নগাঁৱত এসপ্তাহে সন্ধান নাই তিনি সন্তানৰ পিতৃৰ≈≈দুঃশ্চিন্তাত পত্নী-পুত্ৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ হয়বৰগাঁও নগৰ আৰক্ষী চকীৰ এলেকাধীন টকৌবাৰীৰ ষাঠি বছৰীয়া এজন লোক এসপ্তাহ ধৰি সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ নিৰুদ্দিষ্ট লোকজনৰ নাম হৈছে মোহন কাকতি ৷ আচলতে, যোৱা ২৭ আগষ্টৰ দিনা পুৱাৰ ভাগত কিবা কামত ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা ৰহস্যজনকভাবে সন্ধানহীন হৈ আছে লোকজন । অৱশ্যে বিগত দিনকেইটাত পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ লগতে সম্ভাব্য সকলো ঠাইতে বিচাৰ-খোচাৰ কৰিছে যদিও আজিকোপতি লোকজনৰ কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই । সেয়ে এনেদৰে হঠাতে লোকজন নিখোজ হৈ পৰাত তেওঁৰ পত্নীৰ লগতে দুই বিবাহিতা কন্যা আৰু একমাত্ৰ পুত্ৰ সন্তান গভীৰ চিন্তাত মানসিকভাবে ভাগি পৰিছে ৷ ইফালে, স্বামীক বিচাৰি নাপাই উপায়হীন হৈ লোকজনৰ পত্নী মিনতি কাকতিয়ে ইতিমধ্যে নিৰুদ্দেশ সন্দৰ্ভত হয়বৰগাঁও নগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে । সেয়ে কোনো ব্যক্তিয়ে যদি লোকজনৰ কিবা সম্ভেদ পায় তেন্তে ওচৰৰ আৰক্ষী থানা নাইবা ৭০৮৬৫-৪১৩৪১ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে লোকজনৰ পত্নী-পুত্ৰই ৷
=================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা