হাতীচোং মহাবিদ্যালয়ত শিক্ষক দিৱস উদ্‌যাপন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৬ ছেপ্টেম্বৰঃ দেশৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁৱৰ বৃহত্তৰ হাতীচোং আৰু জাজৰি অঞ্চলৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান হাতীচোং মহাবিদ্যালয়তো ৬০ তম শিক্ষক দিৱসটি উলহ মালহেৰে উদ্‌যাপন কৰা হয় । মহাবিদ্যালয়খনিৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু ছাত্ৰ একতা সভাৰ যৌথ উদ্যোগত অতি গাম্ভীৰ্যপূৰ্ণ ভাবে অনুস্থিত কৰা হয় শিক্ষক দিৱসটি ৷ এই মৰ্মে অনুষ্ঠিত অনুস্থানত মহাবিদ্যালয়খনিৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক মৃণাল বৰুৱাই শিক্ষক দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি আদৰণি ভাষণ আগবঢ়ায় । ছাত্ৰ একতা সভাৰ আন এগৰাকী প্ৰাক্তন সাধাৰণ সম্পাদক বিমান হাজৰিকাই আঁত ধৰা উক্ত অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ ফালৰ পৰা অধ্যক্ষকে প্ৰমূখ্য কৰি অন্যান্য শিক্ষাগুৰুসকলক একোখনকৈ ফুলাম গামোচা আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ।অনুষ্ঠানটিত মহাবিদ্যালয়খনিৰ অধ্যক্ষ লুইত হাজৰিকা, ইংৰাজী বিভাগৰ প্ৰবক্তা নেকিবুৰ ৰহমান, প্ৰণতি বৰা আদিয়ে অতি সাৰুৱা আৰু তত্ত্বগধুৰ বক্তব্যৰে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰি আশিৰ্বাদ প্ৰদান কৰে ।
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা