বিধায়ক শশীকান্ত দাসক বিশেষ সম্বৰ্ধনা শংকৰদেৱ সংঘৰ পুৰুষোত্তম আঞ্চলিকৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৪ ছেপ্টেম্বৰঃ উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পুৰুষোত্তম আঞ্চলিক শাখাই ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসক শনিবাৰে বিধায়কগৰাকীৰ নগাঁৱৰ বেবেজীয়াৰ সমীপৰ ডিমৌ চাৰিআলিস্থিত নিজা বাসভৱনত সম্বৰ্ধনা জনায় ৷ এই মৰ্মে, বিশিষ্ট সমাজকৰ্মী তথা পুৰুষোত্তম আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতি ৰাজেন শইকীয়াই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানটিত আঞ্চলিক শাখাটিৰ সভাপতি যোগেন বৰা, সম্পাদক প্ৰদীপ ডেকা, ললিত ডেকা, ৰূপন হাজৰিকা, তুপুল ডেকা, প্ৰদীপ বৰা, নিৰ্জু ডেকা, হিমান কোঁৱৰকে প্ৰমুখ্য কৰি আঞ্চলিক শাখাটিৰ বিষয়-ববীয়াসকলে শৰাই, চেলেং, ফুলাম গামোচা আদিৰে বিধায়কগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ সম্বৰ্ধনা গ্ৰহন কৰি বিধায়কগৰাকীয়ে অসমীয়া জাতিৰ ভেটি নিৰ্মাতা তথা প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ, সৰ্বোত্তম ধৰ্মগুৰু বুলি উল্লেখ কৰি অনন্য প্ৰতিভাসম্পন্ন মহাপুৰুষ গুৰুজনাই অসমৰ ভাষা, সাহিত্য, কলা, সংস্কৃতিৰ সকলো দিশতে এক অভূতপূৰ্ব অৱদান আগবঢ়াই জাতীয় জীৱন যুগ-যুগান্তৰলৈ গৌৰাৱাম্বিত কৰি থৈ গৈছে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ তদুপৰি বিধায়কগৰাকীয়ে পুৰুষোত্তম আঞ্চলিক শাখাৰ বিভিন্ন অভাৱ-অভিযোগৰ বুজ লৈ উত্তৰ পেটবহাস্থিত মুখ্য কাৰ্যালয়ৰ মনিকূট গৃহৰ নিৰ্মাণৰ বাবে পাঁচ লাখ টকা আগবঢ়োৱাৰ লগতে পৰ্যায়ক্ৰমে অনুষ্ঠানটি জাকত-জিলিকাকৈ গঢ়ি তোলাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই যোৱাৰ আশ্বাস প্ৰদান কৰে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা