কংগ্ৰেছ দলে পাৰিলে “ছােনীয়া গান্ধী তাজমহল”, “ৰাজীৱ গান্ধী কুটুবমিনাৰ” আদিনামকৰণ কৰিব

শতাব্দী প্রাচীন ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্রকৃত নামৰ পুনৰ প্রতিষ্ঠাত অসমবাসী সুখী
কংগ্ৰেছ দলে পাৰিলে “ছােনীয়া গান্ধী তাজমহল”, “ৰাজীৱ গান্ধী কুটুবমিনাৰ” আদি
নামকৰণ কৰিব

গুৱাহাটী, ২ ছেপ্তেম্বৰ, ২০২১ঃ ইংৰাজৰ পিছত কংগ্ৰেছৰৰ কু-শাসনত শােষিত-নিষ্পেষিত হৈ থকা বৃহত্তৰ অসমীয়া
জাতিৰ এক অংগ আদিবাসী তথা চাহ জনগােষ্ঠীৰ আর্থ-সামাজিক, শৈক্ষিক, সাংস্কৃতিক আদি প্ৰতিটো ক্ষেত্ৰৰে সৰ্বাংগীন
উন্নতিৰ বাবে শক্তিশালী পদক্ষেপ গ্রহণ কৰি অহা ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে অলপতে আয়ােজন কৰা “হামদে মনেৰ কথা” শীর্ষক সন্মিলনীৰ সিদ্ধান্তসমূহক ভাৰতীয় জনতা পার্টি, অসম প্রদেশে আদৰণি জনায়। লগতে ৰাজ্য চৰকাৰৰ শেহতীয়া কেবিনেটে গ্ৰহণ কৰা বহুকেইটা যুগান্তকাৰী সিদ্ধান্তৰ লগতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্রকৃত পূর্ব নাম বাহাল ৰাখিবলৈ লােৱা সিদ্ধান্তকো আদৰণি জনায়। বিজেপিৰ ৰাজ্যিক মুখ্য কার্যালয়ত অনুষ্ঠিত এক সংবাদমেল সম্বােধি দলৰ মুখপাত্র পবিত্র মাৰ্ঘেৰিটাই কয় যে ৰাজ্য বা দেশৰ বিভিন্ন চৰকাৰী আঁচনি, প্রতিষ্ঠান, বাট-পথ আদি বিভিন্ন ক্ষেত্ৰৰ বৰেণ্য ব্যক্তি সকলৰ নামেৰে নামকৰণ কৰিলে সাধাৰণতে জনগণে আদৰি
লয়; কিন্তু সমগ্ৰ ৰাষ্ট্রৰ প্ৰায়েই সকলােবােৰ বাট-পথ, প্রতিষ্ঠান একেটা পৰিয়ালৰ নামত উৎসগা কৰাটো কোনেও মানি
ল'ব নােৱাৰে। কংগ্ৰেছ দলে পৰা হ'লে “ছােনীয়া গান্ধী তাজমহল”, “ৰাজীৱ গান্ধী কুটুমিনাৰ” আদি নামকৰণ কৰিলেহেঁতেন। এনে নামকৰণ দেশবাসীয়ে যিদৰে নিবিচাৰে, শতাব্দী প্রাচীন কাজিৰঙা, মানহ বা ওৰাঙৰ নামাে ভূতপূর্ব প্রধানমন্ত্রী প্রয়াত ৰাজীৱ গান্ধীৰ নামত হােৱাটো অসমবাসীয়ে কেতিয়াও নিবিচাৰে পূর্বেকংগ্ৰেছে বলপূর্বকভাৱে কৰা এই দুষ্কাৰ্যৰ বিৰােধীতা কেৱল আদিবাসী বা চাহ জনগােষ্ঠীয় সমাজেই নহয় বৃহত্তৰ অসমীয়া সমাজে কৰি
আহিছিল। আনকি, ৰাজ্য চৰকাৰৰ পৃষ্ঠপােষকতাত অলপতে হৈ যােৱা “হামদে মনেৰ কথা” শীর্ষক সন্মিলনীতাে আদিবাসী তথা চাহ জনগােষ্ঠীয় বুদ্ধিজীবি, শিক্ষাবিদ, ৰাজনৈতিক-অৰাজনৈতিক নেতা, ছাত্র সমাজ, শিল্পী-সাহিত্যিক, শ্রমিক নেতাসকলে একেমুখে ৰাজ্য চৰকাৰক ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্রকৃত ঐতিহাসিক নাম বাহাল ৰাখিবলৈ সবল আহ্বান জনাইছিল। ড০ হিমন্ত বিশ্ব শৰ্মাদেৱ নেতৃত্বধীন ৰাজ্য চৰকাৰৰ কেবিনেটে অৱশেষত জনগণে বিচৰা সিদ্ধান্ত গ্রহণ কৰি এক ঐতিহাসিক ভুলৰ শুধৰণি কৰিলে।
সংবাদমেলখনত মুখপাত্র পবিত্র মাৰ্ঘেৰিটাই কয় যে এই সিদ্ধান্তক সমগ্ৰ অসমবাসীয়ে আদৰণি জনােৱাৰ বিপৰীতে সাংসদ গৌৰৱ গগৈ তথা মুষ্টিমেয় কেইগৰাকীমান গান্ধী পৰিয়াল তােষামােদকাৰী কংগ্রেছীয়ে বিৰােধীতা কৰাটো আশ্চর্যজনক, লজ্জাজনক। বংশানুক্রম উত্তৰাধিকাৰীসূত্রে ৰাজনৈতিক নেতা হােৱা গৌৰৱ গগৈৰ দৰে ব্যক্তিৰ পৰা অৱশ্যে ইয়াতকৈ বেছি আশাও কৰিব নােৱাৰি। চাহাবে পূর্বেও চাহ বাগিচাৰ খাটি খােৱা শ্রমজীৱিকৃষিজীৱি লােকৰ মর্মবেদনা বুজি পােৱা নাছিল, স্বাভিমানক সন্মান কৰা নাছিল। প্রণিধানযােগ্য যে, ঐতিহ্যমণ্ডিত কলিয়াবৰ লােকসভা সমষ্টিৰ দেৰগাঁও, খুমটাই, গােলাঘাট, বােকাখাত, সৰুপথাৰ আদি সমষ্টিৰ লগতে বাকী সমষ্টিৰ খিলঞ্জীয়াৰ প্রভুত্ব থকা প্ৰতিখন গাঁও বা চহৰত গৌৰৱ গগৈয়ে সীমিত সংখ্যক ভােট পাইছিল যদিও মূলতঃ মিঞা অধ্যুষিত ধিং
আৰু ৰূপহীহাট সমষ্টিৰ ৮০শতাংশ ভােট পাইহে বিগত লােকসভা নির্বাচনত জয়লাভ কৰিছিল। গতিকে শ্ৰীযুত গৌৰৱ গগৈৰদৰে “হঠাৎ সাংসদ নেতাৰ মিঞা প্রীতি আৰু পৰিয়াল বন্দনা অতি স্বাভাৱিক।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা