মাজুলীলৈ দলং নোহোৱাৰ ৰহস্য

মাজুলীলৈ দলং নোহোৱাৰ ৰহস্য

সকলোৱে বিচাৰিছিল যোৰহাটৰ পৰা মাজুলীলৈ ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং নিৰ্মাণ হ’ব লাগে। মাজুলীক জিলা হিচাপে দাবী কৰাৰ পূৰ্বৰে পৰা দলঙৰ দাবী ৰাইজে উত্থাপন কৰি আহিছিল। কিন্তু দলং নিৰ্মাণৰ পৰিৱৰ্তে ৰাজনীতি চলিল মাজুলীক লৈ। ২০১৬ চনৰ ৯ ছেপ্টেম্বৰত মাজুলীক ৰাজ্যখনৰ ৩৫ নম্বৰ জিলা হিচাপে ঘোষণা কৰা হয়। দলং নিৰ্মাণৰ বাবে সেই সময়ৰ কেন্দ্ৰীয় পথ পৰিবহণ আৰু জাহাজঘাট উন্নয়ন মন্ত্ৰী নীতিন গাডকাৰীয়ে লাখ টকা ব্যয় কৰি হ’লেও দলং হ’ব বুলি ঘোষণা কৰিছিল। ২০১৭ চনৰ ২৯ ডিচেম্বৰত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে সেই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল। তাৰ পৰৱৰ্তী সময়ত ২০২০ৰ ৯ ফেব্ৰুৱাৰীত পুনৰবাৰ দলঙৰ আধাৰশিলা স্থাপন কৰা হৈছিল আৰু প্ৰায় ৯২৫ কোটি টকা ব্যয়ৰে ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখন তিনি বছৰত সম্পূৰ্ণ হ’ব বুলি সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিছিল। মাজুলীৰ পৰা নিমাতী ঘাটলৈ পথৰ দূৰত্ব হয় ১৯ কিলোমিটাৰ। ফেৰী বা মাৰ নাওৰে গ’লে সময় লাগে ১ ঘণ্টা ২৩ মিনিট। সাধাৰণ ৰাইজে কমলাবাৰীৰ পৰা নিমাতীলৈ আহিবলৈ বা মাজুলীৰ পৰা যিকোনো ঠাইৰ পৰা যোৰহাটলৈ আহিবলৈ এই মাৰ নাওসমূহ ব্যৱহাৰ কৰে। বেছিভাগ এটা ইঞ্জিযুক্ত মাৰ নাও বেচৰকাৰী লেচীৰ দ্বাৰা পৰিচালিত। এই লেচীসকল ৰাজনৈতিক নেতা আৰু সত্ৰৰ সত্ৰাধিকাৰসকলৰ আশীৰ্বাদপুষ্ট। মাজুলীৰ সত্ৰাধিকাৰসকলৰ হাত বৰ দীঘল। তেওঁলোক সকলো মিলি এখন দলঙৰ বাবে এটা গণ আন্দোলন গঢ় দিব পাৰিলে হয়, কিন্তু তাকে নকৰি মাজুলীৰ সত্ৰাধিকাৰে ব্ৰহ্মপুত্ৰত পূজা দিয়ে। মানুহক এক অন্ধবিশ্বাসৰ মায়াজালেৰে আছন্ন কৰি ৰাখিব বিচাৰে এই প্ৰভুসকলে। তেওঁলোকৰ প্ৰভুত্ব নোহোৱা হ’ব বুলিয়েই মাজুলীলৈ দলঙৰে সুচল আহ-যাহ নিবিচাৰে সত্ৰাধিকাৰসকলে। তেওঁলোকে বিচৰা মতে, চৰকাৰ বাধ্য হ’লহেঁতেন এখন সেঁতু নিৰ্মাণ কৰিবলৈ। মাজুলীৰ ঐতিহ্য ধৰ্ম আৰু সংস্কৃতিত আঁচোৰ পৰিব বুলিয়েই দলং নিৰ্মাণত বহুতে গোপনে বাধা দি থকাৰ অভিযোগ কোনেও নুই কৰিব নোৱাৰে। ইয়াৰ উপৰি চৰকাৰৰ আভ্যন্তৰীণ জলপৰিবহণ বিভাগটো হৈছে এটা দুৰ্নীতিগ্ৰস্ত বগা হাতী। তেওঁলোকে দৰমহা আৰু কমিচন খোৱাৰ বাহিৰে কোনো কামেই নকৰে অথচ তেওঁলোকৰ ওপৰতে সাধাৰণ ভক্তপ্ৰাণ ৰাইজ আৰু পৰ্যটকসকলৰ জীৱনৰ নিৰাপত্তা থাকে। কমলাবাৰী আৰু নিমাতীঘাটৰ পাৰ ঘাট দুটাৰ ফেৰী ওলাই যোৱা আৰু সোমোৱাৰ ব্যৱস্থা যদি বিজ্ঞানসন্মত হ’লহেঁতেন তেন্তে এনেধৰণৰ বেদনাদায়ক ঘটনা নঘটিলহেঁতেন। একেদৰে আভ্যন্তৰীণ জলপৰিবহণ বিভাগে এই মাৰ নাওসমূহত যাত্ৰীৰ জীৱন ৰক্ষাৰ বাবে থাকিবলগীয়া লাইভ ছেভিং সঁজুলি থকা নিশ্চিত কেতিয়াও নকৰে। বিভাগৰ দুখনকৈ অত্যাধুনিক জাহাজ থকাৰ পিছতো অসুৰক্ষিত মাৰ নাওসমূহ চলি থাকিবলৈ দি জলপৰিবহণ বিভাগে কাৰ লগত বুজাপৰা অব্যাহত ৰাখে সেয়া সকলোৱে বুজে। বিভাগীয় মন্ত্ৰীজনে চকুমুদা কুলিৰ দৰে ভাও জুৰি থকাৰ বাবে আজি নিমাতীঘাট কাণ্ড ঘটিবলৈ পালে। এনে ঘটনা মেদাৰতলীতেই শেষ হ’ব লাগিছিল। কিন্তু নহ’ল। ক্ষমতা দখলৰ ৰাজনীতি আৰু সহজলভ্য ধন ঘটাৰ অশুভ পৰম্পৰাৰ বাবে সৰ্বসাধাৰণ ৰাইজৰ জীৱন এতিয়া পদে পদে বিপন্ন হৈ পৰিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা