নগাঁৱৰ কঠীয়াতলীত গাঞ্জাসহ দুজন লোক ধৃত

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩ ছেপ্টেম্বৰঃ সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাটো নিচাযুক্ত সমগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ মাৰাথন অভিযান অব্যাহত থকাৰ সময়তে জিলাখনৰ কঠীয়াতলীত শুকুৰবাৰে আৰক্ষীয়ে চলোৱা এক অভিযানত এক কেজি তিনিশ গ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত খবৰ মতে, এক গোপন সুত্ৰৰ ভিত্তিত কঠীয়াতলী আৰক্ষীয়ে কঠীয়াতলীত নাকা তালাচী চলাই কচুৱাৰ পৰা চেপন অভিমুখী এখন ট্ৰেভেলাৰৰ পৰা উক্ত গাঞ্জাখিনি জব্দ কৰাৰ লগতে দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত সৰবৰাহকাৰী দুটা হৈছে কচুৱাৰ জুৰিপাৰৰ হজৰত আলি (৪৫) আৰু মন্নাচ আলি (৩৫) । সম্প্ৰতি ধৃত সৰবৰাহকাৰী দুটাক অধিক তথ্য লাভৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে আছে বুলি জানিব পৰা গৈছে

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা