কৰ’নাত আক্ৰান্ত বিশিষ্ট সাহিত্য সমালোচক, শিক্ষাবিদ প্ৰভাত বৰা

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১ ছেপ্টেম্বৰঃ অসমৰ বিশিষ্ট সাহিত্য- সমালোচক তথা শিক্ষাবিদ প্ৰভাত বৰা সম্প্ৰতি কভিড-১৯ আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে। প্ৰায় দহ দিন ধৰি জ্বৰ-পানীলগা ৰোগত সাধাৰণ ভাৱে আক্ৰান্ত হোৱা বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে সোমবাৰে পুৱাৰ ভাগত কিছু পৰিমাণে উশাহ-নিশাহত কষ্ট অনুভৱ কৰে। লগে লগে নগাঁও চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন কৰা হয় যদিও চিকিৎসকে তেখেতৰ স্বাস্থ্যৰ জটিলতাৰ প্ৰতি লক্ষ্য ৰাখি উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি সাহিত্য সমালোচক গৰাকীক গুৱাহাটীৰ এপ'লো হাস্পতালৰ কভিড আই চি ইউ ৱাৰ্ডত চিকিৎসাধীন কৰা হয়। চিকিৎসালয়ৰ সুত্ৰই প্ৰকাশ কৰা মতে, বৰ্তমান অধ্যাপক প্ৰভাত বৰাৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ আৰু প্ৰয়োজনীয় সকলো চিকিৎসা সেৱা আগবঢ়োৱা হৈছে ৷ ইফালে, বিশিষ্ট শিক্ষাবিদ গৰাকীক মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰিত কৰি তাতে চিকিৎসা প্ৰদান কৰি থকা হৈছে। উল্লেখযোগ্য যে, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰভাত বৰাৰ অসুস্থতাৰ বাতৰি বিয়পি পৰাত ৰাজ্যখনৰ বৌদ্ধিক মহলৰ উপৰিও তেওঁৰ অসংখ্য গুণমুগ্ধই আশু আৰোগ্য কামনা কৰিছে।
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা