ড্ৰাগছ বিক্রেতাৰ পিছত এতিয়া ড্ৰাগছ সেৱনকাৰীৰ বিৰুদ্ধে সজাগ মৈৰাবাৰী আৰক্ষী

ড্ৰাগছ বিক্রেতাৰ পিছত এতিয়া ড্ৰাগছ সেৱনকাৰীৰ বিৰুদ্ধে সজাগ মৈৰাবাৰী আৰক্ষী।
মৈৰাবাৰী আৰক্ষী বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত এতিয়া চলিছে কালৰূপী ড্ৰাগছৰ বিৰুদ্ধে অভিযান।

মৈৰাবাৰী বজাৰৰ কালি-মন্দিৰ কলনীৰ পৰা দুজন ড্ৰাগছ ব্যৱসায়িক আটক কৰিবলৈ সক্ষম হয় মৈৰাবাৰী আৰক্ষী।


ইকবাল হুছেইন আৰু কৃষ্ণ মণ্ডল নামৰ দুজনক আটক কৰে মৈৰাবাৰী আৰক্ষীয়ে।

ইয়াৰে কৃষ্ণ মণ্ডল আৰু কেবাবাৰো ড্ৰাগছৰ ব্যৱসায়ৰ বাবে জেল হাজোতলৈ যোৱা বুলি ৰাইজে ব্যক্ত কৰে।
মৈৰাবাৰী আৰক্ষী বিষয়া মৃদুল হাজৰিকাই ড্ৰাগছৰ বিৰুদ্ধে আৰু অধিক কঠোৰ হোৱাৰ কথাও ব্যক্ত কৰে।

যুৱ সমাজক পংগু কৰা এই ড্ৰাগছৰ বিৰুদ্ধে ৰাইজ আৰু প্ৰশাসন একেলগে মিলি কাম কৰি আগুৱাই যাবলৈ আৰক্ষী বিষয়া জনে ব্যক্ত কৰে।

মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা