বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্তকৃষ্ণাইৰ টেপাকোণাঃ চৰকাৰক সদয় হ’বলৈ আহ্বান শীতলা নামতি দলৰ

গোৱালপাৰা জিলাৰ দুধনৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত তথা কৃষ্ণাইৰ মোলানডুবি গাওঁ পঞ্চায়তৰ অধীনস্থ টেপাকোণা এখন অনগ্ৰসৰ গাওঁ ৷ অতি প্ৰাচীন গাওঁখন আজিও বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ৷ প্ৰায় পঞ্চাশটা পৰিয়ালে বসতি কৰি থকা টেপাকোণা গাওঁ খন আজিও বঞ্চিত চৰকাৰী প্ৰায়বোৰ সা সুবিধাৰ পৰা ৷ পিছে , বিভিন্ন সমস্যাত ককবকাই থাকিলেও আধুনিক সমাজ খনৰ স’তে তাল মিলাই চলিবলৈ আগ্ৰহী এই অঞ্চলৰ লোক ৷ বিশেষকৈ মহিলা সকলৰ সামাজিক চেতনা খুবেই প্ৰখৰ ৷ বিভিন্ন সামাজিক কৰ্মত জড়িত টেপাকোণাৰ মহিলা সকলে ইতিমধ্যে জন্ম দিছে শীতলা নামতি দল ৷ গাওঁখনৰ শীতলা মন্দিৰক কেন্দ্ৰ কৰিয়ে গঢ়ি উঠিছে এই নাম দল ৷ শীতলা নামতি দলে নিজ গাঁওখনৰ লগতে জিলাখনৰ বিভিন্ন অঞ্চলত নাম গাই সুনাম অৰ্জন কৰিছে ৷ সহজ সৰল এই মহিলা সকলৰ এটাই আশা টেপাকোণাৰ প্ৰতি  চৰকাৰী পক্ষ সদয় হওক আৰু গাওঁ খনৰ শ্ৰীবৃদ্ধিত সহায় দান কৰক ৷


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা