গড়ৰ খৰ্গ জ্বলাব ৰাজ্য চৰকাৰে

গড়ৰ খৰ্গ জ্বলাব ৰাজ্য চৰকাৰে। ড্ৰাগছৰ পিছত এইবাৰ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে এশিঙীয়া গড়ৰ খৰ্গ জ্বলাবলৈ। ৰাজ্যৰ বিভিন্ন জিলাত থকা কোষাগাৰত দীৰ্ঘদিন ধৰি জমা হৈ আছে প্ৰায় আঢ়ৈ হাজাৰ খৰ্গ । এই খৰ্গ জ্বলাই দিয়াৰ সিদ্ধান্ত লৈছে কেবিনেটে। অৱশ্যে জমা থকা খৰ্গৰ  ৯৪ টা প্ৰদৰ্শনৰ বাবে সংৰক্ষণ কৰিব চৰকাৰে। উল্লেখ্য যে বন বিভাগৰ কৰ্মী তথা অসম আৰক্ষীয়ে বহু সময়ত গড়ৰ চোৰাং বেহাৰ বিৰুদ্ধে চলোৱা অভিযানত জব্দ হৈছিল এই খৰ্গসমূহ । যিসমূহ কোষাগাৰসমূহত পৰিত্যক্ত হৈ আছে। তাৰোপৰি গড়ৰ খৰ্গৰ ক্ষেত্ৰত থকা অন্ধবিশ্বাসৰ বিৰুদ্ধে এক বাৰ্তা দিয়াৰ বাবেই চৰকাৰে জ্বলাব লোৱস বুলিও একাংশই সন্দেহ প্ৰকাশ কৰিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা