জেষ্ঠ সাংবাদিক মনজিত বৰাক শ্বহীদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী বঁটা প্ৰদান

*জেষ্ঠ সাংবাদিক মনজিত বৰাক শ্বহীদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী বঁটা প্ৰদান*
আমাৰ চিঞৰ শিৱসাগৰ: শিৱসাগৰ প্ৰেছ ক্লাৱত কভিড নীতি-নিয়যৰ মাজেৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জেষ্ঠ সাংবাদিক, অসম আদিত্য বাতৰি কাকতৰ কাৰ্যবাহী সম্পাদক মনজিত বৰাক শ্বহীদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী বঁটা প্ৰদান কৰা হয়।সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত প্ৰদান কৰি অহা এই বঁটা ২০১২১ বৰ্ষৰ বাবে আজি জেষ্ঠ সাংবাদিক মনজিত বৰাক প্ৰদান কৰে।শিৱসাগৰৰ সমাজকৰ্মী এম.আই.বড়াৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত শিৱসাগৰৰ জেষ্ঠ সাংবাদিক এনামুদ্দিন আহমেদ,শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ সভাপতি ভৈৰৱ মুণ্ডা, ঐক্য সেনাৰ ফৰিদ ইছলাম হাজৰিকা আৰু এজেৱাইচিপিৰ উপদেষ্টা জয়সূৰ্য বৰাই বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে। ছাত্ৰ সংগঠনটোৰ তৰফৰ পৰা মনজিত বৰাক সম্বৰ্ধনা পত্ৰৰ লগতে গামোচা, জাপি,চেলং চাদৰ,সঁফুৰাৰে উৰুলি ধ্বনিৰ মাজৰে বঁটা প্ৰদান কৰা হয়।
বঁটা গ্ৰহণ কৰি জেষ্ঠ সাংবাদিক গৰাকীয়ে কেতবোৰ তাৎপৰ্যপূৰ্ণ বিষয় উল্লেখ কৰি কয় যে-সাংবাদিকতাৰ বাবে বহু অজান শত্ৰু আছে।কিন্তু সমাজক গতি প্ৰদান কৰাৰ স্বাৰ্থত আমি আমাৰ কাম কৰি যাবলৈ বাধ্য।
এতিয়া সময় সলনি হৈছে এক সাম্প্ৰদায়িক পৰিৱেশৰ সৃষ্টি।
বিভেদৰ বীজ সিঁচা হৈছে।এই বীজ এচাম স্বাৰ্থলোভীয়ে পেচাগত কাৰণত বিয়পাইছে।
এই কথাবোৰ ৰাইজে বুজিব লাগিব আৰু ৰাইজে বুজিছে।তথাপিও একাংশ এই সোঁতত উঁটি গৈছে। এই বিষয় সমূহক লৈ আমি অধিক সজাগ হ'ব লাগিব।আৰু ইয়াতে এজন সাংবাদিকৰ দায়িত্ব বাঢ়ে। শ্বহীদ সাংবাদিক কেৱল এজন সাংবাদিক নাছিল। আধুনিক দিখৌমুখৰ নিৰ্মাতা শইকীয়া এজন শিক্ষা সংস্কাৰক,শিক্ষাবিদ, স্বাধীনতা সংগ্ৰামী আৰু সংস্কাৰক আছিল। পৰৱৰ্তী সময়ত কলমৰ মাধ্যমেৰে সমাজৰ অপশক্তি সমূহক চিনাক্ত কৰি এই সমূহৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল।যাৰ বাবে এচামে নিজ স্বাৰ্থত বাধা পোৱাৰ বাবে তেওঁক হত্যা কৰিছিল। আজি এই কথা স্পষ্ট হৈ পৰিল যে আলফাই তেওঁক হত্যা কৰিলে। সৌ সিদিনা পৰেশ বৰুৱাই স্বীকাৰ কৰিলে যে কমলা শইকীয়াক হত্যা কৰাৰ সময়ত অৰবিন্দ ৰাজখোৱা আলফাৰ সেনাধক্ষ্যৰ দায়িত্বত আছিল। এই হত্যাৰ বাবে অৰবিন্দ ৰাজখোৱাক জেৰা কৰিব লাগে যিটো আজিলৈকে কৰা নাই। সেই সময়ত তেওঁৰ হত্যাৰ অনুসন্ধান কৰা আৰক্ষী বিষয়া সকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব লাগে।
আজিলৈকে বহু সাংবাদিকক হত্যা কৰা হ'ল। কিন্তু এটা হত্যাকাণ্ডৰো আইনী বিচাৰ নহল।গুৱাহাটী  মহানগৰৰ জনবহুল ঠাইত পৰাগ দাসক হত্যা কৰাৰ পাছতো আজিলৈকে সেই হত্যাৰ বিচাৰ নহল। আচলতে চৰকাৰৰ প্ৰতাৰণাৰ বাবে এই সমূহৰ বিচাৰ নহয়। আৰক্ষীৰ বিফলতা আৰু দুৰ্নীতিৰ বাবে এনে সমূহৰ বিচাৰ নহয়।কলিতা ছাত্ৰ সন্থাই কমলা শইকীয়াৰ হত্যাৰ বিচাৰৰ এক দৃঢ় পদক্ষেপ লৈ তেওঁক ন্যায় প্ৰদানৰ বাবে আহবান জনায়।আজিৰ বঁটা প্ৰদান অনুষ্ঠানত সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ নেতা-সদস্যৰ লগতে বহু গন্যমান্য ব্যক্তি উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা