ জাগাৰা সএ চুবুৰীৰ বাসু দেৱ নাম ঘৰত প্ৰভু শ্ৰী কৃষ্ণনৰ জন্ম অষ্টমীৰ পাচ দিনৰ দিনা পচোতি উৎসৱ পালন কৰা হয় ! এই  নাম ঘৰত প্ৰতি বছৰে পালন কৰা হয় পছোতি উৎসৱ! পুৱাৰে পৰা ভক্তৰ সমাগম লগতে শোভা যাএা নাম কীৰ্তন প্ৰসংগৰে মুখৰিত হৈ পৰে সএ নাম ঘৰ । নলবাৰী পৰা শংকৰ দাস ।

মৰিগাওত পুনৰ সংঘটিত হৈছে আন জঘন্য ধৰ্ষণকান্ড৷ ভূৰাগাওৰ পাঠাৰ পাছত এইবাৰ মৈৰাবাৰীত ওলাল আন এক পাঠা

Image
  মৰিগাওত পুনৰ সংঘটিত হৈছে আন জঘন্য ধৰ্ষণকান্ড৷ ভূৰাগাওৰ পাঠাৰ পাছত এইবাৰ মৈৰাবাৰীত ওলাল আন এক পাঠা৷ এগৰাকী  মানসিক বিকাৰগ্ৰস্ত মহিলাক উপুৰ্যপৰি ধৰ্ষণ৷ ☞ মৰিগাও জিলাৰ মৈৰাবাৰীত সংঘটিত হৈছে এক নিলৰ্জ্জ আৰু অমানৱীয়  কান্ড৷ ☞ জানিব পৰা মতে মৈৰাবাৰী থানা এলেকাৰ দুৰাবান্ধী গাওত  ঘৰতে কোনো নথকাৰ সুযোগ লৈ ইমান আলী নামৰ লম্পটে এগৰাকী 26 বছৰীয়া মানসিক বিকাৰগ্ৰস্ত মহিলাগৰাকীক শাৰীৰিকভাৱে আক্ৰমণৰ লগতে উপৰ্যপুৰি ধৰ্ষণ কৰা ঘটনাই সম্প্ৰতি অঞ্চলজুৰি  ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷  ☞ ইতিমধ্য ধৰ্ষিতা মহিলাগৰাকীৰ পৰিয়ালে ধৰ্ষণকাৰী লম্পট  ইমান আলীৰ বিৰুদ্ধে মৈৰাবাৰী থানাত এখন এজাহাৰ দাখিল কৰিছে৷  ☞ কিছুদিন পূৰ্বৰ মৰিগাওৰ ভূৰাগাওত জঘন্য ধৰ্ষণকাৰী পাঠাৰ পাছত এইবাৰ একেজিলাৰ অন্তৰ্গত মৈৰাবাৰীত সংঘটিত হৈছে আন এক ধৰ্ষণকান্ড৷ ☞ ভুক্তভোগী মহিলাৰ পৰিয়াল আৰ্থিক ভাৱে জুৰুলা আৰু নিৰক্ষৰ হোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া  গাওবাসীৰ তৎপৰতা আৰু সহায় সহযোগিতাৰ ভিত্তিত  আৰক্ষী প্ৰশাসনক ন্যায়ৰ বাবে অনুৰোধ জনাইছে৷ ☞ জানিব পৰা মতে মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ধৰ্ষিতা মানসিক বিকাৰগ্ৰস্ত মহিলাগৰাকীৰ পৰি

বিধায়ক শশীকান্ত দাসক বিশেষ সম্বৰ্ধনা শংকৰদেৱ সংঘৰ পুৰুষোত্তম আঞ্চলিকৰ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৪ ছেপ্টেম্বৰঃ উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পুৰুষোত্তম আঞ্চলিক শাখাই ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসক শনিবাৰে বিধায়কগৰাকীৰ নগাঁৱৰ বেবেজীয়াৰ সমীপৰ ডিমৌ চাৰিআলিস্থিত নিজা বাসভৱনত সম্বৰ্ধনা জনায় ৷ এই মৰ্মে, বিশিষ্ট সমাজকৰ্মী তথা পুৰুষোত্তম আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতি ৰাজেন শইকীয়াই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানটিত আঞ্চলিক শাখাটিৰ সভাপতি যোগেন বৰা, সম্পাদক প্ৰদীপ ডেকা, ললিত ডেকা, ৰূপন হাজৰিকা, তুপুল ডেকা, প্ৰদীপ বৰা, নিৰ্জু ডেকা, হিমান কোঁৱৰকে প্ৰমুখ্য কৰি আঞ্চলিক শাখাটিৰ বিষয়-ববীয়াসকলে শৰাই, চেলেং, ফুলাম গামোচা আদিৰে বিধায়কগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ সম্বৰ্ধনা গ্ৰহন কৰি বিধায়কগৰাকীয়ে অসমীয়া জাতিৰ ভেটি নিৰ্মাতা তথা প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ, সৰ্বোত্তম ধৰ্মগুৰু বুলি উল্লেখ কৰি অনন্য প্ৰতিভাসম্পন্ন মহাপুৰুষ গুৰুজনাই অসমৰ ভাষা, সাহিত্য, কলা, সংস্কৃতিৰ সকলো দিশতে এক অভূতপূৰ্ব অৱদান আগবঢ়াই জাতীয় জীৱন যুগ-যুগান্তৰলৈ গৌৰাৱাম্বিত কৰি থৈ গৈছে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ তদুপৰি বিধায়কগৰ

বঙাইগাঁও জিলাবাসীক সুচিকিৎসা সেৱা আগবঢ়াবলৈ জিলা প্ৰশাসন- স্বাস্থ্য বিভাগৰ পদক্ষেপ

Image
উপায়ুক্তই সংবাদ মেল পাতি অৱগত কৰিলে জিলাখনত বৰ্তমান উপলব্ধ চিকিৎসা সেৱাৰ সা- সুবিধাৰ সবিশেষ তথ্য   ৰাইজৰ সুবিধাৰ বাবে ২৪ ঘন্টাই উপলব্ধ হোৱাকৈ ফোন নম্বৰ মুকলি বঙাইগাঁৱৰ বিশেষ প্ৰতিনিধিঃ ৩ ছেপ্টেম্বৰ :  বঙাইগাঁও জিলাৰ চৰকাৰী চিকিৎসালয়সমূহৰ জৰিয়তে ৰাইজক সুচিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ দীৰ্ঘদিন ধৰি জিলাখনৰ চৰকাৰী চিকিৎসালয়সমূহত পৰ্যাপ্ত চিকিৎসক - নাৰ্চ তথা স্বাস্থ্য কৰ্মী আদিৰ অভাৱৰ বাবে ৰাইজে চৰকাৰী চিকিৎসালয়সমূহৰ জৰিয়তে সুচিকিৎসা সেৱা লাভৰ পৰা বঞ্চিত হৈ ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ৰ ওচৰ চাপিবলগীয়া হৈছিল ৷ কিন্তু শেহতীয়াভাৱে চৰকাৰী চিকিৎসালয়সমূহত পৰ্যাপ্ত চিকিৎসক - নাৰ্চ তথা অন্যান্য সুবিধাসমূহ উপলব্ধ কৰিছে স্বাস্থ্য বিভাগে ৷ স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে পৰাপক্ষত এজন ৰোগীক যাতে আন চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলগীয়া নহয় তাৰ প্ৰতি অধিক গুৰুত্বাৰোপ কৰিছে ৷ লগতে ইয়াৰ বাবে জিলা অসামৰিক চিকিৎসালয়খনত প্ৰয়োজনীয় সকলো সা- সুবিধা উপলব্ধ কৰিছে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ৷ সেইদৰে জিলাখনত শিশু আৰু গৰ্ভৱতী মহিলাৰ মৃত্যুৰ হাৰ হ্ৰা

বঙাইগাঁও জিলাত নতুনকৈ ক'ভিডত আক্ৰান্ত এজন

Image
বঙাইগাঁওঃ ৩ ছেপ্টেম্বৰঃ বঙাইগাঁও জিলাত সম্প্ৰতি পূৰ্বৰ তুলনাত  ক'ৰোনাৰ সংক্ৰমণ হ্ৰাস পোৱাত দৈনিক নতুনকৈ কম সংখ্যক ব্যক্তিহে ক'ভিডত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে ৷ শুকুৰবাৰে জিলাখনত কেৱল নতুনকৈ এজন ব্যক্তি ক'ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে ৩ জনকৈ ৰোগী ৷ নতুনকৈ এজন ক'ভিডত আক্ৰান্ত হোৱাত বৰ্তমান জিলাখনত ক'ভিডত আক্ৰান্ত সক্ৰিয় ৰোগী আছে ৯ জন ৷ ইয়াৰ ভিতৰত ৬ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৩ জন হোম কোৱাৰেণ্টাইনত আছে ৷ জিলাখনত শুকুৰবাৰে মুঠ ৩, ৪৫৭ জন ব্যক্তিক ক'ভিড টেষ্ট কৰা হয় ৷ জিলাখনত ১ মাৰ্চৰ পৰা ৩ ছেপ্টেম্বৰলৈ মুঠ ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৫,০৩৯ জন  হৈছে ৷  আনহাতে জিলাখনত  শুকুৰবাৰৰ দিনটোত ক'ভিড প'জিটিভিটিৰ হাৰ আছিল ০.০০ শতাংশ ৷ ইপিনে জিলা উপায়ুক্ত কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত উপায়ুক্ত ডাঃ এম এচ লক্ষ্মীপ্ৰিয়াই কয় যে বৰ্তমানলৈকে জিলাখনত ৭১.১ শতাংশ লোকক প্ৰথম পালি ক'ভিড ভেকচিন প্ৰদান কৰা হৈছে আৰু ১৩.৭ শতাংশ লোকক দুপালি ভেকচিন প্ৰদান কৰা হৈছে ৷ আমি জিলাখনৰ সকলোকে ভেকচিন প্ৰদানৰ কাৰণে চেষ্টা কৰি আছো ৷ তিনিদিন জি

ৰঙিয়াত ৩৮ তম্ অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

Image
প্ৰতিবেদক , ৰঙিয়া, ৩ ছেপ্টেম্বৰঃ উত্তৰ কামৰূপ জিলা ক্ৰীড়া সন্থা আৰু ৰঙিয়া স্পোৰ্টচ একাডেমীৰ সৌজন্যত ৰঙিয়াত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৩৮ তম্ অভিৰুচি ক্ৰীড়া দিৱস ৰাজ্য চৰকাৰৰ কোভিড প্ৰট'কল মানি উদযাপন কৰা হয়। সুদক্ষ খেলুৱৈ জাতিৰ গৌৰৱ, দেশৰ সম্পদক মূল্যাংকন কৰি আজি ৰাতিপুৱা ৬.৩০ বজাত ৰঙিয়াৰ মাজমজিয়াৰ কৃষক শ্বহীদ ভৱনৰ সন্মুখৰ পৰা ৰঙিয়া চহৰত এক সমদল উলিওৱা হয়। অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ১৯৩৭ চনৰ ৩ ছেপ্টেম্বৰৰ জন্মদিনটো অসম তথা অসমীয়াৰ বাবে এক গৌৰৱৰ দিন লগতে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতি সন্মান জনাই যে প্ৰতিবছৰে ৩ ছেপ্তেম্বৰত সমগ্ৰ অসমতেই ‘অভিৰুচি ক্ৰীড়া দিৱস’ পালন কৰা হয় তাৰ ওপৰত আলোকপাত কৰা হয় । ১৯৬৬ চনত বেংককত অনুষ্ঠিত পঞ্চম সংখ্যক এছিয়ান গেমছত অৰ্জুন ভোগেশ্বৰ বৰুৱাই প্ৰথম স্থান অধিকাৰ কৰি সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল । ভোগেশ্বৰ বৰুৱা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰা তেৱেই হৈছে প্ৰথম অসমীয়া । এই সাফল্যৰ পাচতেই  ভোগেশ্বৰ বৰুৱাক ভাৰত চৰকাৰে প্ৰদান কৰে "অৰ্জুন বঁটা"। এই মহান ক্ৰীড়াবিদ গৰাকীৰ আজিৰ জন্ম দিৱস

নগাঁৱৰ কঠীয়াতলীত গাঞ্জাসহ দুজন লোক ধৃত

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩ ছেপ্টেম্বৰঃ সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাটো নিচাযুক্ত সমগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ মাৰাথন অভিযান অব্যাহত থকাৰ সময়তে জিলাখনৰ কঠীয়াতলীত শুকুৰবাৰে আৰক্ষীয়ে চলোৱা এক অভিযানত এক কেজি তিনিশ গ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত খবৰ মতে, এক গোপন সুত্ৰৰ ভিত্তিত কঠীয়াতলী আৰক্ষীয়ে কঠীয়াতলীত নাকা তালাচী চলাই কচুৱাৰ পৰা চেপন অভিমুখী এখন ট্ৰেভেলাৰৰ পৰা উক্ত গাঞ্জাখিনি জব্দ কৰাৰ লগতে দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত সৰবৰাহকাৰী দুটা হৈছে কচুৱাৰ জুৰিপাৰৰ হজৰত আলি (৪৫) আৰু মন্নাচ আলি (৩৫) । সম্প্ৰতি ধৃত সৰবৰাহকাৰী দুটাক অধিক তথ্য লাভৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে আছে বুলি জানিব পৰা গৈছে

নগাঁৱত এসপ্তাহে সন্ধান নাই তিনি সন্তানৰ পিতৃৰ≈≈দুঃশ্চিন্তাত পত্নী-পুত্ৰ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ হয়বৰগাঁও নগৰ আৰক্ষী চকীৰ এলেকাধীন টকৌবাৰীৰ ষাঠি বছৰীয়া এজন লোক এসপ্তাহ ধৰি সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ নিৰুদ্দিষ্ট লোকজনৰ নাম হৈছে মোহন কাকতি ৷ আচলতে, যোৱা ২৭ আগষ্টৰ দিনা পুৱাৰ ভাগত কিবা কামত ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা ৰহস্যজনকভাবে সন্ধানহীন হৈ আছে লোকজন । অৱশ্যে বিগত দিনকেইটাত পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ লগতে সম্ভাব্য সকলো ঠাইতে বিচাৰ-খোচাৰ কৰিছে যদিও আজিকোপতি লোকজনৰ কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই । সেয়ে এনেদৰে হঠাতে লোকজন নিখোজ হৈ পৰাত তেওঁৰ পত্নীৰ লগতে দুই বিবাহিতা কন্যা আৰু একমাত্ৰ পুত্ৰ সন্তান গভীৰ চিন্তাত মানসিকভাবে ভাগি পৰিছে ৷ ইফালে, স্বামীক বিচাৰি নাপাই উপায়হীন হৈ লোকজনৰ পত্নী মিনতি কাকতিয়ে ইতিমধ্যে নিৰুদ্দেশ সন্দৰ্ভত হয়বৰগাঁও নগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে । সেয়ে কোনো ব্যক্তিয়ে যদি লোকজনৰ কিবা সম্ভেদ পায় তেন্তে ওচৰৰ আৰক্ষী থানা নাইবা ৭০৮৬৫-৪১৩৪১ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে লোকজনৰ পত্নী-পুত্ৰই ৷ =================

ডিমাকুছিত খাৱৈত আৱদ্ধ হস্তী পোৱালীৰ কৰুণ বিলাপ # অবশেষত কৰুণ মৃত্যু হাতীৰ পোৱালীটো ৷

Image
# ডিমাকুছিত খাৱৈত আৱদ্ধ হস্তী পোৱালীৰ কৰুণ বিলাপ # অবশেষত কৰুণ মৃত্যু হাতীৰ পোৱালীটো ৷ পৱন নাথ,আমাৰ চিঞৰ ,২৯ আগষ্টঃ ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত হাতী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে ডিমাকুছিৰ বৰঙাজুলি চাহ বাগিছাৰ এটি খাৱৈত আৱদ্ধ হৈ পৰা এটা হাতী পোৱালিৰ মৰণ কাতৰ চিঞৰে সকলোৰে অন্তৰ কন্দুৱাইছে ৷ শনিবাৰে নিশা চাহ বাগিছা খনত আশ্ৰয় লোৱা এজাক বন্যহস্তীৰ মাজত আছিল কেইবাটাও মৰম লগা পোৱালি ৷ দেওবাৰে পুৱা বাগিছা খনৰ এটা  লাইনত থকা দ খাৱৈ এটাত আৱদ্ধ হৈ চিঞৰি থকা এটা হাতী পোৱালি প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ লগে লগে ৰাইজে বন বিভাগক খৱৰ দিয়ে যদিও বন বিভাগৰ লোক আহি পোৱাত কিছু পলম হোৱাৰ বাবে হাতে কামে লাগি যায় লোক সকল ৷ হাতে হাতে কোৰ লৈ স্থানীয় লোক সকলে খাৱৈতো খান্দি হাতী পোৱালিতো উদ্ধাৰৰ চেষ্টা চলাই ৷ কিন্তু কাষতে ৰৈ থকা পোৱালিতোৰ মাতৃয়ে ৰাইজক বাৰে বাৰে বাধা দিয়া দেখা যায় ৷ পিছত বন বিভাগৰ সহযোগত স্থানীয় ৰাইজে পোৱালিতো উদ্ধাৰ কৰিবলৈ সক্ষম হ’য় ৷ কিন্তু উদ্ধাৰ হোৱা হাতী পোৱালিটোক কোনো চিকিৎসা কিম্বা শুশ্ৰূষা নকৰিলে বন বিভাগে ৷ ইফালে খাৱৈৰ পৰা উঠাৰ পিছতে ৰাইজৰ হু

আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্ত সমূহ সতীৰ্থ মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াৰ সৈতে সংবাদমেল যোগে ঘোষণা কৰোঁ।

Image
আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্ত সমূহ সতীৰ্থ মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াৰ সৈতে সংবাদমেল যোগে ঘোষণা কৰোঁ। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্ত সমূহ সতীৰ্থ মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াৰ সৈতে সংবাদমেল যোগে ঘোষণা কৰোঁ। ১/ আজিৰ কেবিনেটে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন আৰ্চাৰী খেলুৱৈ সঞ্জয় বড়ো আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বক্সাৰ যমুনা বড়োক আবকাৰী বিভাগৰ পৰিদৰ্শকৰ পদবীত নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।       অহা তিনি ছেপ্টেম্বৰ তাৰিখে  অৰ্জুন ভোগেশ্বৰ বৰুৱা দেৱৰ জন্মদিন উপলক্ষে অসম চৰকাৰে আয়োজন কৰা অনুষ্ঠানত দুয়োগৰাকীকে আনুষ্ঠানিক ভাৱে নিযুক্তি পত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ২/ বিভিন্ন দূৰ্ঘটনাৰ সময়ত এগৰাকী স্নায়ুৰোগ বিশেষজ্ঞৰ অভাৱত ভুগি থকা বৰাকবাসীৰ সুবিধাৰ্থে  শিলচৰ চিকিৎসা মহাবিদ্যালয়ত স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ শম্ভুধ্ব ধৰক ঠিকভিত্তিক নিযুক্ত প্ৰদান কৰা হয়। ৩/ নতুন প্ৰশাসনিক সংস্কাৰ হিচাপে অত্যন্ত গুৰুত্বপূৰ্ণ আঁচনি অৰুণোদয় আঁচনিৰ বাবে পূৰ্বৰ প্ৰয়োজনীয় বিত্ত বিভাগৰ অনুমোদন(চিলিং) এতিয়াৰে পৰ

ৰাইজৰ দলৰ শিৱসাগৰ নগৰ মহল পঞ্চায়ত সমিতিৰ সাংগঠিনক সম্পাদকক হত্যাৰ সন্দেহ*

Image
*ৰাইজৰ দলৰ শিৱসাগৰ নগৰ মহল পঞ্চায়ত সমিতিৰ সাংগঠিনক সম্পাদকক হত্যাৰ সন্দেহ* আমাৰ চিঞৰ শিৱসাগৰ: ৰাইজৰ দলৰ শিৱসাগৰ নগৰ মহল পঞ্চায়ত সমিতিৰ নৱ নিৰ্বাচিত সাংগঠনিক সম্পাদক তথা ব্যৱসায়ী আব্দুল গণিৰ কালি এক সন্দেহজনক পথ দুৰ্ঘটনাত মৃত্যু হয়। গণিক আচলতে পৰিকল্পিতভাৱে হত্যা কৰা বুলি সন্দেহ কৰা হৈছে। ব্যৱসায়ীক লেন-দেনৰ বাবেই ব্যৱসায়ীজনক হত্যা কৰা বুলি সন্দেহ কৰা হৈছে। উল্লেখ্য যে কালি নিশা ৯'৩০ বজাত শিৱসাগৰৰ জয়ৰাপাৰ দেওবিল  প্ৰাথমিক বিদ্যালয়ৰ সমীপত সংঘটিত হৈছিল এক ৰহস্যজনক পথ দুৰ্ঘটনা। গণিৰ তিনি বন্ধু লাকুৱাৰ কংকন বৰগোঁহাই , প্ৰকাশ বৰগোঁহাই আৰু বিশ্বজিৎ বৰাৰ লগত পথৰ দাঁতিত বহি কথা পাতি থকা অৱস্থাতে এখন অচিনাক্ত বাহনে খুন্দিয়াই আব্দুল গণিক। কিন্তু লক্ষ্যণীয়ভাবে তিনি বন্ধু কিঞ্চিতো আঘাতপ্ৰাপ্ত নোহোৱাৰ বিপৰীতে মূৰ , পেট আৰু ভৰিত আঘাত পাই আব্দুল গণিয়ে । গুৰুতৰভাবে আঘাত প্ৰাপ্ত আব্দুল গণিৰ ঘটনাস্থলীতে মৃত্যু হয়। ইফালে দূৰ্ঘটনা সংঘটিত কৰি বাহনখনে নিৰ্বিঘ্নে পলাই যাবলৈ সক্ষম হোৱাৰ লগতে ঘটনাস্থলীত উপস্থিত থকা তিনি বন্ধুৱে কি গাড়ীয়ে দূৰ্ঘটনাতো সংঘটিত কৰিলে সেয়াও নাজানো বুলি কোৱাত জনসাধাৰণৰ ম

বিপদজনক অৱস্থাত নাজিৰাৰ সত্তৰ দশকতে নিৰ্মাণ হোৱা দিখৌ দলং*

Image
*বিপদজনক অৱস্থাত নাজিৰাৰ সত্তৰ দশকতে নিৰ্মাণ হোৱা দিখৌ দলং* নাজিৰাৰ দিখৌৰ দলং প্ৰায় ৭০ দশকতে নিৰ্মাণ হৈছিল ৷ সম্প্ৰতি দলং খনৰ ওপৰত বিপদজনক ভাবে ওলাই আছে ৰড্‌ লগতে দ দ গাঁতৰ দৰে হ'ব ধৰিছে ৷ ফলত দিখৌৰ দলঙেৰে যাতায়াত কৰোতে প্ৰায়েই দুৰ্ঘটনা সংঘটিত হয় ৷ অ'এন জি চিৰ বুজন পৰিমাণৰ গাড়ীৰ লগতে শিল-কয়লা পৰিবাহী গধুৰ গধুৰ যানবাহন দৈনিক চলাচল কৰে নাজিৰা দিখৌ দলংৰ ওপৰেদি ৷ ধোদৰ আলিৰ ওপৰত থকা উক্ত দলংখন গড়কাপ্তানি বিভাগে  মেৰামতি কৰে যদিও পুনৰ শোচনীয় হৈ পৰে ৷ কোনো স্থায়ী সমাধান সূত্ৰ আজিলৈকে উলিওৱা দেখা পোৱা নাই,  কোনো মন্ত্ৰীৰ আগমনৰ খবৰ পাই কেতিয়াবা মাটি দি দলঙৰ গাঁত আৰু বিপদজনক ভাবে ওলাই থকা ৰড্‌ সমূহ লুকুৱাই দায়িত্ব সামৰে বিভাগীয় কৰ্তৃপক্ষই | ৰং-তেল দি ওপৰৰ ভাগ দেখনিয়াৰ কৰে যদিও দলংখনৰ উপযুক্ত নিৰ্মাণ নহয় কিয় ? এইয়া ৰাইজৰ প্ৰশ্ন ৷ প্ৰায়ে দল-সংগঠনে দলংখনৰ নিৰ্মাণৰ বাবে আন্দোলন কৰে ৷ তথাপিও গা নলৰে বিভাগীয় কৰ্তৃপক্ষৰ ৷ নাজিৰাবাসী ৰাইজে কেতিয়া এখন নতুন দলং পাই তাৰ বাবে আশাৰে বাট চাই আছে পৰিবৰ্তন গামী চৰকাৰৰ পৰা | নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া

নিৰ্বাচনী কাঠামোৰ আধাৰত কোভিড প্ৰতিষেধক প্ৰদান কৰা হ’ব কামৰূপত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা

Image
নিৰ্বাচনী কাঠামোৰ আধাৰত কোভিড প্ৰতিষেধক প্ৰদান কৰা হ’ব কামৰূপত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা।  ৩০ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া।  প্ৰতিষেধক নোলোৱা ব্যক্তি বঞ্চিত হ’ব চৰকাৰী সা-সুবিধাৰ পৰা।    পঙ্কজ নাথ, চাংসাৰি, ১ ছেপ্টেম্বৰঃ  উপযুক্ত ব্যক্তিয়ে কোভিড প্ৰতিষেধক গ্ৰহণ নকৰিলে ভৱিষ্যতে চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হ’ব৷ গতিকে নিৰ্বাচনী কাঠামোৰ আধাৰত তথ্য সংগ্ৰহেৰে জিলাখনৰ সকলো উপযুক্ত লোককে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰক আৰু ছেপ্টেম্বৰ মাহতে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক৷’’– কামৰূপ জিলাত কোভিড প্ৰতিষেধক প্ৰদানৰ স্থিতি সম্পৰ্কত বুজ লোৱাৰ অৰ্থে কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হোৱা এক পৰ্যালোচনা সভাত অংশ লৈ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি এইদৰে কয়৷ সভাত জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এন, জিলা স্বাস্থ্য খণ্ডৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত প্ৰতীম কাঠকটীয়াকে সমগ্ৰ জিলাৰ প্ৰশাসনিক বিষয়াবৰ্গ আৰু স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ লগত কোভিড প্ৰতিষেধক প্ৰদান সম্পৰ্কে বুজ লৈ এই কাৰ্য আৰু অধিক ক্ষিপ্ৰতাৰে সম্পন্ন কৰিবলৈ

কংগ্ৰেছ দলে পাৰিলে “ছােনীয়া গান্ধী তাজমহল”, “ৰাজীৱ গান্ধী কুটুবমিনাৰ” আদিনামকৰণ কৰিব

Image
শতাব্দী প্রাচীন ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্রকৃত নামৰ পুনৰ প্রতিষ্ঠাত অসমবাসী সুখী কংগ্ৰেছ দলে পাৰিলে “ছােনীয়া গান্ধী তাজমহল”, “ৰাজীৱ গান্ধী কুটুবমিনাৰ” আদি নামকৰণ কৰিব গুৱাহাটী, ২ ছেপ্তেম্বৰ, ২০২১ঃ ইংৰাজৰ পিছত কংগ্ৰেছৰৰ কু-শাসনত শােষিত-নিষ্পেষিত হৈ থকা বৃহত্তৰ অসমীয়া জাতিৰ এক অংগ আদিবাসী তথা চাহ জনগােষ্ঠীৰ আর্থ-সামাজিক, শৈক্ষিক, সাংস্কৃতিক আদি প্ৰতিটো ক্ষেত্ৰৰে সৰ্বাংগীন উন্নতিৰ বাবে শক্তিশালী পদক্ষেপ গ্রহণ কৰি অহা ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে অলপতে আয়ােজন কৰা “হামদে মনেৰ কথা” শীর্ষক সন্মিলনীৰ সিদ্ধান্তসমূহক ভাৰতীয় জনতা পার্টি, অসম প্রদেশে আদৰণি জনায়। লগতে ৰাজ্য চৰকাৰৰ শেহতীয়া কেবিনেটে গ্ৰহণ কৰা বহুকেইটা যুগান্তকাৰী সিদ্ধান্তৰ লগতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্রকৃত পূর্ব নাম বাহাল ৰাখিবলৈ লােৱা সিদ্ধান্তকো আদৰণি জনায়। বিজেপিৰ ৰাজ্যিক মুখ্য কার্যালয়ত অনুষ্ঠিত এক সংবাদমেল সম্বােধি দলৰ মুখপাত্র পবিত্র মাৰ্ঘেৰিটাই কয় যে ৰাজ্য বা দেশৰ বিভিন্ন চৰকাৰী আঁচনি, প্রতিষ্ঠান, বাট-পথ আদি বিভিন্ন ক্ষেত্ৰৰ বৰেণ্য ব্যক্তি সকলৰ নামেৰে নামকৰণ কৰিলে সাধাৰণতে জনগণে আ

বৰপেটাত মাত্ৰু বন্দনা সপ্তাহৰ আনুষ্ঠানিক শুভাৰম্ভ

Image
সমাজ কল্যাণৰ চাকৰিক সেৱাৰ সুযোগ হিচাপে গ্ৰহণৰ আহ্বান উপায়ুক্তৰ।                            কঞ্জল দাস, বৰপেটা : সমাজ কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰী সকলে নিজৰ চাকৰিটোক কেৱল চাকৰি হিচাপে নলৈ সমাজ-সেৱাৰ সুযোগ হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালে। আজি বৰপেটা জিলাত "মাত্ৰু বন্দনা সপ্তাহ" আনুষ্ঠানিকভাৱে মুকলি কৰি তেওঁ কয় যে, যেতিয়াই আমি চাকৰি কৰাৰ মনোভাৱ ত্যাগ কৰি সেৱাৰ ভাৱধাৰাৰে কামত মনোনিবেশ কৰো তেতিয়াই সমস্যাৰ সমাধানৰ পথ মুকলি হয় আৰু কামত ভাগৰ নলগা হয়।  আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত অনুষ্ঠানটোৰ আৰম্ভণিতে উপায়ুক্ত গৰাকীয়ে বন্তি প্ৰজ্বলন কৰি এই সপ্তাহজোৰা সজাগতা মূলক কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। উপায়ুক্ত গৰাকীয়ে তেওঁৰ ভাষণত আৰু কয় যে, ২০১৭ চনৰ পৰা আৰম্ভ হোৱা প্ৰধান মন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ অধীনত এগৰাকী মহিলা প্ৰথম গৰ্ভৱতী হোৱাৰ পিছত সন্তান প্ৰসৱ কৰা লৈকে পুষ্টিকৰ খাদ্যৰ বাবদ মুঠ পাঁচ হাজাৰ টকাৰ অৰ্থ সাহায্য লাভ কৰে। তদুপৰি জননী সুৰক্ষা যোজনাৰ অধীনতো প্ৰতি গৰাকী মাতৃয়ে অতিৰিক্ত আৰ্থিক সহায

পথৰ দুৰৱস্থাত ভাঙিল বিয়া।

Image
*পথৰ দুৰৱস্থাত ভাঙিল বিয়া। *এম্বুলেন্স সোমাব নোৱাৰা গাঁওখনৰ পৰা সাঙী‌ কৰি নিব লাগে ৰোগীক* *নলবাৰী সমষ্টিৰপৰা ধৰ্মপুৰ সমষ্টি সংযোগী পথৰ মাজত এতিয়া কেৱল বোকা আৰু বোকা* *পঞ্চায়ত সভানেত্ৰী জোনমনি বৈশ্য তালুকদাৰ নাই কোনো গুৰুত্ব নাই কোনো কানসাৰ* *বিধায়ক জয়ন্ত মল্ল বৰুৱাক কৰযোৰে প্ৰাৰ্থনা স্থানীয় মহিলাসকলৰ*  প্ৰাক নিৰ্বাচনী সময়ত পদুলীয়ে পদূলীয়ে পকী ৰাস্তা-ঘাট নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰে সাধাৰণ ৰাইজৰ মন জয় কৰি ক্ষমতালৈ অহা বিজেপি চৰকাৰে পাহৰিলে নিজৰ পূৰ্বৰ প্ৰতিশ্ৰুতি ।। গেলা-পচা ৰাস্তা-ঘাটে এতিয়া ত্ৰাহি মধুসূদন সুৱৰাইছে সাধাৰণ ৰাইজক ।। বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ গৃহ সমষ্টিৰ নিজ বাহজানি গাঁৱৰ  মণ্ডল চুবুৰীৰপৰা ভেলাখাত হৈ ধৰ্মপুৰ সমষ্টিলৈ যোৱা পথচোৱাৰ পয়ালগা অৱস্থাত এতিয়া যমৰ যন্ত্ৰণা খাইছে গাওঁবাসী আৰু বাটৰুৱাই ।। বোকাময় পথৰ মাজত পেলাই থোৱা নাৰিকল গছৰ টুকুৰা আৰু দীঘল কাঠৰ টুকুৰাৰ ওপৰেৰেই কৰিবলগীয়া হৈছে সাধাৰণ মানুহে যাতায়ত ।। ভাগিছে কেইবাজনীও ছোৱালীৰ বিয়া ।। আনকি ভালেকেইখন বিয়াত কইনাক কাষৰীয়া গাঁৱৰ মানুহৰ ঘৰত নি খুৱাই-ধুৱাইও দিবলগীয়া হৈছে বিয়া ।। নাহে এই ৰাস্তাটোৰে কোন

# নগাঁৱত বাইকৰ খুন্দাত থিতাতে নিহত চাইকেল আৰোহী#

Image
# নগাঁৱত বাইকৰ খুন্দাত থিতাতে নিহত চাইকেল আৰোহী# নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তৰ হাতীপাৰাত বৃহস্পতিবাৰে দুপৰীয়া সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত চাইকেল আৰোহী এজন কিশোৰ থিতাতে নিহত হয় ৷ ঘটনাৰ বিৱৰণী মতে, জুৰীয়াৰ জুকাটি বজাৰ দিশে তীব্ৰ বেগত আহি থকা এ এছ-০২-এ এফ ১১০৯ নম্বৰৰ মটৰ চাইকেলখনে বিপৰীত দিশৰ পৰা আহি থকা এখন চাইকেলত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাত উক্ত দুৰ্ঘটনাটো সংঘটিত হয় ৷ ফলত চাইকেল আৰোহী হুজনুৰ আলম নামৰ ১২ বছৰীয়া কিশোৰজন ঘটনাস্থলীতে নিহত হয় ৷ পিছত ঘটনাৰ খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিহত কিশোৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ইফালে, দুৰ্ঘটনাটো সংঘটিত কৰা মটৰ চাইকেলখনৰ আৰোহী যুবকজনো দুৰ্ঘটনাটোত গুৰুত্বৰভাবে আঘাত পাই বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷ ===================