ৰাজ্যৰ বিভিন্ন প্ৰান্তাৰ লগতে হোজাই জিলা লামডিংত নেপালী সম্প্ৰদায়ৰ তীজ পূজা পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তাৰ লগতে হোজাই জিলা লামডিংত নেপালী সন্পদায়ৰ তীজ পূজা পালন কৰা হয় ৷

হোজাই জিলা লামডিং খাঙাৰগাওঁ গোৰ্খা ক্লাৱৰ উদোগত নেপালী সন্পদায়ৰ পৰম্পৰা ৰক্ষা কৰি এক ব্যতিক্ৰমী পূজা আৰু এই পূজাৰ নাম হল তীজ পূজা ৷ নেপালী মহিলা সকলে আমাক জানিব দিয়া মতে ছোৱালী সকলে নিজৰ মনকামণা পূৰণৰ বাবে এই তীজ পূজা কৰে নেপালী সকলে আৰু এই নেপালী সন্পদায়ৰ যুগ যুগ ধৰি চলি অহা তীজ পূজা ৷ এই পূজাত সকলো নিয়ম নীতি মানি নেপালী ঢাক , উৰুলি, শংখধ্বনি, ঘণ্টাৰ শব্দই গুঞ্জৰিত হৈছে পূজাৰ মণ্ডপখনি আৰু এই অসমৰ বিভিন্ন প্ৰান্তাৰ পৰা অহা মহিলা সকলে বিভিন্ন মন্ত্ৰ উচ্চাৰণ কৰা দেখা পোৱা গৈছে ৷ এই পূজা দেখাৰ কাৰণে ব্যস্ত হৈ পৰিছে লামডিং বাসী ৰাইজ৷ ৰাতি ৭ বজাৰ পৰা গীত মাতৰ আধাৰত সংগীতানুষ্ঠান অনুষ্ঠিত হয়।তীজৰ এই অনুষ্ঠানত খাঙাৰগাওঁ অঞ্চলটোৰ নেপালী সন্পদায়ৰ সকলো মহিলা মিলি গীত পৰিবেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। অনুষ্ঠানটো পৰিচালনা কৰে খাঙাৰগাওঁ গোৰ্খা ক্লাৱৰ মহিলা সদস্য সকলে ৷  লামডিংৰ এই  তীজৰ মণ্ডপখিনি ধুনীয়া কৰি সজাই তোলা হৈছে যাৰ বাবে এতিয়া আকৰ্ষিত কৰিছে সকলোকে।

লামড়িৎ পৰা অভিষেক সৰকাৰ প্ৰতিবেদন

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা