সদৌ অসম উন্নয়ন পৰিষদৰ জনজাগৰন সভা

পঙ্কজ নাথ, চাংসাৰি, ৫ ছেপ্তেম্বৰ :

গুৱাহাটীৰ ৰুক্মিনীনগৰৰ প্ৰেক্ষাগৃহত সদৌ অসম উন্নয়ন পৰিষদৰ এখন "জনজাগৰন সভা " কালি শণিবাৰে অনুস্হিত হৈ যায় । উক্ত সভাত বিভিন্ন সমস্যাৰ ওঁপৰত অালোচনা কৰা হয় । তাৰে ভিতৰত 
(১) নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰা ।
(২) চুবুৰীয়া ৰাজ্যৰ লগত সীমা সমস্যাৰ স্হায়ী সমাধান কৰা
(৩) অাৰ্থ সামাজিক উন্নয়নৰ জৰিয়তে নতুন প্ৰজন্মৰ মাজত কৰ্মসংস্কৃতি গঢ়ি তোলা
(৪) নতুন প্ৰজন্মক ড্ৰাগছ,গুটখা,তীৰৰ কৱলৰ পৰা মুক্ত কৰা 
(৫) কভিড কালীন পৰিস্হিতিত অাৰ্থিকভাৱে ক্ষতিগ্ৰস্ত লোকসকলক অাৰ্থিক সাহায্য প্ৰদান কৰা আদি। কেন্দ্ৰীয় সমিতিৰ সভাপতি মৌচুম কুমাৰ উজীৰৰ সভাপতিত্বতত অনুস্হিত হোৱা কালিৰ সভাত ভাৰতীয় পৰ্বাতাৰোহী -পদ্মশ্ৰী বটা প্ৰাপ্ত অাণ্ষু জামছেম্পাক সম্বৰ্ধনা জনোৱা হয় । কালিৰ সভাতে গুৱাহাটী মহানগৰ সমিতিৰ প্ৰাক্তন সভাপতি ভাস্কৰজ্যোতি পামেগামক কেন্দ্ৰীয় সাংগঠনিক সম্পাদক,ধুবুৰী জিলাৰ কৌশিক ৰায়ক সহ:সম্পাদক ,কৌশিক বৰাক গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি,মৃগাংক দেউৰীক সহ:সম্পাদক দায়িত্ব প্ৰদান কৰা হয় । ইয়াৰ লগতে ভালেমান সদস্যই কালি সভাতে উন্নয়ন পৰিষদত যোগদান কৰে । কালিৰ জনজাগৰণ সভাত কেন্দ্ৰীয় সভাপতি মৌচুম কুমাৰ উজীৰ,সাধাৰন সম্পাদক চন্দন বৰদলৈ,সম্পাদক জয়ন্ত গগৈ উপস্হিত অছিল বুলি জানিব পৰা গৈছে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা