নেমু টেঙা আদৰ্শ গাওঁত ভাৰতীয় ষ্টেট বেংকৰ কৃষক সভাঃ

নেমু টেঙা আদৰ্শ গাওঁত ভাৰতীয় ষ্টেট বেংকৰ কৃষক সভাঃ

Oc/vo: গ্ৰাম্য অৰ্থনীতি তথা মহিলা সাৱলীকৰণৰ উদ্দেশ্যে ভাৰতীয় ষ্টেট বেংকে সদ্য স্বীকৃতি প্ৰাপ্ত নেমুটেঙা আদৰ্শ গাওঁত এখনি কৃষক সভাৰ আয়োজন কৰে৷ উল্লেখ্য যে নাহৰকটীয়া চেলেং চুক গাওঁৰ মহিলা সকলে নেমু টেঙাৰ খেটি কৰি নেমু আদৰ্শ গাওঁৰূপে আনুষ্ঠানিক স্বীকৃতি লাভ কৰাৰ পাছতে মহিলা কৃষকসকলক অৰ্থনৈতিক ভাবে ত্বৰান্বিত কৰিবলৈ ষ্টেট বেংকৰ নাহৰকটীয়া শাখাই গোট অনুপাতে ঋণ প্ৰদানৰ কথা ঘোষণা কৰছে৷ ভাৰতীয় ষ্টেট বেংকৰ ডিব্ৰুগড় জিলাৰ আঞ্চলিক প্ৰবন্ধক সমীৰ কান্ত ঝাৰ লগতে 
নাহৰকটীয়া শাখা প্ৰবন্ধক, উপ প্ৰবন্ধক দ্বীপজ্যোতি দেকা, জয়পুৰ উন্নয়ন খণ্ডৰ খণ্ড প্ৰকল্প প্ৰবন্ধক দেবিত আক্কাৰ উপস্থিতিত তথা বিহু সুৰক্ষা সমিতিৰ ৰাজ্যিক সভাপতি বিশ্ব জনীন দত্তৰ পৌৰাহিত্যত প্ৰায় অৰ্ধশতাধিক কৃষিজিৱী মহিলাৰ হৈতে অনুষ্ঠিত সভাত ছ'টা কৃষক গোটক ভাৰতীয় ষ্টেট বেংকৰ একাউণ্ট খুলি পাচবুক প্ৰদান কৰে বেংকে৷ লগতে গোটসমূহলৈ নেমুটেঙা আৰু লিছুৰ পুলিও বিতৰণ কৰা হয়৷ এই সভাতে আঞ্চলিক প্ৰবন্ধক সমীৰ কান্ত ঝাই মহিলা সকলৰ লগতে গাম্য অৰ্থনীতি উন্নয়নৰ বাবে ভাৰতীয় ষ্টেট বেংকে অৰ্থনৈতিক দিশত সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷

Byte1: Regional Manager, SBI Dibrugarh

Byte2: Bisho janin dutta

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা