গুৱাহাটী প্ৰেছ ক্লাৱত, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,নলবাৰী জিলা সমিতিৰ উদ্যোগত বোলছবি তথা ভ্ৰাম্যমাণ নাট্য জগতৰ যশস্বী অভিনেতা নিপন গোস্বামীক প্ৰদান কৰা হল ২০২১ বৰ্ষৰ ভবেন বৰুৱা বঁটা।

অসমৰ প্ৰতিজন নাট্যৰসিক,পেচাদাৰী,অপেচাদাৰী নাট্যক্ষেত্ৰৰ স'তে জড়িত শিল্পী,কলা-কুশলী দৰ্শকৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা ভ্ৰাম্যমাণ নাট্য জগতৰ স্বনামধন্য নাট্য শিল্পী ভবেন বৰুৱা দেৱৰ স্মৃতি যুগমীয়া কৰাৰ হেপাহেৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,নলবাৰী জিলা সমিতিয়ে ২০০৯ ইং বৰ্ষৰ পৰা নলবাৰীত ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতা আৰু অসমৰ নাট্য ক্ষেত্ৰত বিশিষ্ট বৰঙণি আগবঢ়োৱা একো গৰাকী নাট্য শিল্পীক ভবেন বৰুৱা বঁটা প্ৰদান কৰি আহিছে।পৰিষদৰ এই যাত্ৰাত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বিস্তৃত এলেকাৰ বিভিন্ন নাট্য দলৰ যোগদানে শিশু নাট প্ৰতিযোগিতাখনক এক বিশেষ মৰ্য্যদা প্ৰদান কৰাটো সৰ্বজনবিদিত।আজি গুৱাহাটী প্ৰেছ ক্লাৱত ২০২১ বৰ্ষৰ ভবেন বৰুৱা বঁটা প্ৰদান কৰা হয় অসমীয়া চলচিত্ৰ তথা ভ্ৰাম্যমাণ নাট্য জগতৰ যশস্বী অভিনেতা নিপন গোস্বামী দেৱক।পৰিষদৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক কৌশিক বৰ্মনে আঁতধৰা আৰু সভাপতি পাৰ্থপ্ৰতীম শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানটোত ভবেন বৰুৱা দেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পন কৰে ক্ৰমে নৰ্থ ইষ্ট কেন্সাৰ হস্পিতাল,সোনাপুৰৰ অধ্যক্ষ গনেশ তামুলী আৰু বৃন্দাবন থিয়েটাৰৰ প্ৰযোজক গনেশ ৰায় মেধিয়ে(বংকিম)।উক্ত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি ভাষন আগবঢ়াই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা কমল ভড়ালী,সভাপতি ৰাণা প্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমাই আৰু বিশিষ্ট সাংবাদিক তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াই।শিল্পীজনাৰ নাট্য প্ৰতিভাক চিৰস্মৰণীয় কৰাৰ প্ৰয়াসৰ বাবে যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে ইতিমধ্যেই ২০০৯ ইং বৰ্ষত বিশিষ্ট নাট পৰিচালক,সুদক্ষ অভিনেতা দুলাল ৰয়,২০১০ ইং বৰ্ষত গুৰুজী আদ্য শৰ্মা,২০১১ ইং বৰ্ষত বিশিষ্ট অভিনেতা বিজু ফুকন,২০১২ ইং বৰ্ষত বিশিষ্ট অভিনেতা নিলু চক্ৰবৰ্ত্তী,২০১৩ ইং বৰ্ষত বিশিষ্ট নাট্য শিল্পী মহানন্দ শৰ্মা,২০১৪ ইং বৰ্ষত বিশিষ্ট অভিনেতা জীৱেশ্বৰ ডেকা,২০১৫ ইং বৰ্ষত ভ্ৰাম্যমাণৰ মহীৰূহ অচ্যুত লহকৰ,২০১৬ ইং বৰ্ষত মঞ্চসূৰ্য,সংগীত নাটক অকাডেমী   প্ৰাপ্ত ধৰণী বৰ্মন,২০১৭ ইং বৰ্ষত ভ্ৰাম্যমাণ নাট্য জগতৰ বিশিষ্ট নাট্যকাৰ,অভিনেতা,পৰিচালক,গীতিকাৰ হেমন্ত দত্ত,২০১৮ ইং বৰ্ষত বিশিষ্ট অভিনেত্ৰী বিদ্যা ৰাওঁ,২০১৯ বৰ্ষত বিশিষ্ট নাট্যকাৰ পৰিচালক দাৰা আহমেদ,২০২০ বৰ্ষত বিশিষ্ট অভিনেতা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যক "ভবেন বৰুৱা বঁটা" প্ৰদান কৰিছে।এই বঁটাত আছে এখনি ফুলাম গামোচা,নগদ ১০০০০ টকা,এখনি চেলেং চাদৰ,এটি ফুলাম জাপি, এখন মানপত্ৰ,পিতলৰ শৰাই,এটি কাঠৰ গড় আৰু পৰিষদৰ স্মাৰক। উল্লেখ্য যে কোভিড পৰিস্থিতিৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ ত্ৰয়োদশ বাৰ্ষিক ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতা বাতিল কৰা হৈছে।

নলবাৰী পৰা শংকৰ দাস ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা